• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা: দললৈ ঘূৰিল আঘাতমুক্ত ৰাহুল-আয়াৰ

উপেক্ষিত শিখৰ ধাৱান, দললৈ আমন্ত্ৰণ যুৱ তাৰকা তিলক বাৰ্মাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 3:23 pm
India squad for Asia Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক এছিয়া কাপৰ বাবে আজি বিচিচিআই- এ ঘোষণা কৰে ১৭ জনীয়া ভাৰতীয় দল। মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ উপস্থিতিত ভাৰতীয় দল ঘোষণা কৰা হয়।

আঘাতৰ সমস্যাৰ বাবে দীৰ্ঘদিন দলৰ বাহিৰত থকাৰ পিছত সম্পূৰ্ণ সুস্থ হৈ দললৈ উভতি আহিছে কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰ। আনহাতে আয়াৰলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত নেতৃত্বত থকা বুমৰাহো উভতিছে এদিনীয়া ফৰ্মেটলৈ।

Apply Now

বুমৰাহৰ লগতে অভিজ্ঞ পেচাৰ মহম্মদ ছামি আৰু মহম্মদ ছিৰাজে চম্ভালিব দলৰ পেচ এটেক। লগত সহযোগ কৰিব শাৰ্দুল ঠাকুৰ, প্ৰসিধ কৃষ্ণ আৰু সহ- অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। একেদৰে স্পিন আক্ৰমণত থাকিব জাদেজা, কুলদীপ আৰু অক্ষৰ পেটেল।

ভাৰতৰ বহুচৰ্চিত স্পিন যুটী ‘কুলচা’ অৰ্থাৎ কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহাল, দুয়ো দলত থাকিব নে নাথাকে এই বিষয়ত যথেষ্ট চৰ্চা চলিছিল যদিও দল নিৰ্বাচকে কেৱল কুলদীপক দলত স্থান দিয়ে।

ইফালে ভাৰতৰ অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱান পুনৰ এবাৰ জাতীয় দলত উপেক্ষিত হৈ ৰয়। ফলশ্ৰুতিত তাৰকা বেটাৰগৰাকীৰ পুনৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰত্যাৱৰ্তন সন্দেহৰ মাজত সোমাই পৰিছে।

আনহাতে ঘোষিত দলটোত উদীয়মান তাৰকা তিলক বাৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে। আই পি এলৰ চমকৰ পিছতে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ ভ্ৰমণতো সুন্দৰ প্ৰদৰ্শনেৰে সমালোচকৰ দৃষ্টি জয় কৰা বাৰ্মা প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটলৈ আমন্ত্ৰিত হৈছে।

টি-২০ ক্ৰিকেটত বিস্ফোৰক ধাৰা অটুট থাকিলেও এদিনীয়াত ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহা সূৰ্যকুমাৰ যাদৱকো দলত ৰখা হৈছে। দলৰ উইকেট ৰক্ষক হিচাপে ৰাহুল আৰু কিশানক অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে এই দুই তাৰকাৰ যিকোনো এগৰাকীয়েহে মূল দলত স্থান লাভৰ সম্ভাৱনা আছে। অভিজ্ঞতাৰ ফলত ৰাহুলৰে এই ক্ষেত্ৰত সম্ভাৱনা অধিক। আনহাতে সঞ্জু চেমছনক ৰখা হৈছে বেক-আপ হিচাপে।

ইফালে দুৰ্ঘটনাৰ ফলত দীৰ্ঘদিন ক্ৰিকেটৰ পৰা আঁতৰি থকা তাৰকা ঋষভ পণ্ট ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও এছিয়া কাপৰ বাবে সাজু নহয় বুলি জানিবলৈ দিয়ে অধিনায়ক ৰোহিত শৰ্মাই।

উল্লেখ্য যে, পাকিস্তান আৰু শ্ৰীলংকাৰ যুটীয়া আয়োজনত অনুষ্ঠিত হ’বলগীয়া ‘এছিয়া কাপ ২০২৩’ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। আনহাতে ভাৰতে ২ ছেপ্টেম্বৰত কেণ্ডীত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

এছিয়া কাপৰ বাবে ঘোষিত ভাৰতৰ সম্পূৰ্ণ দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰিত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, সঞ্জু চেমছন (বেক আপ)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd