কোভিডৰ বাবেই সমগ্ৰ পৃথিৱী সলনি হৈ পৰিছে। এটা সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰিছিল বিশ্ব। সমগ্ৰ বিশ্বতে চলিছিল লকডাউন। সেই পৰিস্থিতি এতিয়া নাই। কিন্তু সেইবুলি মানুহ সম্পূৰ্ণ নিশ্চিত হ’ব পাৰিছেনে? কোনোপধ্যে নহয়. মাজে মাজে নতুন নতুন ৰূপৰ কভিডৰ উন্মেষ ঘটে। যিয়ে বহুতকে বিপদত পেলায়। কিন্তু তাৰ লগতে আছে আন এটা উদ্বেগৰ বিষয়। সেইটো হ’ল ডেকা বয়সৰ লোকৰ আচম্বিতে মৃত্যু।
বাতৰিসমূহৰ পৰা বহুতে অনুমান কৰে যে কোভিডৰ পিছত কম বয়সীয়া লোকৰ মাজত হঠাৎ মৃত্যুৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। এতিয়া ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ মাজত হঠাৎ হাৰ্ট এটেক হোৱাটো স্বাভাৱিক হৈ পৰিছে। ইমান কম বয়সত এই পৰিমাণৰ হৃদৰোগ আগতে কেতিয়াও দেখা পোৱা নগৈছিল। গতিকে ইয়াৰ আঁৰৰ কাৰণ কি? এইবাৰ আইচিএমআৰে এই বিষয়টোৰ ওপৰত পুংখানুপুংখ তদন্ত কৰিবলৈ ওলাইছে।
লগতে পঢ়ক: ৰাছিয়াৰ লুনা-২৫ত যান্ত্ৰিক ত্ৰুটি; মস্কোক পিছ পেলাই জয়যাত্ৰা ইছৰোৰ চন্দ্ৰ অভিযানৰ?
শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত আইচিএমআৰৰ মুৰব্বীগৰাকীয়ে কয় যে কম বয়সীয়া লোকৰ মাজত হাৰ্ট এটেকৰ ফলত হোৱা হঠাৎ মৃত্যুৰ গোচৰৰ তদন্ত কৰা হ’ব। তাত কি চোৱা হ’ব? আইচিএমআৰৰ সূত্ৰৰ মতে, ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত মৃত্যু হোৱা লোকসকলৰ মাজত কৰোনাৰ কোনো ভূমিকা আছে নেকি সেই বিষয়ে শ্ৰেষ্ঠ চিকিৎসকৰ দলে এতিয়া তদন্ত কৰিব।
এই সকলো মানুহৰ শৰীৰত কৰোনাই কিবা ডাঙৰ পৰিৱৰ্তন আনিলে নেকি? সেইটো অটোপচি পৰীক্ষাৰ দ্বাৰা দেখা যাব। এই প্ৰতিবেদনৰ পৰা বুজিব পৰা যাব কৰ’না ভাইৰাছৰ বাবে শৰীৰত কেনেকৈ পৰিৱৰ্তন হৈ থাকিব পাৰে। বিজ্ঞানীসকলে ভাবে যে এই হৃদৰোগৰ আঁৰত কৰ’না সংক্ৰমণৰ কিবা ভূমিকা আছে নে নাই সেয়া এইদৰে স্পষ্ট হ’ব।
আনহাতে, যিসকল কম বয়সীয়া লোক হঠাৎ হৃদৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰ চুবুৰীয়া আৰু আত্মীয়-পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিব চিকিৎসক তথা বিজ্ঞানীসকলে। কাৰণ কৰ’নাৰ পিছত তেওঁলোকৰ জীৱনত কিবা পৰিৱৰ্তন হৈছিল নে নাই, সেইটো এতিয়াই চোৱাচিতা কৰা হ’ব বুলি জনোৱা হৈছে।
লগতে পঢ়ক: নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ
ধাৰণা কৰা হৈছে যে ইয়াৰ পৰাই বুজিব পৰা যাব এই হাৰ্ট এটেকৰ বাবে কৰ’না ভাইৰাছ দায়ী নেকি, নে কৰ’না ভাইৰাছৰ সময়ত জীৱনশৈলীৰ পৰিৱৰ্তনেই ইয়াৰ আঁৰত আছে। এই সকলো চোৱাৰ পিছত ভৱিষ্যতে অধিক সাৱধান হ’ব পৰা যাব।