মণিপুৰ আৰক্ষীয়ে ৱাংগু লাইফাম অঞ্চলত তালাচী অভিযানৰ চলাই যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে।
মণিপুৰ আৰক্ষীৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি মঙলবাৰে সন্ধিয়া ৩.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত এই তালাচী অভিযান চলোৱা হয়।
এই অভিযানৰ সময়ত ৱাংগু লাইফাম চিংগিয়াৰ কেইবাটাও ঘৰত তালাচী চলোৱাৰ লগতে ৱাংগু লাইফাম মান্যা পাহাৰৰ অঞ্চলসমূহতো অভিযান চলোৱা হয়।
ৱাংগু লাইফাম মাংয়াত পাহাৰৰ ৰেঞ্জৰ পৰা আৰক্ষীৰ দলটোৱে যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এ কে ৪৭, পাঁচটা এছ এল আৰ, এটা .৩০৩ ৰাইফল(মডিফাইড), এটা ইনছাছ ৰাইফল, তিনিটা .৩০৩ ৰাইফল, দুটা এছ বি বি এল, ১১টা এইচ ই গ্ৰেনেড, এটা চাইনিজ হেণ্ড গ্ৰেনেড, তিনিটা wp গ্ৰেন এম কে আই, ১৫ গ্ৰেনেড লঞ্চিং টিউব , ছটা ডিটনেটৰ, দুটা ডিটনেটৰ বক্স, ছটা বেলিষ্টিক কাৰ্টিজ, ১২ বৰৰ তিনিটা খালী কেচ, এটা বি পি ভেষ্ট, দুটা ৱাকি টকি , এটা খালী এ কে -৪৭ মেগজিন, এটা খালী ইনছাছ ৰাইফল মেগাজিন, চাৰিটা খালী .৩০৩ ৰাইফল মেগজিন, পাঁচটা খালী এছএলআৰ ৰাইফল মেগজিন আৰু এটা হস্তনিৰ্মিত পাইপ বোমা।
বিষয়াসকলে জনোৱা মতে, কমাণ্ডো ইউনিটৰ এটা সংযুক্ত দল, কাকচিঙৰ গাঁও প্ৰতিৰক্ষা বাহিনীৰ জোৱান, মণিপুৰ আৰক্ষী টেলিকম অৰ্গেনাইজেচনৰ কৰ্মী, ৱাংগু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সুগনু থানাৰ মহকুমা আৰক্ষী বিষয়া আৰু সেনাৰ কেইবাটাও বিভাগৰ নেতৃত্বত এই অভিযান চলোৱা হয়।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে মণিপুৰৰ ফ্ৰিঞ্জ অঞ্চলত চলোৱা তালাচী অভিযানৰ সময়তো বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছিল।
লাভ কৰা তথ্য অনুসৰি সমগ্ৰ পূৱ ইম্ফল, কাকচিং, বিষ্ণুপুৰ, চুৰাচান্দপুৰ, থৌবাল আৰু ইম্ফল পশ্চিম জিলাত ৰাজ্য আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে যৌথভাৱে এই তালাচী অভিযান চলাইছে।





