• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ মাটি এৰি শূন্যলৈ উৰিল বিক্ৰম, তাৰ পিছত দ্বিতীয়টো সফল অৱতৰণ চন্দ্ৰযান-৩ লেণ্ডাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2023 12:43 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফলতাৰে নিজৰ অভিযানৰ লক্ষ্য অতিক্ৰম কৰিছে। আজি ইছৰোৱে এই কথা সদৰী কৰে। ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা সংস্থাই জনাইছে যে বিক্ৰমে ‘হপ এক্সপেৰিমেন্ট’ সফলতাৰে সম্পূৰ্ণ কৰিছে। অৰ্থাৎ বিক্ৰমে দ্বিতীয়বাৰৰ বাবে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিলে।

চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছিল। তেতিয়াৰ পৰাই ই একে ঠাইতে থিয় হৈ আছে। ভৱিষ্যতেও ই সেই অঞ্চলতে থিয় হৈ থাকিব। বিক্ৰমৰ নিদ্ৰাৰ সময় আহিছে। অৱশ্যে চন্দ্ৰৰ দক্ষিণ মেৰুত আন্ধাৰ হোৱাৰ আগতেই বিক্ৰমে অক্লান্তভাৱে কাম কৰি গৈছে। কেৱল সেয়াই নহয়, ইছৰোৰ তথ্য অনুসৰি বিক্ৰমে ইয়াৰ অভিযানৰ লক্ষ্য অতিক্ৰম কৰি কাম কৰিছে।

লগতে পঢ়ক: শোকস্তব্ধ ইছৰো, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু চন্দ্ৰযান ৩ৰ সৈতে জড়িত বিজ্ঞানীৰ

Apply Now

বিক্ৰমত আছে ‘চন্দ্ৰ ছাৰ্ফেচ থাৰ্মো-ফিজিকেল এক্সপেৰিমেণ্ট’ বা ChaSTE নামৰ এটা পেলোড। যিয়ে চন্দ্ৰৰ উষ্ণতাৰ অনুসন্ধান কৰিছিল। বিক্ৰমত লগতে লুনাৰ ছিছমিক এক্টিভিটি প্ৰ’ব বা ILSA নামৰ এটা পেলোডো। ইলছাৰ চেন্সৰবোৰে মহাজাগতিক গতি অনুসৰণ কৰে। ইয়াৰ উপৰিও বিক্ৰমত আছে লেজাৰ ৰেট্ৰ’ৰিফ্লেক্টৰ এৰে, ৰেডিঅ’ এনাটমী অৱ মুন বাউণ্ড হাইপাৰচেন্সিটিভ আয়ন’স্ফিয়াৰ এণ্ড এটম’স্ফিয়াৰ বা ‘ৰম্ভা’। ৰম্ভাই চন্দ্ৰৰ মাটিত প্লাজমাৰ ঘনত্ব জুখিছে। বিক্ৰমৰ সকলো যন্ত্ৰই এতিয়ালৈকে সঠিকভাৱে কাম কৰিছে।

চন্দ্ৰৰ দক্ষিণ মেৰুত আন্ধাৰ নামি আহিবলৈ আছে আৰু মাত্ৰ কেইটামান দিন। এই বাকী থকা দিনবোৰত বিক্ৰমে যিমান পাৰে কাম কৰিব বিচাৰে। এইবাৰ কোনো দেশে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই অভিযান মাত্ৰ ১৪ দিনৰ বাবেহে চলাৰ কথা আছিল। কাৰণ দক্ষিণ মেৰুত এবাৰ আন্ধাৰ পৰিলে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে ‘শুই’ পৰিব। মন কৰিবলগীয়া যে এই দুটা সৌৰশক্তি চালিত। গতিকে আন্ধাৰ হ’লে আৰু কাম কৰিব নোৱাৰে। ইতিমধ্যে প্ৰজ্ঞানক শুৱাই দিয়া হৈছে। আৰু বিক্ৰমক শুই পৰাৰ আগতে ইছৰোৱে পুনৰ পৰীক্ষাত বহালে।

লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

এই পৰিস্থিতিত ইছৰোৱে জনায় যে বিক্ৰমক চন্দ্ৰৰ মাটিৰ পৰা উৰুৱাই দিয়া হয়। চন্দ্ৰযান ৩ লেণ্ডাৰৰ লগত থকা ইঞ্জিনটো ষ্টাৰ্ট কৰা হয় । তাৰ পিছত লেণ্ডাৰখন প্ৰায় ৪০ চে.মি. উচ্চতালৈ উৰুওৱা হয়। বিক্ৰমে জাপ মাৰি পূৰ্বৰ ঠাইৰ পৰা প্ৰায় ৩০ৰ পৰা ৪০ চে.মি. দূৰত্বত সফলতাৰে অৱতৰণ কৰে। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

Chandrayaan-3 Mission:
🇮🇳Vikram soft-landed on 🌖, again!

Vikram Lander exceeded its mission objectives. It successfully underwent a hop experiment.

On command, it fired the engines, elevated itself by about 40 cm as expected and landed safely at a distance of 30 – 40 cm away.… pic.twitter.com/T63t3MVUvI

— ISRO (@isro) September 4, 2023

ইছৰোৰ মতে, ভৱিষ্যতে মানুহৰ চন্দ্ৰ অভিযানৰ সফলতাৰ বাবে এই পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। তদুপৰি যদি কোনো এখন মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰি ঘূৰাই অনাৰ পৰিকল্পনা আছে তেতিয়াও এই পৰীক্ষাও অতি তাৎপৰ্যপূৰ্ণ। ইছৰোৱে বিক্ৰমৰ কেমেৰাৰ পৰা এই ‘হপ এক্সপেৰিমেণ্ট’ৰ ভিডিঅ’ও পোষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd