আগন্তুক এছিয়া কাপৰ বাবে আজি বিচিচিআই- এ ঘোষণা কৰে ১৭ জনীয়া ভাৰতীয় দল। মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ উপস্থিতিত ভাৰতীয় দল ঘোষণা কৰা হয়।
আঘাতৰ সমস্যাৰ বাবে দীৰ্ঘদিন দলৰ বাহিৰত থকাৰ পিছত সম্পূৰ্ণ সুস্থ হৈ দললৈ উভতি আহিছে কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰ। আনহাতে আয়াৰলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত নেতৃত্বত থকা বুমৰাহো উভতিছে এদিনীয়া ফৰ্মেটলৈ।
বুমৰাহৰ লগতে অভিজ্ঞ পেচাৰ মহম্মদ ছামি আৰু মহম্মদ ছিৰাজে চম্ভালিব দলৰ পেচ এটেক। লগত সহযোগ কৰিব শাৰ্দুল ঠাকুৰ, প্ৰসিধ কৃষ্ণ আৰু সহ- অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। একেদৰে স্পিন আক্ৰমণত থাকিব জাদেজা, কুলদীপ আৰু অক্ষৰ পেটেল।
ভাৰতৰ বহুচৰ্চিত স্পিন যুটী ‘কুলচা’ অৰ্থাৎ কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহাল, দুয়ো দলত থাকিব নে নাথাকে এই বিষয়ত যথেষ্ট চৰ্চা চলিছিল যদিও দল নিৰ্বাচকে কেৱল কুলদীপক দলত স্থান দিয়ে।
ইফালে ভাৰতৰ অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱান পুনৰ এবাৰ জাতীয় দলত উপেক্ষিত হৈ ৰয়। ফলশ্ৰুতিত তাৰকা বেটাৰগৰাকীৰ পুনৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰত্যাৱৰ্তন সন্দেহৰ মাজত সোমাই পৰিছে।
আনহাতে ঘোষিত দলটোত উদীয়মান তাৰকা তিলক বাৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে। আই পি এলৰ চমকৰ পিছতে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ ভ্ৰমণতো সুন্দৰ প্ৰদৰ্শনেৰে সমালোচকৰ দৃষ্টি জয় কৰা বাৰ্মা প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটলৈ আমন্ত্ৰিত হৈছে।
টি-২০ ক্ৰিকেটত বিস্ফোৰক ধাৰা অটুট থাকিলেও এদিনীয়াত ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহা সূৰ্যকুমাৰ যাদৱকো দলত ৰখা হৈছে। দলৰ উইকেট ৰক্ষক হিচাপে ৰাহুল আৰু কিশানক অন্তৰ্ভুক্ত কৰা হৈছে।
অৱশ্যে এই দুই তাৰকাৰ যিকোনো এগৰাকীয়েহে মূল দলত স্থান লাভৰ সম্ভাৱনা আছে। অভিজ্ঞতাৰ ফলত ৰাহুলৰে এই ক্ষেত্ৰত সম্ভাৱনা অধিক। আনহাতে সঞ্জু চেমছনক ৰখা হৈছে বেক-আপ হিচাপে।
ইফালে দুৰ্ঘটনাৰ ফলত দীৰ্ঘদিন ক্ৰিকেটৰ পৰা আঁতৰি থকা তাৰকা ঋষভ পণ্ট ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও এছিয়া কাপৰ বাবে সাজু নহয় বুলি জানিবলৈ দিয়ে অধিনায়ক ৰোহিত শৰ্মাই।
উল্লেখ্য যে, পাকিস্তান আৰু শ্ৰীলংকাৰ যুটীয়া আয়োজনত অনুষ্ঠিত হ’বলগীয়া ‘এছিয়া কাপ ২০২৩’ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। আনহাতে ভাৰতে ২ ছেপ্টেম্বৰত কেণ্ডীত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।
এছিয়া কাপৰ বাবে ঘোষিত ভাৰতৰ সম্পূৰ্ণ দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰিত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, সঞ্জু চেমছন (বেক আপ)