মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়, ‘আজি ভোটদানৰ দিনটোত ৰাজনৈতিক বতাহ লক্ষ্য কৰি গৈ মই নিশ্চিত যে মিজোৰামত এম এন এফে ক্ষমতা অক্ষুণ্ণ ৰাখিব।”
তেওঁ লগতে কয়, ‘আমি (এম এন এফে) মিজোৰামত আৰামত চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি বিশ্বাসী”
এম এন এফৰ মুৰব্বীগৰাকীয়ে আৰু কয় যে চৰকাৰ গঠনৰ বাবে এম এন এফে আন যিকোনো দলৰ সৈতে মিত্ৰতা কৰিবলগা পৰিস্থিতিৰ সৃষ্টি নহ’ব।
‘চৰকাৰ গঠন কৰিবলৈ হ’লে ২১খন আসনৰ প্ৰয়োজন। আমি আশা কৰোঁ যে আমি তাতকৈ অধিকআসন লাভ কৰিম। আমি ২৫ খনতকৈও অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে। মই বিশ্বাস কৰোঁ যে আমি সংখ্যাগৰিষ্ঠ আসন লাভ কৰিম।’
১৯-আইজল ভেংলাই-আই ৱাই এম এ হল ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ পিছত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।
আইজল ইষ্ট-আই সমষ্টিৰ পৰা মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জোৰামথাংগাই।
উল্লেখ্য যে ইভিএমৰ বিজুতিৰ বাবে প্ৰথম প্ৰচেষ্টাত ব্যৰ্থ হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে ভোটদান কৰিছিল জোৰামথাংগাই।