• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণীৰ মানুহে পৰাধীনতাৰ আতংকত ভুগিছে’

খাইৰুল আলম by খাইৰুল আলম
August 15, 2023 1:42 pm
365
VIEWS
Share on FacebookShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে লেখক-সাংবাদিক খাইৰুল আলমে-

প্ৰশ্ন:  স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি  এক অস্বাভাবিক সংকটৰ গৰাহত।  এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?

উত্তৰ:  স্বাধীনতাৰ ৭৬ বছৰ পিছতো নাগৰিকসকলক ধৰ্মৰ দৰে অলাগতীয়াল আৰু ব্যক্তিগত বিশ্বাসৰ নামত ধৰ্মদণ্ডী শাসক বিজেপিয়ে ভাগ ভাগ কৰিবলৈ বহুখিনি সক্ষম হৈছে। ধৰ্ম,ভাষা, সম্প্ৰদায়, জাত-পাতৰ নামত নাগৰিক সমাজৰ যাউতিযুগীয়া ঐক্য -সংহতিক থানবান কৰি পেলোৱা হৈছে। মানৱতা বিপন্ন হৈছে। সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণীৰ মানুহে পৰাধীনতাৰ আতংকত ভুগিছে। দেশত ৰক্তৰ বন্যা বৈছে। ঘৃণাৰ ৰাজনীতি হৈ পৰিছে ক্ষমতা দখল বা তিষ্ঠি থকাৰ হাতিয়াৰ। এই জঘন্য পৰিবেশৰ মুক্তিয়েই এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবো।

প্ৰশ্ন: গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?

উত্তৰ: আক্ষৰিক অৰ্থতে অৰ্থনৈতিক স্বাধীনতাৰ পৰা বঞ্চিত। দেশৰ ৰাজহুৱা খণ্ডৰ সম্পদসমূহ নাগৰিকৰ স্বাৰ্থক উপেক্ষা কৰি নিসংকচে বৃহৎ পুঁজিপতিৰ হাতত গতাই দিয়া হৈছে, আনকি বনভুমি আৰু কৃষিভূমিও আজি বণিয়াৰ হাতত তুলি দিয়াৰ ষড়যন্ত্ৰ চলিছে। বৰ্তমানৰ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ সৈতে গণতন্ত্ৰৰ কোনো সম্পৰ্ক নাই। অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন। অৰ্থাৎ সীমাহীন অৰ্থনৈতিক অসমতাই দেশৰ গণতন্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

প্ৰশ্ন: এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?

উত্তৰ: কেৱল ৰাজহুৱা সম্পদেই নহয় প্ৰান্তিক কৃষকৰ মাটি -ভেটি সকলো বৃহৎ পুঁজিপতিৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰে। শাক -পাচলিৰ দৰে কৃষিজাত সামগ্ৰী বিপণনৰ দায়িত্ব‌ও দিয়া হৈছে বৃহৎ‌ পুঁজিপতিক। ইয়াৰ পৰিণাম হʼব ভয়ংকৰ। ভৱিষ্যতে কৃষক -শ্ৰমিকৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হʼব।

প্ৰশ্ন:  আজিৰ পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?

উত্তৰ: দেশৰ স্বাধীনতা আন্দোলনত বৃটিছৰ চোৰাংচোৱাগিৰি কৰা দেশদ্ৰোহীৰ আদৰ্শত পুষ্ট ৰাজনৈতিক দলৰ হাতৰ পৰা ক্ষমতা হস্তান্তৰ কৰিব লাগিব ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধত পুষ্ট ৰাজনৈতিক শক্তিৰ হাতত।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd