দোকানৰ পৰা পেকেটত ভৰোৱা খাদ্য কিনাৰ সময়ত আমি সদায় ম্যাদৰ তাৰিখটো চাও বা চোৱা উচিত। কিন্তু ম্যাদ চোৱাৰ লগতে পেকেটৰ ভিতৰত থকা খাদ্যত পোক-পৰুৱা বা বীজাণু আছে নে নাই সেইটোও পৰীক্ষা কৰাতো সম্ভৱ নহয়।
কিন্তু এতিয়াৰ পৰা চিন্তা নাই। এতিয়াৰ পৰা আপোনাৰ হাতত থকা স্মাৰ্ট ফোনটোৰ পৰাই পৰীক্ষা কৰি চাব পাৰিব। আপনাৰ ফোনটোৱেই কৈ দিব যে আপুনি খাবলৈ লোৱা খাদ্যত কিবা পোক-পৰুৱা বা বিজাণু আছে নে নাই।
ইতিমধ্যেই গুগল প্লে ষ্ট’ৰত উপলব্ধ হৈছে এটা বিশেষ এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ দ্বাৰাই আপুনি স্কেন কৰি আপোনাৰ খাদ্য পৰীক্ষা কৰি চাব পাৰিব। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই এপটোৰ খবৰ।
এপটোৱে কেনেকৈ কাম কৰে?
এই এপটোৰ ভিতৰত আছে এটা স্কেনাৰ। প্ৰথমে পেকেটত ভৰোৱা খাদ্যৰ ওপৰত স্কেনাৰটো ৰখা হয়। কেইছেকেণ্ডমানৰ ভিতৰতে এপটোৱে জনাই দিয়ে কোনটো খাদ্য ভাল আৰু কোনটো বেয়া। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে, ই কেৱল পেকেটত ভৰোৱা খাদ্যতহে কাম কৰিবনে? সামাজিক মাধ্যমত এপটোৰ বিষয়ে প্ৰচাৰ হৈ থকা ভিডিঅ’ত এইদৰেই দেখুওৱা হৈছে।
এই এপটোৱে অসংখ্য খাদ্য স্কেন কৰিব পাৰে। আনকি এতিয়ালৈকে এপটোৱে সঠিকভাৱে কাম কৰি আছে নেকি চাবলৈ ১০০ৰো অধিক ব্যঞ্জন পৰীক্ষা কৰা হৈছে। এই ভিডিঅ’টোৱে এক্স (টুইটাৰ) ব্যৱহাৰকাৰীৰ পৰা যথেষ্ট সঁহাৰি পাইছে। বহুতে মন্তব্য কৰিছে যে এই এপটোৰ দ্বাৰা তেওঁলোক সঁচাকৈয়ে উপকৃত হৈছে।
এপটোৰ নাম কি?
এই এপটোৰ নাম Insect Food Scanner। প্লে ষ্ট’ৰত এই একে নামৰ বহুতো এপ পাব। গতিকে ডাউনলোড কৰাৰ আগতে সকলো দিশ বিবেচনা কৰক আৰু তাৰ পিছতহে ডাউনলোড কৰক। যাতে অচিনাকি এপ এটাই আপোনাক প্ৰতাৰণা কৰিব নোৱাৰে।