দক্ষিণ-পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰতিৰোধ যোদ্ধাৰ আক্ৰমণত কমেও ৫০ জন জুন্টা জোৱান নিহত হৈছে।দেশৰ জুন্টা বিৰোধী পিপলছ ডিফেন্স ফৰ্চ গ্ৰুপ (পিডিএফ) আৰু এথনিক আৰ্মড অৰ্গেনাইজেশ্যন (ইএঅ’)ৰ যোদ্ধাসকলৰ আক্ৰমণত সমগ্ৰ দেশতে যোৱা চাৰিদিনত এইসকল লোকৰ মৃত্যু হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সমগ্ৰ দেশতে ম্যানমাৰৰ প্ৰতিৰোধ যোদ্ধাসকলে শাসকীয় জুন্টা বাহিনীক আক্ৰমণ অব্যাহত ৰাখিছে আৰু বিগত চাৰিদিনত ছাগাইং, মাগৱে, মাণ্ডালে আৰু তানিন্থাৰী অঞ্চল আৰু চিন, শ্বান, ছম আৰু কেৰেন প্ৰদেশৰ পৰা জুন্টা বাহিনীৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।
লগতে পঢ়ক: বনকৰা মহিলাক অকথ্য নিৰ্যাতন: পলাতক আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পন, গ্ৰেপ্তাৰ আৰক্ষীৰ
অৱশ্যে কিছুমান সামৰিক হতাহতৰ পৰিসংখ্যাৰ সত্যাসত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল বুলি স্থানীয় সংবাদ মাধ্যম ইৰাৱাডীয়ে প্ৰকাশ কৰিছে।
সংস্থাটোৱে জনোৱা মতে, বুধবাৰে ছাগাইং অঞ্চলৰ য়ানমাবিন টাউনশ্বিপত পাঁচজন জুন্টা জোৱান নিহত আৰু ছয়জন আহত হয়। কিয়াউক কন গাঁৱৰ সমীপত ১৮টা প্ৰতিৰোধী গোটৰ সৈতে গঠিত ইউনিয়ন লিবাৰেশ্যন ফ্ৰণ্ট (ইউ এল এফ)ৰ ১০০ জনীয়া সামৰিক ইউনিটৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই লোকসকলৰ মৃত্যু হয়।
লগতে পঢ়ক: দুগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অপৰাধত জনপ্ৰিয় অভিনেতাক ৩০ বছৰৰ কাৰাদণ্ড
পিছত ওচৰৰ মনিৱা চহৰত থকা নৰ্থ-ৱেষ্ট মিলিটাৰী কমাণ্ডৰ মুখ্য কাৰ্যালয়ে হাউইটজাৰ ব্যৱহাৰ কৰি চাৰিটা দীৰ্ঘ দূৰত্বৰ গোলা নিক্ষেপ কৰি তেওঁলোকৰ স্থল সৈন্যক সহায় কৰে। এই সংঘৰ্ষত ৬ জন প্ৰতিৰোধী যোদ্ধা আহত হয়। ইয়াৰোপৰি ৰেজিষ্টেন্স গোষ্ঠীসমূহে গোলাবাৰুদকে ধৰি সামৰিক অস্ত্ৰও জব্দ কৰে।