দীপাৱলী হিন্দু ধৰ্মৰ এক অতি গুৰুত্বপূৰ্ণ উৎসৱ। অহা ১২ অক্টোবৰ অৰ্থাৎ দেওবাৰে পালন কৰা হ’ব এইবৰ্ষৰ দীপাৱলী উৎসৱ।
হিন্দু ধৰ্মত পোহৰৰ তাৎপৰ্য আছে; যিহেতু পোহৰে পবিত্ৰতা, গুণ, সৌভাগ্য আৰু শক্তিক বুজায়। পোহৰৰ উপস্থিতি মানে আন্ধাৰ আৰু অশুভৰ অনুপস্থিতি। যিহেতু অমাৱস্যাৰ নিশা দীপাৱলী পালন কৰা হয়, গতিকে চৌদিশে সম্পূৰ্ণ আন্ধাৰ হৈ থাকে। এই আন্ধাৰৰ পৰা মুক্তি পাবলৈ মানুহে সকলোতে চাকি জ্বলাই দিয়ে।
ৰামায়ণৰ কাহিনী অনুসৰি এই সময়ত ভগৱান ৰাম ১৪ বছৰ বনবাসৰ অন্তত পত্নী আৰু ভাতৃৰ সৈতে অযোধ্যালৈ উভতি আহিছিল। অযোধ্যাবাসীয়ে নিজৰ মৰমৰ ৰজাৰ ৰাজ্যলৈ ঘূৰি অহাৰ মুহূৰ্তটো চাকি-বন্তি জ্বলাই উদযাপন কৰিছিল।
আনহাতে, মহাভাৰতৰ কাহিনী অনুসৰি নৰকাসুৰে ১৬ হাজাৰ মহিলাক বন্দী কৰি ৰাখিছিল। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰি এই ১৬ হাজাৰ মহিলাক উদ্ধাৰ কৰিছিল। এই ১৬ হাজাৰ মহিলা আছিল শ্ৰীকৃষ্ণৰেই পত্নী। আখ্যান অনুসৰি, দেৱালীৰ দিনাই নৰকাসুৰক হত্যা কৰা হৈছিল। দুষ্ট নৰকাসুৰৰ মৃত্যুৰ আনন্দত প্ৰজাসকলে আনন্দত চাকি-বন্তি জ্বলাই আনন্দ উদযাপন কৰিছিল। তেতিয়াৰ পৰাই এনেদৰে উদযাপন কৰা হৈছে দীপাৱলী।
মহাভাৰতৰ আন এটা কাহিনী কাহিনী অনুসৰি পাঁচজন পাণ্ডৱ আৰু কুন্তী ১২ বছৰ বনবাস আৰু ১ বছৰ অজ্ঞাত বাসত আছিল। এই নিৰ্বাসনৰ শেষত যেতিয়া তেওঁলোক হস্তিনাপুৰলৈ উভতি আহিছিল, তেতিয়া তেওঁলোকক পোহৰেৰে আদৰণি জনোৱা হৈছিল। আনহাতে জৈন ধৰ্মৰ পৰা জনা যায় যে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক মহাবীৰে দীপাৱলীতে নিৰ্বাণ লাভ কৰিছিল।
গতিকে এইবোৰ কাহিনী মতেই বিশ্বাসেৰে দিপাৱলীৰ দিনআ চাকি জ্বলোৱা হয়।