• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 8:26 pm
399
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাগৰৰ পাৰত সিঁচৰতি হৈ আছে শ শ ডলফিন আৰু তিমিৰ মৃতদেহ। তেজৰ ৰঙত ৰঙা হৈ পৰিছে সাগৰৰ পানী। এনে এক ভয়ানক দৃশ্য চাবলৈ ডাঙৰৰ লগতে সৰু ল’ৰা-ছোৱালীয়েও ভিৰ কৰিছে। অসহায় প্ৰাণীবিলাকক ছুৰীৰে কাটি মৰা দেখি একাংশ মানুহে বিকৃতভাৱে উল্লাস কৰিছে। হাজাৰ বছৰ পুৰণি পৰম্পৰা পালনৰ নামত ডেনমাৰ্কৰ ফাৰো দ্বীপত পুনৰ এই নিষ্ঠুৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ভাইকিং যুগৰ ‘দ্য গ্ৰাইণ্ড’ নামৰ এই উৎসৱৰ ছবি পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বতে ইয়াৰ তীব্ৰ নিন্দা কৰা হৈছে। এই হত্যাক অতি সোনকালে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে।

জানিব পৰা মতে, যোৱা ২৭ মে’ তাৰিখে ফাৰো দ্বীপত মৃত্যুৰ এই ভয়ানক উৎসৱ পালন কৰা হৈছিল। ‘দ্য গ্ৰাইণ্ড’ৰ সময়ত সাগৰৰ পৰা প্ৰায় ৭০০ তিমি আৰু ডলফিন জালৰ সহায়ত নাৱেৰে পাৰলৈ টানি অনা হয়। এই হত্যাকাণ্ড চাবলৈ সাগৰৰ পাৰত বিপুল সংখ্যক মানুহ গোট খায়। ইয়াৰ পিছত এদল মানুহে হাতত ছুৰী লৈ অগভীৰ পানীলৈ নামি যায় আৰু জীৱন্ত অৱস্থাতে প্ৰাণীবিলাকক টুকুৰা-টুকুৰকৈ কাটি পেলায়। এই নিষ্ঠুৰ হত্যাৰ ফলত সাগৰৰ পানী তেজৰে ৰঙা হৈ পৰে আৰু সাগৰৰ পাৰত মৃত প্ৰাণীবোৰৰ দেহ পৰি থাকে। এই ভয়ংকৰ দৃশ্য ছচিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

সাগৰীয় জীৱ সংৰক্ষণৰ বাবে কাম কৰা স্বেচ্ছাসেৱী সংস্থা ‘চি শ্বেফাৰ্ড’ৰ সঞ্চালক ভেলেণ্টিনা ক্ৰাষ্টে কয় যে তেওঁ এই ভয়ানক অনুষ্ঠান বন্ধ কৰিবলৈ ইউৰোপৰ চৰকাৰবোৰক বহুবাৰ অনুৰোধ জনাইছে। কিন্তু এই পুৰণি প্ৰথা বন্ধ কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা হোৱা নাই। জীৱ-জন্তুৰ অধিকাৰৰ বাবে কাম কৰা সংস্থা ‘পেটা’ৰ সভানেত্ৰী এলিছা এলেনে কয় যে এয়া এক ভয়ংকৰ নিষ্ঠুৰতাৰ উৎসৱ। এই প্ৰাণীবিলাকে নিজৰ পৰিয়ালৰ সৈতে সাগৰত ঘূৰি ফুৰে আৰু উৎসৱৰ নামত সিহঁতৰ গোটেই পৰিয়ালটোক অতি নিষ্ঠুৰভাৱে হত্যা কৰা হয়। অৱশ্যে ফাৰো দ্বীপপুঞ্জৰ প্ৰশাসনে দাবী কৰিছে যে এই উৎসৱৰ সময়ত পৰিৱেশৰ দিশটোক যথেষ্ট গুৰুত্ব দিয়া হয়। তেওঁলোকৰ মতে, উত্তৰ আটলাণ্টিক মহাসাগৰত ডলফিন আৰু তিমিৰ সংখ্যা যথেষ্ট পৰিমাণে আছে।

প্ৰতিবেদন অনুসৰি, উৎসৱৰ সময়ত স্কটলেণ্ডৰ পৰা ২০০ মাইল দূৰত থকা টৰ্চভনত ৪০২ টা পাইলট তিমি হত্যা কৰা হৈছে। স্কালাবোটনুৰত ১৬৮ টা আৰু হাভালভিকত ১৩২ টা একে প্ৰজাতিৰ ডলফিন মৰা হৈছে। সকলো মিলি এই হত্যাযজ্ঞত ৭০৬ টা নিৰীহ প্ৰাণীৰ প্ৰাণ গৈছে। উল্লেখ্য যে, ফাৰো দ্বীপপুঞ্জৰ এই মৃত্যুৰ উৎসৱ হাজাৰ বছৰৰ আগৰ ভাইকিং যুগৰ পৰাই চলি আহিছে। স্বেচ্ছাসেৱীসকলৰ মতে, বৰ্তমান যুগত এনেকুৱা উৎসৱ পালন কৰাৰ কোনো প্ৰয়োজন নাই। আনহাতে, ফাৰো দ্বীপপুঞ্জৰ সংসদে নিজৰ প্ৰাণী সুৰক্ষা আইন সলনি কৰি ডলফিন সংৰক্ষণৰ নিয়ম বাতিল কৰিছে। যাৰ ফলত প্ৰতি বছৰে এনেদৰে হাজাৰ হাজাৰ ডলফিন আৰু তিমিয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd