• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই সংঘটিত হৈছে অ-স্বচ্ছ নিযুক্তি পৰীক্ষা

চাকৰি কেলেংকাৰীৰ ন্যায়িক তদন্ত, প্ৰাৰ্থীৰ নম্বৰ, কাট অফ ঘোষণাসহ নিযুক্তি সম্পৰ্কীয় পোন্ধৰ দফীয়া দাবীৰ ভিত্তিত DYFI ৰ গুৱাহাটীত যুৱ সমাৱেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 2:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে ইয়াৰ হেদায়েতপুৰস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰে ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে। 

সংবাদ মেলত বক্তব্য ৰাখি কয় যে অনবৰতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈ থকা অসমৰ মুখ্যমন্ত্ৰী হৈছিল ড: হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে অসমৰ শেহতীয়া ইতিহাসৰ আটাইতকৈ অ-স্বচ্ছ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ল। ১ লাখ নিযুক্তিৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ নেতৃত্ব অনুষ্ঠিত পৰীক্ষাৰ জৰিয়তে একাংশই উত্তীৰ্ণ হ’ল, চাকৰি পালে, চাকৰিত যোগদান কৰিলে কিন্তু নাজানিলে কিমান নম্বৰ লাভ কৰিলে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ(SLRC)ৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত কোনে কিমান নম্বৰ পালে, কোন বিভাগত কি ধৰণৰ কাট অফ নম্বৰ, সেয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ আজি এবছৰৰ পাছতো ৰাজহুৱা কৰা নহ’ল। প্ৰতিটো পৰীক্ষাত কোনে কিমান নম্বৰ লাভ কৰিলে সেয়া প্ৰত্যেক প্ৰাৰ্থীৰ জনাৰ অধিকাৰ আছে, কিন্তু আজিলৈ সেয়া জনোৱা নহ’ল। ইয়াতকৈ আচৰিত আৰু হতভম্ব হোৱাৰ অন্য কাৰণ থাকিব পাৰে জানো? আমি সেয়ে দাবী জনাইছোঁ যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰমাণ হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে অতি শীঘ্ৰে প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰসহ এক তালিকা প্ৰকাশ কৰাৰ লগতে বিভাগসমূহৰ কাট অফ নম্বৰ প্ৰকাশ কৰক। 

Apply Now

মন কৰিবলীয়া যে এজন প্ৰাৰ্থীৰ বহু পদত নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু প্ৰতিবাদৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীয়ে এখন অতিৰিক্ত তালিকা প্ৰকাশৰ ঘোষণা কৰিছিল। প্ৰথমে জুলাই মাহত ৮৩৫ প্ৰাৰ্থীৰ বাবে জুলাইৰ ভিতৰতে আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহত ১০০০ প্ৰাৰ্থীৰ বাবে অতিৰিক্ত তালিকা প্ৰকাশৰ প্ৰতিশ্ৰুতিৰে চমক দিছিল যদিও কালি কেৱল ৫১৪ গৰাকী প্ৰাৰ্থীৰ অতিৰিক্ত তালিকা প্ৰকাশ কৰি আশাৰে বাট চাই থকা প্ৰাৰ্থীক ব্ৰহ্মঠগন সোধালে মুখ্যমন্ত্ৰীয়ে। এনেকৈ সম্পূৰ্ণ বাকী আৰু ফাঁকিৰে চৰকাৰ চলি আছে। সেয়ে ব্যৱস্থাটো ওপৰৰ পৰাই যে অ-স্বচ্ছ,‌সেয়া স্পষ্ট। তদুপৰি চতুৰ্থ বৰ্গৰ পদত বহু উচ্চ শিক্ষিত যুৱক-যুৱতীৰ নিযুক্তিৰ বিৰুদ্ধে অভিযোগ অনাৰ পিছতো কোনো তদন্ত নহ’ল।

অন্যহাতে বিজেপিৰ নেতা-পালিনেতাৰ সংঘৱদ্ধ নেতৃত্বতে ভয়াবহ চাকৰি বজাৰ চলিছে যে সেয়া সকলোৱে গম পাইছে। ৰাজ্যিক পৰ্যায়ৰ নেতাৰ নাম সন্মুখলৈ অহাৰ ঘটনাই মূল অভিকেন্দ্ৰ “বাজপেয়ী ভৱন” বুলি সকলোৱে বুজিব পাৰিছে। দুৰ্নীতি-কেলেংকাৰীৰে জড়িত ব্যক্তি, ঠগ- প্ৰবঞ্চক আৰু সমাজ বিৰোধীৰে ভৰি পৰিছে দলটো। “দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি” আৰু “স্বচ্ছ আৰু নিকা নিযুক্তি”ৰ শ্লোগানক ধোৱাচাংত তুলি দুৰ্নীতিক প্ৰতিষ্ঠানিক ৰূপ দিছে বিজেপি দলটোৱে।

এপিএছচিৰ পৰা গাঁ‌ওবুঢ়া নিযুক্তিলৈ সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। টকাৰ বিনিময়ত চাকৰি লোৱাটো বিজেপি চৰকাৰৰ দিনত অঘোষিত নিয়মত পৰিণত হৈছে আৰু ইয়াৰ মূল অভিকেন্দ্ৰ হৈছে বাজপেয়ী ভৱন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে এনে ভয়াবহ কেলেংকাৰী হৈছে বুলি বিশ্বাস নহয়। তেখেতৰ জ্ঞাতে যে এখন চাকৰিৰ বজাৰ সৃষ্টি হৈছে সেয়া শেহতীয়া ঘটনাৰাজিয়ে প্ৰমাণ কৰিছে। এই সমগ্ৰ ঘটনাৰ সঠিক বিচাৰৰ খাতিৰত এক ন্যায়িক দাবী কৰিছোঁ আৰু সমগ্ৰ নিযুক্তিক লৈ এক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী কৰিছে। 

আচৰিত কথা যে এই সমগ্ৰ নিযুক্তি কেলেংকাৰীতে বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা-নেত্ৰী জড়িত হৈ পৰিছে। 

অকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদতেই নহয়, এপিএছচিৰ পৰা সাধাৰণ গাঁ‌ওবুঢ়া নিযুক্তিলৈকে সকলোতে কেৱল টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ উঠিছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ’ল পৰিস্থিতিৰ বাধ্যবাধকতা বা ৰাইজক দেখুৱাবলৈ দুই এজন অভিযুক্তিক গ্ৰেপ্তাৰ কৰিলে কোন এজন ব্যক্তিৰ বিৰুদ্ধে চূড়ান্ত ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল। এপি এছ চি বিল্পৱ শৰ্মা আয়োগে চূড়ান্ত প্ৰতিবেদন কেবিনেটত জমা দিয়াৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি তেওঁলোকক পদোন্নতি দিছে। পি এণ্ড আৰ ডিৰ নিযুক্তিত হোৱা কেলেংকাৰীৰ তদন্ত কৰিবলৈ এজনী আয়োগ গঠন কৰা হ’ল যদিও আজিলৈ কোনো কথা স্পষ্ট হোৱা নাই। 

এছ আই কেলেংকাৰীৰ মূল অভিযুক্তই পুনৰ আহি কেলেংকাৰীত সোমাই পৰিল। এনেবোৰ কথাই প্ৰমাণ কৰে এই সমগ্ৰ কেলেংকাৰী দিশপুৰৰ জ্ঞাতসাৰে চলি আছে আৰু চলি থাকিবলৈ দিয়া হৈছে।

ডি ৱাই এফ আইয়ে দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সঁ‌চা অৰ্থৎ স্বচ্ছ আৰু নিকা নিযুক্তি আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছে। এই দাবীৰ লগতে নতুন পদ সৃষ্টি, পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল, কেন্দ্ৰীয় চৰকাৰৰ অধীনকে ধৰি সকলো খালী পদ শীঘ্ৰে পূৰণ কৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰ সকলোক শিক্ষকৰ মৰ্যাদা দিয়া, APSC কেলেংকাৰী সম্পৰ্কত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে আয়োগে দোষী সাব্যস্ত কৰাৰ সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰতে দাখিল কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ সঠিক পৰীক্ষণ কৰা,অসম চৰকাৰৰ নিয়োগ পৰ্টেল (job.assam.gov.in) সকলো ব্যক্তিগত খণ্ডৰ চাকৰিৰ বিজ্ঞাপন দিয়া বাধ্যতামূলক কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত অসমৰ নিবনুৱাক নিযুক্তি বাধ্যতামূলক কৰা, অসমৰ প্ৰাকৃতিক সম্পদৰ ভিত্তিত উদ্যোগ গঢ়ি তোলা, চাহ শ্ৰমিক আৰু চাহ উদ্যোগ ৰক্ষা কৰা, নতুন প্ৰজন্মৰ খেতিয়ক, উদ্যোগী, পদপথৰ ব্যৱসায়ীসকলৰ নিৰাপত্তা আৰু বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰা, শ্বপিং মল, ৰেষ্টুৰেণ্ট, ব্যক্তিগত শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজনলৈ ন্যূনতম ২১ হাজাৰ টকা দৰমহা দিয়া, অলা-উবেৰ, চুইগী-জামেটোসহ এপ কৰ্মীসকলৰ বাবে বিকল্প চৰকাৰী এপ মুকলি কৰক আৰু সামাজিক নিৰাপত্তা আইন প্ৰণয়ন কৰা, নতুন পেঞ্চন আঁ‌চনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা যুৱক-যুৱতীৰ নাম পঞ্জী কৰা আৰু কামৰ নিৰাপত্তা নিশ্চিত কৰা, এমজিএনৰেগা আঁ‌চনিত পৰ্যাপ্ত ধন আৱন্টন দি কাম দিয়াৰ ব্যৱস্থা কৰা, ৰাজহুৱা শিক্ষা ৰক্ষা কৰা, শিক্ষা আৰু নিযুক্তিত মাতৃভাষাক প্ৰাধান্য দিয়াসহ মুঠ ১৫ দফীয়া দাবী চনদৰ ভিত্তিত ১৫ ছেপ্টেম্বৰত গুৱাহাটীত এক যুৱ সমাৱেশৰ আহ্বান কৰিছে। 

চৰকাৰৰ যুৱ বিৰোধী নীতি, দুৰ্নীতি-কেলেংকাৰীসমূহ ৰাইজৰ আগত তুলি ধৰাৰ উদ্দেশ্যে “যুৱ জাগৰণ যাত্ৰা”ৰ নামত প্ৰচাৰ কৰাৰ অন্তত ১৫ ছেপ্টেম্বৰ দিনৰ ১১ বজাত গুৱাহাটীৰ চচলত যুৱ সমাৱেশৰ আহ্বান কৰিছে সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd