• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ নামত পুৰণি গছ নাকাটিবলৈ আহ্বান অভিনেতা আদিল হুছেইনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2023 8:15 pm
ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ নামত পুৰণি গছ নাকাটিবলৈ আহ্বান অভিনেতা আদিল হুছেইনৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘাইপথ প্ৰকল্পৰ বাবে পুৰণি গছ নাকাটিবলৈ চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক আহ্বান জনাইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে। 

আদিল হুছেইনে অসম চৰকাৰ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নামনি অসমত চাৰিশৰীয়া ঘাইপথ নিৰ্মাণৰ বাবে ২০০০ ৰো অধিক গছ কাটিবলৈ লোৱাৰ পৰিকল্পনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

এক ভিডিঅ’ বাৰ্তাযোগে হুছেইনে কয় যে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা পথটোৰ কাষৰ সেউজীয়া গছ-গছনিবোৰৰ সৈতে তেওঁৰ এক শক্তিশালী সম্পৰ্ক আছে। পথৰ দাঁতিত থকা কেইবা শতিকা পুৰণি গছবোৰৰ অবিহনে তেওঁ ঘৰলৈ যোৱাৰ কথা কল্পনাও কৰিব নোৱাৰে।

ইয়াৰ লগতে হুছেইনে বিশ্বৰ উন্নত দেশসমূহ ভ্ৰমণ কৰাৰ অভিজ্ঞতাও ব্যক্ত কৰে। উন্নত দেশবোৰত অহৰহ বৰষুণ হোৱাৰ পিছতো ৰাস্তা-ঘাট মেৰামতিৰ প্ৰয়োজন নহয় বুলি ব্যক্ত কৰে অভিনেতাগৰাকীয়ে।

হুছেইনে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক তেওঁলোকৰ পৰিকল্পনা পুনৰ বিবেচনা কৰি গছ-গছনি নষ্ট নকৰাকৈ ঘাইপথ নিৰ্মাণৰ উপায় বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

গছ-গছনি ৰক্ষাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ জনোৱা আহ্বানক তেওঁ প্ৰশংসা কৰি তেওঁ লগতে কয় যে অসমীয়া জনসাধাৰণে হলেণ্ডৰ দৰে উন্নত দেশৰ আদৰ্শ অনুসৰণ কৰিব লাগে, য’ত গছ কটাৰ বাবে কৰ্তৃপক্ষক জবাবদিহি কৰা হয়।

“প্ৰথম বিশ্বৰ দেশসমূহে উন্নয়ন সাধন কৰিবলৈ গছ নাকাটে। তেওঁলোকে নিজৰ গছ-গছনি, জলাশয় আৰু পৰিৱেশৰ যত্ন লয়। হলেণ্ডৰ দৰে ঠাইত যিকোনো কাৰণত গছ কাটিলে কৰ্তৃপক্ষই জনসাধাৰণৰ ওচৰত জবাবদিহি হয়।’’ – অভিনেতাগৰাকীয়ে এইদৰে কয়।

হুছেইনে উল্লেখ কৰে যে এই পুৰণি গছবোৰত কুঠাৰ নমৰাকৈও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্ভৱ। 

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচিত্ৰ নিৰ্মাতা ৰীমা দাস আৰু অভিনেতা আদিল হুছেইনৰ এই অনুৰোধক অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিমান গুৰুত্ব সহকাৰে ল’ব সেয়া সময়ত লক্ষনীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd