• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিশুৰ কাৰণে দুৰদৰ্শনৰ পৰ্দা একেলেঠাৰিয়ে কিমান দেৰি চাই থকাটো স্বাস্থ্য সন্মত বুলি ভবা হয়

ডা: জ্ঞানেন্দ্ৰ শৰ্মা by ডা: জ্ঞানেন্দ্ৰ শৰ্মা
August 24, 2023 2:58 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৱে কম্পিউটাৰ, ম’বাইল আৰু টেলিভিচন আদি, কিমান বয়সৰ পৰা ব্যৱহাৰ কৰিব?

দুই বছৰ বয়সৰ তলৰ শিশুৰ মগজৰ উচিত বিকাশৰ কাৰণে সামাজিক প্ৰভাৱৰ প্ৰয়োজন। এই বয়সত ডিজিটেল সামগ্ৰীৰ ব্যবহাৰে শিশুৰ মানসিক বিকাশত ব্যাঘাত হ’ব। ফলত কথা কোৱা দেৰি হ’ব, চঞ্চল হ’ব আৰু সামাজিক দক্ষতাৰ উৎকৰ্ষ নহ’ব। দুই বছৰ বয়সত শিশুক কম্পিউটাৰ আৰু টেলিভিচন পৰিচয় কৰিব পাৰি। কিন্তু পিতৃ মাতৃৰ লগত বহিব লাগিব আৰু অকল শিক্ষামূলক অনুষ্ঠানহে চাব। তাকো বয়সোপযোগী প্ৰস্তাবিত সময়ৰ কাৰনেহে। যুৱক-যুৱতীক সাধাৰণ ম’বাইল ফ’ন দিব পাৰি। বিশেষকৈ পিতৃ-মাতৃৰ লগত সম্পৰ্ক ৰাখিবলৈ যেতিয়া তেওঁলোক ঘৰৰ বাহিৰত থাকে। ডাঙৰ শিশু আৰু যুৱক-যুৱতীক স্মাৰ্ট ফ’ন দিব পাৰি কিন্তু অকল শিক্ষামূলক আৰু বিনোদনমুলক উদ্দেশ্যেৰে, পিতৃ-মাতৃৰ তত্বাবধানত আৰু বয়স অনুসৰি প্ৰস্তাবিত সময়ৰ কাৰণে।

Apply Now

শিশুক নুন্যতম কিমান বয়সৰ পৰা সামাজিক মাধ্যমৰ মঞ্চ ব্যৱহাৰ কৰিব দিব পাৰি?

শৈশৱ আৰু যৌবনৰ আৰম্ভণি কালত ল’ৰা আৰু ছোৱালী সামাজিক মাধ্যমৰ মঞ্চবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত নহয়। কাৰণ তেওঁলোকে এইবোৰ ভাল বেয়া চালি জাৰি চাব নোৱাৰে। সেয়েহে নুন্যতম কিমান বয়সৰ পৰা কোনবোৰ মঞ্চ শিশুৱে ব্যৱহাৰ কৰিব পাৰে সেইটো ভাৰতীয় শিশু বিজ্ঞান সন্থাৰ দ্বাৰা ঠিক কৰা হৈছে। যেনে ফেইচ বুক, টুইটাৰ, ইনষ্টাগ্ৰম, স্নেপ চেট (১৩ বছৰ) , হোৱাটচএপ (১৬ বছৰ) , ইউ টিউব (১৮ বছৰ) , পি ইউ বি যি (১৮ বছৰ পৰিমিত সময়ৰ কাৰণে) , ক্লেস অফ ক্লেনচ (১৩ বছৰ)।

সামাজিক মাধ্যমৰ যিকোনো মঞ্চ ব্যৱহাৰ কৰিবলৈ দিয়াৰ আগতে বা ভিডিঅ’ গেম খেলিবলৈ দিয়াৰ আগতে পিতৃ-মাতৃয়ে সেই মঞ্চ বা খেলৰ লগত নিজে অভ্যষ্ট হ’ব লাগিব আৰু চাব লাগিব বয়সোপযোগী হয় নে নহয়। শিশুটোৰ লগত কথা পাতিব লাগিব কিয় সেই মঞ্চ শিশুৱে ব্যৱহাৰ কৰিব খুজিছে। আৰু সেই মঞ্চ ব্যৱহাৰৰ নিয়মাবলী শিশুক বুজাব লাগিব।

দুৰদৰ্শন অনুষ্ঠান উপভোগ কৰিবলৈ শিশুক পিতৃ-মাতৃয়ে কিদৰে সহায় কৰিব পাৰে:

১) বয়স অনুসৰি দুৰদৰ্শন চোৱাৰ নিয়ম বান্ধি দিব লাগিব। পঢ়াশুনা বা খেলাৰ সময়ত, খোৱাৰ সময়ত আৰু শুবলৈ যোৱাৰ ১ ঘন্টাৰ আগতে বন্ধ কৰিব লাগিব। টিভি বা আন কোনো ইলেকট্ৰনিক সৰঞ্জাম ঘৰৰ কোনো শোৱা কোথাত ৰাখিব নেলাগে।

২) টি ভিৰ ক্ষেত্ৰত কোনোটো অনুষ্ঠান চাব ঠিক কৰি লৈ সেই সময়তহে টিভি খুলিব লাগিব। টিভিৰ মুখত বহি চেনেল সলাই থকাটো অস্বাস্থ্যকৰ নিয়ম। ই শিশুৰ সময় নষ্ট কৰে আৰু পৰ্দাৰ সমুখত থকা সময় বঢ়াই যায়। নিৰ্দিষ্ট অনুষ্ঠান অন্ত হ’লে টিভি বন্ধ কৰি থ’ব লাগে। আন সৰঞ্জামবোৰৰ ক্ষেত্ৰটো যেতিয়া দৰকাৰ তেতিয়া খুলিব লাগে আৰু কাম শেষ হ’লে বন্ধ কৰি থোৱাৰ অভ্যাস কৰিব লাগে।

৩) মাক দেউতাকে ল’ৰা ছোৱালীৰ লগত বহি অনুষ্ঠান উপভোগ কৰিব লাগে। অনুষ্ঠানৰ শেষত বিষয় বস্তুৰ ওপৰত সকলোৱে মিলি আলোচনা কৰিব লাগে। শিশুটিক অনুষ্ঠানৰ বিষয়ে প্ৰশ্ন কৰিব লাগে, মতামত সুধিব লাগে, পিতৃ-মাতৃয়ে মতামত দিব লাগে। শিশুৱে নুবুজিলে বুজাই দিব লাগে।

৪) নীতিবাচক অনুষ্ঠান চাবলৈ উদগণি দিব লাগে। হিংসা আৰু যৌন সম্বন্ধীয় বিষয় বস্তুৰ কথাছবি বা তেনে কোনো অনুষ্ঠান চোৱাত বাধা আৰোপ কৰিব লাগে।

৫) সামাজিক মাধ্যমৰ মঞ্চ সমূহত প্ৰদৰ্শিত বিজ্ঞাপনবোৰ বিশ্লেষণ কৰিবলৈ শিকাব লাগে। প্ৰায়বোৰ বিজ্ঞাপন যে অতিৰঞ্জিত সেই কথা বুজাই দিব লাগে। যিকোনো বিজ্ঞাপন যে ধনৰ বিনিময়তহে প্ৰদৰ্শন কৰে সেই কথা শিশুক জনাই দিব লাগে।

৬) কেতিয়াবা কোনোবা শিশু, বিশেষকৈ প্ৰাকস্কুলীয়া শিশু দূৰদৰ্শনৰ অনুৰত হৈ যায়। বুজালে নুবুজে আৰু অনুষ্ঠান চাই থাকিবলৈ বিচাৰে। তেনে পৰিস্থিতিত সহজ উপায় হৈছে ঘৰত থকা ইলেকট্ৰনিক সৰঞ্জামবোৰ এটা বিছাৰি নোপোৱা ঠাইত অন্তত: এমাহৰ কাৰণে থ’ব লাগে। সুধিলে বিকল হোৱা বুলি ক’ব লাগিব। ভাল কৰি অনাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰিব বুলি আশ্বাস দিব লাগে। তাৰ পিছত শিশুক আন কামত ব্যস্ত কৰি ৰাখিব লাগিব। দেখা যায় যে শিশুৰ জেদ নোহোৱা হৈ যায় আৰু তাৰ পিছত সৰঞ্জামবোৰ পালেও আসক্তি নোহোৱা হয়। কিছুমানৰ ক্ষেত্ৰত হয়তো এমাহৰ বেছি বা কমো সময় লাগিব পাৰে।

৭) সকলোতকৈ দৰকাৰী কথা হৈছে যে ল’ৰা ছোৱালীক শিকোৱাৰ দৰে মাক দেউতাকেও একে নিয়মত সামাজিক মাধ্যম ব্যৱহাৰ কৰিব লাগে। নিজে গোটেই দিনটো টিভিৰ আগত বহি বা ম’বাইল চাই থাকি ল’ৰা-ছোৱালীক মানা কৰিলে হিতে বিপৰীতহে হ’ব।

শিশুক কেনে ধৰণেৰে ব্যস্ত ৰাখিব পাৰি

শিশুক দিনটোত আন কিছুমান কামত ব্যস্ত ৰাখিব পাৰিলে সামাজিক মাধ্যমৰ অনুষ্ঠান চোৱাৰ পৰা আতৰাই ৰাখিব পাৰি।

১) ল’ৰা বা ছোৱালী বিশেষে বয়স অনুযায়ী খেলনা বস্তু আনি দিলে দিনটো কিছু সময় ব্যস্ত ৰাখিব পাৰি।

২) ঘৰচীয়া পশু পক্ষী পুহিলে সেইবোৰ নিৰীক্ষণ কৰি সময় কটাব পাৰে।

৩) ঘৰত গান শুনি শিকিবলৈ বা লগে লগে নাচিবলৈ উদগণি দিব লাগে। বয়স হ’লে ইচ্ছা অনুসৰি গান, নাচ বা বাদ্যযন্ত্ৰ বজোৱা শিকিবলৈ দিব লাগে। আৰু নিতৌ অভ্যাসৰ কাৰণে দিনটোৰ এটা সময় বান্ধি দিব লাগে।

৪) প্ৰাকস্কুলীয়া বয়সত মাক দেউতাকে শিশুক কিতাপ পঢ়ি শুনাব লাগে বা কিতাপৰ ছবি দেখুৱাব লাগে। স্কুলীয়া বয়সত কিতাপ পঢ়া, ছবি অঁকা আদিত উদগণি দিব লাগে।

৫) সৰু সুৰা ঘৰুৱা কাম সৰুৰে পৰা কৰাৰ অভ্যাস কৰাব লাগে।

৬) বয়স অনুযায়ী সময় মতে ৰাতি শোৱা আৰু ৰাতিপুৱা উঠা অভ্যাস কৰিব লাগে।

৭) ওচৰৰ বন্ধুৰ লগত খেলা আৰু মাজে মাজে বন্ধুৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ এটা পাৰস্পৰিক অভ্যাস কৰিব লাগে।

৮) বৈজ্ঞানিক ভিত্তিত আধাৰিত অনুমোদন মতে টিভি চাওঁতে পিঠি আৰু ডিঙি চিধা কৰি বহিব লাগে। টি ভিৰ পৰ্দা আৰু চকুৰ মাজৰ দুৰত্ব ১৮ ফুট হ’ব লাগে। এই নিয়ম কেতিয়াবা প্ৰযোজ্য নহ’লেও শিশুৱে যিমান পৰা যায় দূৰৰ পৰা অনুষ্ঠান উপভোগ কৰিব লাগে। আনবোৰ সৰঞ্জাম যেনে লেপটপ, কম্পিউটাৰ, ম’বাইল ব্যৱহাৰ কৰোতেও পিঠি আৰু ডিঙি চিধা কৰি বহিব লাগে আৰু সৰঞ্জামটো চকুৰ সমান্তৰালকৈ এটা আৰামদায়ক দূৰত্বত ৰাখিব লাগে।

বৰ্তমান সমগ্ৰ পৃথিবীত সামাজিক মাধ্যমৰ প্ৰসাৰ দ্ৰুত গতিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰভাৱৰ পৰা শিশুও বাদ পৰি যোৱা নাই। চাৰিও ফালে ডিজিটেল যন্ত্ৰৰ পয়োভৰ দেখা গৈছে। ডিজিটেল যন্ত্ৰৰ ব্যৱহাৰে শিশুৰ উপকাৰ যে নকৰে এনে নহয়। কিন্তু অতি বেছি ব্যৱহাৰে শিশুক যে অপকাৰ কৰে সেইটো বিজ্ঞানে প্ৰমান কৰিছে। এতিয়া পিতৃ-মাতৃকে ধৰি সমাজৰ সচেতন সকলো লোকে ভাবিব লাগিব কেনেকৈ শিশুক এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰি।

এই বিষয়ত পিতৃ-মাতৃ আৰু গৃহৱৰ্তী প্ৰাপ্তবয়স্ক সকলে সামাজিক মাধ্যম ব্যৱহাৰৰ নিয়মবোৰ আয়ত্ত কৰি নিজে মানি শিশুক দেখুৱাব লাগিব। তাৰ পিছত কাৰণ বুজাই শিশুক মানিবলৈ বাধ্য কৰাব পাৰিব। কাৰণ শিশুৱে সদায় দেখি শিকে, শুনি কয়।

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd