- মহানগৰ আৰক্ষীয়ে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ সম্পাদক ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িত অনুৰাগ চলিহা আৰু দিবন ডেকাৰ বিৰুদ্ধে ১২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।
- সূত্ৰ অনুসৰি গোচৰটোৰ তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামাত বিজেপি নেতা অনুৰাগ চলিহা আৰু দিবন ডেকাৰ নাম স্পষ্টকৈ উল্লেখ কৰা হৈছে।
- কিন্তু অভিযুক্তৰ তালিকাখন দীঘলীয়া হ’লেও বিজেপি নেতা ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পিছত পোহৰলৈ অহা নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল কৰিব নোৱাৰিলে।
- ইয়াৰ কাৰণ হিচাপে পলাতক অভিমন্যু দাস আৰু আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি দৰ্শাইছে আৰক্ষীয়ে।
- জানিব পৰা মতে, অভিমন্যু দাসে থাইলেণ্ডলৈ পলায়ন কৰিছে।