• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক্! শিক্ষকৰ পাত্ৰৰ পৰা পানী খোৱাৰ বাবেই ’নিম্ন জাতি’ৰ ছাত্ৰক প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2023 12:51 pm
Dalit student beaten up
9.2k
VIEWS
Share on FacebookShare on Twitter

জাত-পাতৰ ঘৃণনীয় বৈষম্যৰ পৰা এতিয়াও মুক্ত হোৱা নাই দেশ। জাতিগত বৈষম্যৰ নানা লজ্জাজনক কাণ্ডই প্ৰায়ে দখল কৰি আহিছে সংবাদ শিৰোনাম। শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

শিক্ষকৰ বাবে থকা পানীৰ পাত্ৰৰ পৰা পানী খাই শিক্ষকৰ নিৰ্যাতনৰ সন্মুখীন হৈছে এগৰাকী দলিত ছাত্ৰ। ৰাজস্থানৰ ভাৰতপুৰত সংঘটিত হৈছে এই ঘটনা। যোৱা ৮ ছেপ্টেম্বৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শিক্ষকৰ প্ৰহাৰৰ সন্মুখীন হোৱা ছাত্ৰগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত। বিদ্যালয় চৌহদত টেংকিত পানী নথকাৰ বাবে ছাত্ৰগৰাকীয়ে শিক্ষকৰ পাত্ৰটোৰ পৰা পানী খাইছিল।

ইয়াতে খৰ্গহস্ত হৈ এগৰাকী শিক্ষকে আন ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শাৰীৰিক প্ৰহাৰ কৰে ছাত্ৰগৰাকীক। শিক্ষকৰ এই নিৰ্যাতনত ছাত্ৰগৰাকীৰ পিঠিত ঘাঁ হোৱা বুলিও অভিযোগ কৰিছে তেওঁৰ অভিভাৱকে।

ভুক্তভোগী ছাত্ৰগৰাকীৰ ভাষ্য মতে, তেওঁ পাত্ৰটোৰ পৰা পানী খোৱাৰ পিছতে অভিযুক্ত গংগৰাম গুৰজাৰ নামৰ শিক্ষকগৰাকীয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ জাতিগত পৰিচয় সোধে আৰু ছাত্ৰগৰাকীয়ে দলিত বুলি নিজৰ জাতিৰ পৰিচয় দিয়াৰ পিছতে তেওঁক প্ৰহাৰ কৰে।

এই ঘটনাৰ কথা জানিব পাৰি ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে বিদ্যালয়ত উপস্থিত হৈ গংগাৰাম গুৰজাৰ নামৰ শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

এনে গুৰুতৰ জাতি-বৈষম্যৰ অভিযোগত স্থানীয় আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালে। এই এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd