• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোৱণশিৰি কিয় শুকাই গৈছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2023 8:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোৱণশিৰি কিয় শুকাই গৈছিল? সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। ই তিব্বতৰ পৰা ওলাই  অৰুণাচল হৈ ধেমাজিৰে অসমত সোমাইছে। তাৰ পৰা তললৈ নামি আহি জামুগুৰিঘাটত  ব্ৰহ্মপুত্ৰত পৰিছে।সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যিমান পানী বৈ যায় তাৰ প্ৰায় ৮% পানী সোৱণশিৰিৰ।হৰিণাৰ দেহেই বৈৰী হোৱাৰ দৰে সোৱণশিৰিৰ পানীয়ে সোৱণশিৰিৰ বৈৰী হ’ল নেকি? এই যে আজি কেইদিনমানৰ আগতে ২৭ অক্টোবৰৰ দিনা  কেইঘন্টামানৰ বাবে  সোৱণশিৰিৰ পানী শুকাই গৈ নদীখনৰ তলি ওলাই গৈছিল, সেইটো কি এটা স্বাভাৱিক ঘটনা আছিল? এখন নদীৰ প্ৰাণটো ক’ত থাকে?  তাৰ পানী আৰু সোঁতত। কথাতে কয়, নৈ বৈ যায়। এখন নদীৰ সোঁত আৰু পানীত তাৰ গৰ্ভৰ পৰা পানীযুঁৱলিলৈকে, আৰু পানীযুঁৱলিৰ পৰা নদীখনৰ পাৰলৈকে, এখন দৃশ্যমান আৰু অদৃশ্যমান প্ৰাণী আৰু উদ্ভিদ জগত – এক জৈৱ-বৈচিত্ৰ্য। মাছ-কাছ আমি দেখোঁ বুলিহে, আমি নেদেখা নমনা আৰু কত কি? বাৰিষাৰ পৰা শৰালি লৈ, এখন নৈ, জন্ম আৰু মৃত্যুৰ, সৃষ্টি আৰু ধ্বংসৰ, এক অবিৰত প্ৰক্ৰিয়া। নৈক লৈয়ে সভ্যতা, সংস্কৃতি, নগৰ, মহানগৰ, বেপাৰ, বণিজ। সঁচা,কেতিয়াবা হঠাৎ ঘটা প্ৰাকৃতিক দুৰ্যোগে নৈত প্ৰলয় আনিব পাৰে,মুহূৰ্ততে সকলো তচ-নচ কৰি দিব পাৰে, যেনেকৈ ১৯৫০ চনৰ ভূমিকম্পত কেইদিনমানৰ বাবে সোৱণশিৰিৰ মুখ বন্ধ হৈ গৈছিল। তেতিয়া, ডিনামাইটেৰে নদীৰ মুখ মুকলি কৰাৰ আগতে, চৰকাৰে হেনো নামনিৰ নৈ পৰীয়া ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিলাই সোৱণশিৰিত নামি মাছ নামাৰিবলৈ ৰাইজক সতৰ্ক কৰি দিছিল। সেই চৰকাৰী সতৰ্কবাণী নামানি,  সোৱণশিৰিত মাছ ধৰি থকা ৮০০ নে কিমান মানুহক, নদীৰ কোবাল সোঁতে নিমিষতে উটুৱাই নি নোহোৱা কৰি দিছিল।তেতিয়াৰ পৰা এতিয়ালৈ, আজি ৭২ বছৰে নদীখনে তাৰ স্বাভাৱিক জীৱন যাপন কৰি আহিছে।

কিন্তু, যোৱা ২৭ অক্টোৱৰৰ দিনা কি হ’ল? মানুহৰ,  মানে NHPCৰ হস্তক্ষেপৰ বাবে কেইঘন্টামানৰ বাবে নদীখন শুকাই গ’ল। পানীজীৱী জগতৰ মাজত হাহাকাৰ লাগিল।মাছ-কাছৰ মৃত্যু তাৰ চাক্ষুখ সাক্ষীহে আছিল, তাৰ অচাক্ষুখ ক্ষতি কিমান হৈছিল সেইটো এতিয়া কোনে কেনেকৈ ঠাৱৰ কৰিব? তাৰ জানো কিবা অধ্যয়ন, অনুসন্ধান হ’ব?

Apply Now

মাত্ৰ কেইঘন্টামানৰ বাবে সোৱণশিৰি শুকাই যোৱা এই ঘটনাটো এটা মামুলি ঘটনা নে? ইয়াৰ লগত কত কিমান প্ৰশ্ন জড়িত হৈ আছে? জড়িত হৈ আছে বহু বছৰৰ ইতিহাস? জড়িত হৈ আছে আমাৰ উন্নয়ন বিলাস।সোৱণশিৰিৰ বানে প্ৰতি বছৰে ধেমাজিৰ  ৰাইজক নাকনি-কাননি কৰিছিল। মানুহে বান প্ৰতিৰোধৰ কথা চিন্তা কৰিছিল। অসম চুক্তিততো সোৱণশিৰিত বান্ধ দি বানপানী নিয়ন্ত্ৰণৰ পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ আছিল।ৰাইজেই সোৱণশিৰি বন্ধাৰ দাবী তুলিছিল। সেয়া আছিল বিগত শতিকাৰ শেষৰ দশক আৰু চলিত শতিকাৰ আৰম্ভণিৰ দশকৰ কথা। আজিৰ পৰা চাৰি দশক আগতে কোনো কোনোৱে আনকি ব্ৰহ্মপুত্ৰক বান্ধিও শক্তি উৎপাদন কৰাৰ কথা কৈছিল। কালক্ৰমত সোৱণশিৰি বান্ধৰ পৰা বানপানী নিয়ন্ত্ৰণৰ কথাটো বাদ পৰিল।সোৱণশিৰি বান্ধৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিল বিদ্যুৎ উৎপাদন। তাৰ পিছত NHPCয়ে বাৰে বাৰে বান্ধ বান্ধে, বাৰে বাৰে বান্ধ খহে। পাহাৰুৱা মাটি ক্ষণভংগুৰ। কিমানবাৰ যে বান্ধৰ নক্সা সলোৱা হৈছে তাৰ হিচাপ নাই। যি ৰাইজে এসময়ত বান্ধ বিচাৰিছিল সেই ৰাইজে  পিছলৈ বান্ধৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে।দল-সংগঠন নদীবান্ধ বিৰোধী আন্দোলনত জঁপিয়াই পৰিল। সেই আন্দোলনৰ কাহিনী নতুন এক অধ্যায়! সি এতিয়া এক লোক কথা। কি যাদুৰ বলত এদিন নদীবান্ধ বিৰোধী আন্দোলনৰ কোঢ়াল নিমজ পৰিল! তথাপি এতিয়াও মাজে মাজে বান্ধৰ বেৰ খহে। সেইটো খবৰ হয়।

উপৰ্যুপৰি হোৱা দুৰ্যোগে গেৰুকামুখ প্ৰকল্পলৈ অনিশ্চয়তা মাতি আনে। মানুহৰ কামৰ বাবে  নদী এখন শুকাই যোৱাটো এটা সাধাৰণ কথা নহয়। কিন্তু, এই সকলোবোৰৰ গুৰিটো কি? গুৰিটো হ’ল উন্নয়ন।গেৰুকামুখ প্ৰকল্প পুৰণি হ’ল। কিন্তু, নিৰ্মাণ মতলীয়া চৰকাৰে এতিয়া যেনেকৈ এফালৰ পৰা সকলো মহতীয়াই নিব ধৰিছে, সি যে আমাৰ সৰ্বনাশ কৰিব সেইটো ধুৰূপ। উলম্ব উন্নয়ন- ওখ ওখ অট্টালিকা, ওখ ওখ দলং আৰু উৰণীয়া সেতু, আৰু উৰণীয়া সেঁতু। চাৰিওফালে গড়কাপ্তানী, কেৱল গড়কাপ্তানী।

এই উলম্ব উন্নয়ন আৰু গড়কাপ্তানীয়ে আমাক ক’লৈ লৈ যাব? উন্নয়ন আৰু উন্নয়ন, অথচ ল’ৰা-ছোৱালীৰ চাকৰি নাই। এতিয়া উন্নয়নৰ মাপকাঠি হৈ পৰিছে কোনে কিমান বিদ্যুৎ খৰচ কৰিব পাৰে।ই এটা ভয়ানক মাপকাঠি।আমি যদি এই মাপকাঠিৰে আগুৱাই যাওঁ, নদী শুকাই যাব, পাহাৰ, পৰ্বত, হাবি-বননি নোহোৱা হ’ব।আমাৰ বিলাস বৈভৱে আমাৰ সৰ্বনাশ সাধিব। সেয়ে, এদিনৰ বাবে হ’লেও সোৱণশিৰি শুকোৱাটো এক ভয়াবহ আগজাননী।এটা পাৰিপাৰ্শ্বিক অৱস্থা হাজাৰ বছৰৰ সৃষ্টি। আমি অনায়াসে তাক ধ্বংস কৰিব পাৰোঁ, কিন্তু, হাজাৰ চেষ্টা কৰিও আগৰ অৱস্থালৈ নিব নোৱাৰোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd