ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰতিগৰাকী ৰাছিয়ান মহিলাক ৮টা বা তাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে।
মঙলবাৰে মস্কোত বিশ্ব ৰাছিয়ান পিপলছ কাউন্সিলত ভিডিঅ’ লিংকৰ জৰিয়তে দিয়া ভাষণত পুটিনে এই আহ্বান জনাইছে।
পৰিষদত ভাষণ দি পুটিনে কয় যে অহা দশকত আমাৰ লক্ষ্য হৈছে ৰাছিয়াৰ জনসংখ্যা বৃদ্ধি কৰা। আমাৰ বহু জনগোষ্ঠীয়ে চাৰি, পাঁচ বা তাতকৈ অধিক সন্তান থকা শক্তিশালী বহু প্ৰজন্মৰ পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি ৰাখিছে। মনত পেলাওক, আমাৰ বহু ককা-আইতাৰ সময়ত তেওঁলোকৰ সাত, আঠ বা তাতকৈ অধিক সন্তান আছিল।
লগতে পঢ়কঃ এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ
তেওঁ লগতে কয়, ‘আহক আমি এই অতুলনীয় পৰম্পৰাবোৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰোঁ। বৃহৎ পৰিয়ালবোৰে অৱশ্যে আদৰ্শ হৈ পৰিব লাগিব। ৰাছিয়ানসকলৰ বাবে ই এক জীৱনশৈলী। পৰিয়াল কেৱল ৰাষ্ট্ৰ আৰু সমাজৰ ভেটি নহয়, ই এক আধ্যাত্মিক পৰিঘটনা, নৈতিকতাৰ উৎস।’
উল্লেখ্য যে, নব্বৈৰ দশকৰ পৰা ৰাছিয়াৰ জন্মৰ হাৰ কমি আহিছে আৰু যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দেশখনত ৩ লাখতকৈ অধিক লোক হতাহত হৈছে।