• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰষুণ গলে জাপি, চোৰ গলে বুদ্ধি ওলায় জিএমডিএৰ : কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 6:31 pm
276
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ অ-ব্যাৱস্থাপনাৰ বাবে বাৰে বাৰে কৃত্ৰিম বানত মহানগৰবাসীয়ে জ্বলা কলা খাবলগীয়া হৈছে। সময় থাকোতে নলা-নৰ্দমা সমূহ পৰিস্কাৰ নকৰাৰ ফলত সম্প্ৰতি মহানগৰবাসীয়ে বানত ককবকাই থাকিব লগীয়া হৈছে।  মহানগৰৰ কৃত্ৰিম বান ব্যৱস্থাপনা এতিয়া একাংশৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। যাৰ কু-ফল ভুগিব লগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে। এই বিস্ফোৰক অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ শৰ্মাৰ। 

এক প্ৰেছ বিজ্ঞপ্তিত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই কয় যে- বছৰ বছৰ ধৰি কৃত্ৰিম বানে গুৱাহাটীবাসীক নৰক যন্ত্ৰণা খুৱাই আহিছে। প্ৰতিবছৰে চৰকাৰে এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয়। বান প্ৰশমনৰ বাবে কোটি কোটি ধন আৱণ্টন হোৱাৰ পিছতো বান নিয়ন্ত্ৰিত নোহোৱাতো পৰিতাপৰ কথা। 

আনহাতে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত চলি থকা ভেকোঁভাওনা উদঙাই দি দিলীপ শৰ্মাই কেতবোৰ বিষ্ফোৰক তথ্য দাঙি ধৰি কয় যে- পৰ্যাপ্ত ধন আৱণ্টনৰ পিছতো গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে সঠিক সময়ত বিহিত ব্যৱস্থা নোলোৱাৰ বাবে আজি দুদিন ধৰি মহানগৰবাসীয়ে নকৰ যন্ত্ৰণা ভুগি আছে । কেগৰ প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত কৰ্তৃপক্ষই ২০৯ কোটি টকা ব্যৱহাৰ কৰা নাছিল। জিএমচি আৰু জিএমডিএ-য়ে নলা-নৰ্দমা চাফা কৰাত আৱণ্টিত ধনৰ ১৫ কোটি, কঠিন আৱৰ্জনা ব্যৱস্থাপনাত ১২ কোটি আৰু কৃত্ৰিম বান নিয়ন্ত্ৰণ ব্যৱস্থাপনাত ১৬ কোটি টকা ব্যৱহাৰ কৰা নাছিল। আনহাতে ২০২১ চনৰ অক্টোবৰ মাহত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে ২৬ কোটি টকা ব্যয়েৰে ১০খন ছুপাৰ-ছাকাৰ ক্ৰয় কৰিছিল। এই বাহন কোইখন গুৱাহাটীৰ নলা সমূহ পৰিস্কাৰ কৰাৰ বাবে জিএমচিক হস্তান্তৰ কৰা হৈছিল। কিন্তু ব্য়ৱস্থাপনাৰ অভাৱত এইসমূহ এনেয়ে পৰি আছে। যাৰ ফলত অনিল-নবীন নগৰ, জু-ৰোড ,হাতিগাঁও, গান্ধীনগৰকে আদি কৰি মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছ। মহানগৰৰ এনে অৱস্থাৰ বাবে একমাত্ৰ দায়ী গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহাল। কিছুদিন পূৰ্বে এইবেলি মহানগৰবাসীয়ে কৃত্ৰিম বানৰ পৰা মুক্ত হৈ থকা বুলি দম্ভালি মৰা আশোক সিংহাল এতিয়া ক’ত?

উল্লেখ্য যে, কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে আৱিণ্টত ধনৰ উচিত ব্য়ৱহাৰ আৰু জিএমচি কতৃপক্ষক কথাত নহয় কামত নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ বিজ্ঞপ্তিযোগে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ গৰাকীয়ে দাবী জনায়।

Recent News

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd