প্ৰজ্ঞা, সাধনা, একাগ্ৰতাৰে লক্ষ্যপ্ৰাপ্তিৰ সামৰ্থ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাসকলৰ জীৱনাদৰ্শন আমাৰ সকলোৰে আদৰ্শ হোৱা উচিত। কিছুদিনৰ পূৰ্বে চন্দ্ৰযান–৩ৰ সফলতাৰ আঁৰতো আছে এচাম ভাৰতীয় বিজ্ঞানীৰ নিৰলস সাধনা। এনে সফলতাত স্বাভাৱিকতেই আমি গৌৰৱাম্বিত। কিন্তু গৰ্বিত ভাৰতীয়ৰ আনন্দ-উল্লাসৰ মাজতে অসমৰে এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে দিয়ে এটা ফেচবুক প’ষ্ট। নিজৰ দীৰ্ঘদিনীয়া কষ্ট-সাধনা আৰু একাগ্ৰতাৰ সফলতাত হৰ্ষ-উল্লাস কৰা মহিলা বিজ্ঞানীসকলৰ এখন ফটো আপল’ড কৰি ক’লে যে, এইসকল সাধাৰণ মহিলা নহয়, একোজন মহান বিজ্ঞানী। কিন্তু তেওঁলোকে শাৰী, মংগলসুত্ৰ আদি পৰিধান কৰিহে আনন্দ-উৎসৱত অংশগ্ৰহণ কৰিছে।
আচৰিত কথা যে, ফটোখনৰ কাষত কোট-পেণ্ট পৰিহিতা বিজ্ঞানীৰ ফটো উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰদৰ্শন কৰা নাই। ইয়াকে লৈ পশ্চিমীয়া সাজ-পোচাক পৰিধান কৰা মহিলাসকলক সাধাৰণভাৱে কটুক্তি কৰা নাই। একেবাৰে পাকিস্তান প্ৰেমী, চীন প্ৰেমী, বামপন্থী (কমিউনিষ্ট?) সজাবলৈও কুণ্ঠাবোধ কৰা নাই। প্ৰজ্ঞা, সাধনা, মেধা, একাগ্ৰতা, কষ্ট-সহিষ্ণুতা ইত্যাদিৰ পৰিৱৰ্তে যেন মহিলা বিজ্ঞানীসকলে শাৰী, মংগলসুত্ৰ পৰিধান কৰাৰ বাবেহে চন্দ্ৰযান-৩ য়ে সফলতা লাভ কৰিছে। একেসময়তে এনে প’ষ্ট দিয়াৰ সময়ত অসমৰ পেছাত শিক্ষয়িত্ৰী মহিলাগৰাকীৰ চকু কিন্তু পুৰুষ বিজ্ঞানীসকলৰ পোচাকত নপৰিল। চুট-টাই, লংপেণ্ট পৰিহিত বিজ্ঞানীসকলৰ ক্ষেত্ৰত উক্ত অসমীয়া মহিলাগৰাকীৰ কোনো আপত্তি নাই।
তেওঁ প্ৰশ্ন কৰা নাই, পুৰুষসকলে কিয় ভাৰতীয় পোচাক ধূতি-পাঞ্জৱী, কুৰ্ত্তা আৰু মূৰত পাগুৰি নামাৰিল বুলি। নাৰীয়ে শাৰী, মংগলসুত্ৰ পৰিধান কৰাটো যদি বাধ্যতামূলক, তেন্তে পুৰুষসকলেও ধূতি-পাঞ্জৱী, কুৰ্ত্তা, মূৰত পাগুৰি পৰিধান কৰাটো বাধ্যতামূলক হোৱা উচিত। কিয়নো ভাৰতীয় সভ্যতা-সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব কেৱল নাৰীৰ নহয়। পুৰুষসকলেও এইক্ষেত্ৰত সমানে সহযোগিতা আগবঢ়াব লাগিব। এয়া পুৰুষসকলৰ দ্বাৰা অৱদমিত হৈ থাকিব বিচৰা মানসিকতাৰ প্ৰতিফলন।
আৱহমান কালৰ পৰা পুৰুষপ্ৰধান সমাজে সৃষ্টি কৰা নীতি-নিয়মৰ মাজেৰে মহিলাসকলে জীৱন নিৰ্বাহ কৰি আহিছে। সুদীৰ্ঘ কালৰ পৰা নাৰী যে এক সম্পূৰ্ণ মানৱ-সত্ত্বা আৰু পুৰুষৰ সমপৰ্যায়ৰ সকলো সুবিধা, অধিকাৰ মহিলাইও লাভ কৰিব লাগিব তাৰ বাবে তেওঁলোকে সংগ্ৰামো কৰি আহিছে। তেনে অৱস্থাত নাৰীৰ কেৱল পোচাকৰ ক্ষেত্ৰত কটুক্তি কৰাটো এক পশ্চাৎমুখী চিন্তাধাৰাৰ প্ৰতিফলনৰ বাদে আন একো নহয়। আমি ইতিমধ্যে উল্লেখ কৰা প্ৰজ্ঞা, সাধনা, কষ্ট-সহিষ্ণুতা, একাগ্ৰতা, মেধা আদি গুণসমূহৰ অবিহনে কেৱল শাৰী, মংগলসুত্ৰ পৰিধান কৰি কোনেও কোনো দিশতে সফলতা লাভ কৰিব নোৱাৰে।
আমাৰ ইতিহাসত সু-শাসকৰ স্বাক্ষৰ যেনেদৰে আকবৰে ৰাখি থৈ গৈছে একেদৰে ৰাখি থৈ গৈছে ৰেজিয়া চুলতানাইও। উল্লেখযোগ্য যে, ৰেজিয়া চুলতানাই হিজাৱ, বোৰ্খা, নকাব আদি পৰিধান নকৰিছিল। পুৰুষৰ দৰে দৃঢ়তাৰে শাসনো কৰিছিল, যুদ্ধও কৰিছিল। কিন্তু আজি কি হৈছে? হিজাৱ ভালদৰে পৰিধান নকৰাৰ বাবে ইৰাণত যুৱতীক মৰিয়াই হত্যা কৰা হৈছে, ইণ্ডোনেছিয়াত অনুৰূপ কাৰণত ১৪ গৰাকী স্কুলীয়া ছাত্ৰীৰ মূৰৰ চুলি খুৰাই পেলোৱা হৈছে। আমি এনে এখন সমাজত বাস কৰিব নিবিচাৰো।
একেদৰে ১৮৫৭ চনৰ ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথম স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লোৱাসকলৰ ভিতৰত যেনেদৰে টান্তিয়া টুপী, কোঁৱৰ সিং আদিৰ নাম খোদিত হৈ আছে, একেদৰে খোদিত হৈ আছে ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাই আৰু লক্ষ্ণৌৰ বেগম হজৰত মহল ইত্যাদিৰ নাম।
অসমৰ ইতিহাসতো যেনেদৰে আছে মহাবীৰ লাচিত বৰফুকন, একেদৰে আছে বীৰাঙ্গনা মূলা গাভৰু। আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ সৰ্ব্বোচ্চ পদসমূহত যেনেদৰে ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ, আবুল কালাম আজাদৰ নাম আছে, একেদৰে আছে প্ৰতিভা দেৱী পাটিল আৰু দ্ৰৌপদী মূৰ্মূৰ নামো। আকৌ আছে অটল বিহাৰী বাজপেয়ী আৰু ইন্দিৰা গান্ধীৰ দৰে দৃঢ়মনা প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত ব্যক্তিত্ব।
আমি লগতে মনত ৰখা উচিত যে, পশ্চিমীয়া পোচাক পিন্ধাসকলে কিন্তু ৬৪ বছৰৰ পূৰ্বেই অনুৰূপ অভিযান সফলতাৰে সমাপন কৰি ইতিহাসত নিজ ৰাষ্ট্ৰৰ নাম খোদিত কৰি থৈছে।
উক্ষেপণ কৰিব লগা মহাকাশযানৰ মডেল তিৰুপতি মন্দিৰত উচৰ্গা কৰি পূজা কৰাৰ পৰম্পৰাগত ইতিহাসো বহু পুৰণি, এয়া এইবাৰ আৰম্ভ হোৱা নাই।
শেষত কমিউনিষ্ট নেতা চীনৰ মাও-চে-তুংৰ ভাষাত কওঁ, নাৰী তুমি অৰ্দ্ধ-আকাশ, প্ৰয়াস হওক পূৰ্ণতা প্ৰাপ্তিৰ।
(লেখকৰ যোগাযোগ নম্বৰঃ ৯৪০১১০১৭০৪)