• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এটি সুগন্ধী পুৱা, চন্দনৰ জীপাল স্মৃতি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 27, 2023 1:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দন মহন্ত ঢুকোৱা খবৰটোৱে মোক আচৰিত কৰা নাই, দুখ দিছে। দুদুলমণি আৰু মই অঞ্জনাক মাত এষাৰ লগাই আহোঁ বুলি কালি আই আই টিলৈ ওলাইছিলোঁ। কিন্তু, গুৱাহাটীৰ যানযঁটৰ বিড়ম্বনাৰ বাবে আধা বাটৰ পৰা ওভতি আহিবলগা হ’লোঁ।আমি গড়চুক পাওঁ পাওঁ হওঁতেই, অৰূপে ফোন কৰি ক’লে – পৰেশদা চন্দনদাৰ শৱযাত্ৰা এইমাত্ৰ আই আই টিৰ চৌহদৰ পৰা ওলাল। আমি চন্দনক দেখা কৰিব নোৱাৰিলোঁ। দুদুলমণিয়ে মনটো বৰ বেয়া কৰিলে। মই ক’লোঁ- বেজাৰ নকৰিবা। আমি যে ওলাই আহিছিলোঁ, সেইটোৱে চন্দনৰ প্ৰতি থকা আমাৰ আদৰ আৰু আন্তৰিকতাৰ চিন। অভিপ্ৰায় নাথাকিলে লক্ষ্যত উপনীত হ’ম কেনেকৈ? অঞ্জনা বঙ্গাইগাঁৱৰ পৰা আহিলে আমি আকৌ যাম ।

চন্দনক লগ পাইছিলোঁ কটন নিউ হোষ্টেলত ১৯৭৮চনত। নিউ হোষ্টেলত চন্দন নৃপেনদাৰ ৰূমমেট আছিল। একে ৰাজনৈতিক আদৰ্শৰ হোৱা হেতুকে, মই সঘনাই নৃপেনদাৰ ৰূমলৈ গৈছিলোঁ।সেয়ে, চন্দনৰ লগতো মোৰ এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। চন্দন মোতকৈ এবছৰ সৰু আছিল। ওখ-পাখ মৰম লগা ল’ৰা। সুৰুচিপূৰ্ণ কথা-বতৰা, অনবৰতে মুখত এমোকোৰা হাঁহি।চন্দন আমাৰ গাঁৱৰ ঘৰলৈও গৈছিল। চন্দনৰ দেউতাককো মই কেইবাবাৰো লগ পাইছিলোঁ।আমাৰ খুৰা এজনে বঙ্গাইগাঁৱৰ পৰা বিয়া কৰাইছিল। খুৰী চন্দনহঁতৰ কিবা লাগিছিল। কটনৰ পৰা ওলোৱাৰ পিছতো পাতলীয়াকৈ চন্দনক লগ পাই আছিলোঁ। কিন্তু, চন্দনক আকৌ ভালকৈ লগ পাইছিলোঁ দিল্লীৰ জে এন ইউত। তেতিয়া বোধহয় চন্দনৰ বিয়া হৈ গৈছিল। চন্দন তেতিয়া জে এন ইউত এম ফিল, আৰু পিছত পি এইচ ডি কৰি আছিল। তাৰ পিছত মই ভালেমান বছৰ দিল্লীতে কটালোঁ।

Apply Now

চন্দন আই আই টি গুৱাহাটীলৈ আহিল।চন্দন প্ৰথমে আই আই টিত পঞ্জীয়ক হ’ল আৰু তাৰ পিছত তেওঁ চিভিল ইঞ্জিনিয়াৰিঙ বিভাগৰ মুখ্য অধ্যাপক হ’ল। মই গুৱাহাটীলৈ অহাৰ পিছত, চন্দনক আকৌ এবাৰ ওচৰৰ পৰা পাইছিলোঁ অন্বেষাৰ যোগেদি। আমি অন্বেষা শিশু গ্ৰন্থ উৎসৱ উপলক্ষে ল’ৰা-ছোৱালীৰ বাবে আয়োজন কৰা বিভিন্ন অনুষ্ঠানত চন্দনে অংশগ্ৰহণ কৰিছিল। চন্দনে আই আই টি গুৱাহাটীৰ ভিতৰে বাহিৰে নহয়, দেশৰ ভিতৰে বাহিৰে শিক্ষাসদী বিষয়ত এক অসাধাৰণ ব্যুৎপত্তি দেখুৱাইছিল। পিছলৈ, চন্দনে মনোনিৱেশ কৰিছিল পৰিবেশ সংক্ৰান্তীয় অধ্যয়নত। কিন্তু পূৰ্ণ জীৱন পোৱাৰ আগতে চন্দন আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হ’ল। চন্দন এজন অতি অমায়িক স্বভাৱৰ লোক আছিল। তেওঁ এজন ভাল বক্তাও আছিল। অসমীয়া, ইংৰাজী দুয়োটা ভাষাত চন্দনে কি সুন্দৰকৈ বক্তৃতা দিছিল! চন্দনৰ কথা কোৱা ধৰণটোও সুকীয়া আছিল। চন্দনৰ ফেচবুক পোষ্ট আৰু ছবিবোৰ, বিশেষকৈ চৰাই আৰু প্ৰকৃতি বিষয়ে দিয়া কি যে আকৰ্ষণীয় আছিল।দুদুলমণিয়ে ঠিক কথাই কৈছে- চন্দনৰ পোষ্টবোৰ, ছবিবোৰ আৰু ছবিৰ নামাকৰণ অৰ্থৱহ আৰু কাব্যিক আছিল।তেওঁ শেষ পোষ্টটো দিছিল ২০২২ চনৰ ১৯ এপ্ৰিলৰ দিনা। একে ঠাইতে থকা একেটা ঘৰে সময় সলনি হোৱাৰ লগে লগে আগৰ পৰিবেশটো ধৰি ৰাখিব নোৱাৰে, সেই বিষয়ে তলৰ কথাখিনিত কি সুন্দৰকৈ কৈছে চাওকচোন- “And so the years turn into decades and time melts into a cauldron of irretrievable treasure trove”!

তাৰ পিছৰ ভালেমান পোষ্টৰ বিষয় অতীতত তেওঁ দিয়া ছবিৰ বিষয়ে বৰ্তমানৰ উপলব্ধি। এটা, আধাটা বাক্য অথচ, কি যে অৰ্থবহ! প্ৰতিটো বাক্যই যেন একোটাহঁত সুন্দৰ আধুনিক কবিতা, প্ৰতীকী, প্ৰত্যক্ষ, পৰোক্ষ অৰ্থ, আৰু অৰ্থৰ সম্ভাৱনা! এনে বাক্য এটা লিখিবলৈ মানুহজনৰ বোধ কিমান পূৰঠ হ’ব লাগিব! আৰু বহলাই নাথাকোঁ। চন্দনে নিজে ২০১৪ চনৰ ১৫ মাৰ্চৰ দিনা তলৰ ছবিখন তুলিছিল আৰু তাৰ নাম দিছিল …riverscape…as dusk descends over Luit, এই ছবিখনৰ বিষয়ে ১৫ মাৰ্চ ২০২২ দিনা লিখিছিল……. we hardly ever talk of the washer-women of Luit …..where will these women wash these large clothes if the old river is really drying up and dying !!!

And so the years turn into decades and time melts into a cauldron of irretrievable treasure trove

কি উপলব্ধি? কালি চিৰদিনলৈ চন্দনৰ জীৱনলৈ সন্ধিয়া নামি আহিল।কিন্তু, এটি সুগন্ধি পুৱাৰ দৰে চন্দনৰ স্মৃতি আমাৰ মনত জীপাল হৈ থাকিব ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd