• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৰাজ হাজবেণ্ড : জটিলতাবিহীন, নাটকীয়তাবিহীন এখন অসমীয়া চিনেমা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
October 3, 2023 3:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত। ভিলেজ ৰকষ্টাৰ,বুলবুল কেন ছিঙ খ্যাত প্ৰযোজক,পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় গত বৰ্ষৰ TIFF(Toronto International Film Festival)ত। TIFF ৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিৰ বাবে অফিচিয়েল চিলেকচনো লাভ কৰিবলৈ সক্ষম হয়। ৰীমা দাসৰ প্ৰযোজনা,পৰিচালনাৰ এই ছবিখনৰ ২১ ছেপ্তেম্বৰ তাৰিখে অসমৰ ছবিগৃহত মুক্তিৰ পূৰ্বে প্ৰিমিয়াৰ অনুষ্ঠিত হয়। বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত এই ছবিখন চলি আছে।

ছবিৰ আৰম্ভণি হয় ক’ভিড অতিমাৰীৰ সময়ত এটি পৰিয়ালৰ দৈনন্দিন জীৱনচৰ্যাৰ মাজেৰে। মফচলীয়া চহৰখনৰ পৰিবেশৰ মাজত ব্যৱসায়ী জান(অভিজিত দাস)আৰু পত্নী তৰা(তৰালী কলিতা দাস)সহ দুই সন্তানৰ জীৱনচৰ্যা। ৰীমা দাসৰ আন ছবিসমূহত দেখা যোৱাৰ দৰে প্ৰাকৃতিকভাৱে চৰিত্ৰ নিৰ্বাচন আৰু চিত্ৰগ্ৰহণৰ প্ৰক্ৰিয়া তৰাজ হাজবেণ্ডতো অব্যাহত আছে। সেইটো সমগ্ৰ ছবিখনৰেই এটি ভাল লগা দিশ। ছবিৰ আৰম্ভণিৰ কিছু অংশ সামান্য লেহেমীয়া গতিৰ। অৰ্থাৎ,চৰিত্ৰ আৰু পৰিস্থিতিক প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়া আৰু কিছু ক্ষীপ্ৰ কৰিব পৰা গ’ল হয়- যিদৰে পৰৱৰ্তী পৰ্যায়ত গতি লয় ছবিখনে। স্থানীয় ভাষাৰ প্ৰয়োগৰ লগতে গ্ৰাম্য পৰিবেশৰ প্ৰতিফলন স্পষ্ট।

Apply Now

এবাৰ লকডাউন হৈ যোৱাৰ পৰৱৰ্তী সময়ত কিছু পৰিমাণে বিপৰ্যস্ত হৈ পৰা জানৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি পৰিয়াললৈকে নিজৰ সমস্ত দ্বায়িত্ব সুকলমে পালনৰ প্ৰয়াসত লাগি থকা প্ৰচেষ্টাত কেনে কেনে জটিলতা আহে,তৰাৰ আন সবাৰে প্ৰতিক্ৰিয়া কি হয় তাক লৈয়েই ছবিখন আগবাঢ়ে। তৰাজ হাজবেণ্ডত যে একমাত্ৰ জানৰেই লকডাউনৰ পিছৰ যুঁজখন প্ৰদৰ্শন কৰা হৈছে এনে নহয়,তেওঁৰ লগতে আনুষংগিকভাৱে ভিন্নজনৰ ভিন্ন সংগ্ৰামৰ ছবিখনকো তুলি ধৰিছে পৰিচালকে। তেনে এটি প্ৰশংসনীয় দৃশ্যাংশ হৈছে নিজৰ বেকাৰীখন আন মালিকৰ হাতত চমজাই দি অহাৰ পিছত দুজন টোকাৰি গীত গাই থকা দৃষ্টিশক্তিহীন লোকৰ মুখামুখি হোৱা জান। প্ৰতীকীৰূপত ব্যৱহাৰ কৰা এনে বহু দৃশ্যই আছে চিনেমাখনত,সৰ্বসাধাৰণে অনুধাৱন কৰিব পৰাকৈ,জটিলতাবিহীন,নাটকীয়তাবিহীন। পৰিচালকক প্ৰশংসা কৰিবই লাগিব। মাজে মাজে মৃদু তথা স্বতঃস্ফূৰ্ত হাস্যৰসো দেখা গ’ল ছবিখনত। ক্ৰমশঃ কাহিনীৰ প্ৰগাঢ়তা বাঢ়ি আহে। সমান্তৰালকৈ বাঢ়ি আহে উৎকন্ঠা,উদ্বিগ্নতা।

এফালৰ পৰা চাবলৈ গ’লে কোনো সময়ত যদি তৰাৰ দৃষ্টিৰে আপুনি ছবিখন চাব পাৰিব,আন সময়ত জানৰ দৃষ্টিৰে। পিছে দুয়োৰে নিজ নিজ স্থিতিক,দৃষ্টিভংগীক সমানেই গ্ৰহণযোগ্যতাও প্ৰদান কৰিছে পৰিচালকে। ছবিখন চাই থাকোতে আমি সচৰাচৰে চকুৰ আগত দেখি থকা কিছু ঘটনাই দেখি আছো যেন লাগিব। পিছে এইসমূহ ঘটনাকেই যে ইমান প্ৰাকৃতিক আৰু সহজভাৱে চিনেমাৰ মাধ্যমত তুলি ধৰিব পৰা যায় সেয়া উচ্চ প্ৰশংসনীয় এক কলা। কাহিনীক তুংগলৈকে লৈ যোৱাৰ প্ৰক্ৰিয়াতো কুশলতা আছে কাহিনীকাৰৰ। ছবিখনৰ আলোকশিল্পৰ কাম ভাল লগা,যিদৰে ভাল লগা কাম দৃশ্যগ্ৰহণৰ। আন এটি খুব ভাল লগা দৃশ্যৰ কথা এইখিনিতে উল্লেখ কৰিবই লাগিব। ছবিখনৰ শেষাৰ্ধৰ ফালে জান আৰু কোনো এজন একেলগে বহি কথা পাতি থকাৰ শ্বটটি পিছফালৰ পৰা লোৱা হয়। দুয়োৰে মুখাবয়ব এবাৰো নেদেখোৱাকৈয়েই গ্ৰহণ কৰা সেই দৃশ্যাংশৰ বাবে বাৰ্তালাপখিনিয়েই যথেষ্ট। সম্পাদনাৰ দিশটোও আন এক ভাল লগা দিশ ছবিখনৰ। ছবিৰ অন্ত হে সামান্য লৰালৰিকৈ কৰা যেন লাগিল।

আৱহ-সংগীতৰ ব্যৱহাৰ বৰকৈ কৰা হোৱা নাই যদিও,যিখিনি কৰা হৈছে-সেইখিনি পৰিস্থিতি সাপেক্ষ। অভিনয়ৰ ক্ষেত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰা আটাইৰে অভিনয় স্বাভাৱিক যদিও,ছবিখনৰ মধ্যমণি হৈ পৰে জানৰ চৰিত্ৰতঅভিনয় কৰা অভিজিত দাস। তেওঁ‌ৰ আত্মস্থ অভিনয় ভূয়সী প্ৰসংশাৰ পাত্ৰ। এক কথাত ক’বলৈ গ’লে তৰাজ হাজবেণ্ড এখন আত্মোপলব্ধিৰ ছবি বহুতৰে বাবে। কোনোবাখিনিত নিজৰেই এভুমুকি দেখিব পাৰে আপুনিও।

ৰিমলী বৰকটকী।
লেখিকাৰ ইমেইল – [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd