• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতলৈ নাহে জিনপিং! জি-২০ সন্মিলনত মানচিত্ৰ বিতৰ্কৰ প্ৰভাৱ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 3:18 pm
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আগন্তুক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ নাহিবও পাৰে। ইতিমধ্যে চীনে নতুন মানচিত্ৰ মুকলি কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। যাৰ বাবে কমিউনিষ্ট দেশৰ সৈতে ভাৰতৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে। এই পৰিবেশত নতুন দিল্লীত তেওঁৰ উপস্থিতিৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে।

অহা সপ্তাহত ভাৰতত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। অহা ৯ আৰু ১০ ছেপ্টেম্বৰত দুদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ফলত সমগ্ৰ বিশ্বই মোডী-বাইডেন-জিনপিঙক একেখন মঞ্চত দেখাৰ বাবে অপেক্ষা কৰি আছে।

কিন্তু চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণক লৈ অনিশ্চয়তা আছিল। আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং জি-২০ সন্মিলনৰ বাবে ভাৰতলৈ নাহিবও পাৰে। চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে তেওঁৰ সলনি এই সন্মিলনত যোগদান কৰিব পাৰে।

Apply Now

উল্লেখ্য যে যে ২৮ আগষ্টত চীনে দেশখনৰ নতুন আনুষ্ঠানিক মানচিত্ৰ প্ৰকাশ কৰিছিল। তাত তেওঁলোকে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰিছিল। আনকি আকছাই চীনও তেওঁলোকৰ বুলি বেইজিঙে দাবী কৰিছে।

ইয়াৰ পিছতে মোডী চৰকাৰে জি জিনপিং প্ৰশাসনক গৰিহণা দি সৰৱ হৈ পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি কয় যে এনে মানচিত্ৰ প্ৰকাশ কৰাটো চীনৰ অভ্যাস।

ভাৰতৰ ককৰ্থনাৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰত্যুত্তৰ দি কয় যে ‘’আমি আমাৰ ভূখণ্ডৰ সীমাৰ বিষয়ে সচেতন। আইন অনুসৰি নতুন মানচিত্ৰ প্ৰস্তুত কৰা হৈছে। বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই।”

ইয়াৰ পিছত বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হ’ল, জিনপিঙে দৰাচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখামুখি হ’বনে?

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাত সদ্য সমাপ্ত ব্ৰিকছ সন্মিলনত জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হৈছিল মোদীয়ে। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ বৈঠকৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয় যে মোদীয়ে জি জিনপিঙক স্পষ্ট বাৰ্তা দিছে। নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেই সন্দৰ্ভত কথা পাতি প্ৰধানমন্ত্ৰীয়ে জি জিনপিঙক কয় যে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান বজাই ৰখাটো অতি প্ৰয়োজনীয়।

অৱশ্যে চীনে ইয়াৰ পিছতো নতুন মানচিত্ৰ প্ৰকাশ কৰি যি দাবী কৰিছে তাত ভাৰত ক্ষুব্ধ হৈ পৰিছে। এই প্ৰেক্ষাপটতে একাংশ বিশ্লেষকে ভাবে যে মানচিত্ৰ বিতৰ্কৰ প্ৰভাৱ পৰিছে জি-২০ শীৰ্ষ সন্মিলনতো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd