• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰঙাটাপু ১৯৮২: সুবিধাজনক স্থিতিত থাকি কৰা এক মনোৰঞ্জনৰ প্ৰয়াস!

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 2, 2023 6:13 pm
Rongatapu 1982
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবিখনৰ নামটো নিশ্চয়কৈ অসমৰ পাঠকৰ বাবে অচিনাকি নহয়। হয়, অসমৰেই এসময়ৰ ৰক্তাক্ত ইতিহাসৰ এক খণ্ডচিত্ৰৰে নিৰ্মাণ কৰা ছবি ৰঙাটাপু-১৯৮২ ৰ কথাৰেই আজিৰ এই লিখা। গত ২৪ নৱেম্বৰ তাৰিখে মুক্তিলাভ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ আদিত্যম শইকীয়াৰ। ছবিখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।

ছবিখনৰ আৰম্ভণি উৎকন্ঠা তথা উত্তেজনামিশ্ৰিত দৃশ্যাংশৰ মাজেৰে। তাৰপিছত মূল কাহিনীৰ আৰম্ভণি। বৰলুইতৰ মাজৰ ৰঙাটাপুৰ সমীপবৰ্তী গাঁ‌ৱৰ মানুহৰ জীৱনচৰ্যাৰে ছবিৰ আৰম্ভণি। দীৰ্ঘকালৰ পৰা ৰঙাটাপুত কৃষিকৰ্ম কৰি অহা গাওঁবাসী অবৈধ প্ৰব্ৰজনকাৰীৰ উপদ্ৰৱত নিজৰ খেতি-বাতি বাদ দিবলগা এক পৰিস্থিতিক দৰ্শোৱা হৈছে।

Apply Now

সম্পূৰ্ণৰূপে নিভাঁজ এক গ্ৰাম্য পৰিবেশৰ ছবি দৰ্শকৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে পৰিচালক। প্ৰথমেই ক’ব লাগিব ৰঙাটাপুৰ কাহিনী আৰু চিত্ৰনাট্যৰ কথা। এক সু-গঠিত তথা শৃংখলাবদ্ধ কাহিনীৰ অভাৱ আৰু দুৰ্বল চিত্ৰনাট্য ৰঙাটাপুৰ আটাইতকৈ দুৰ্বল দিশ।

সাৱলীল গতিত নগৈ কাহিনীভাগ খণ্ড খণ্ডকৈ আগবাঢ়ে। আৰু কাহিনী তথা চিত্ৰনাট্যৰ এই দুৰ্বলতাৰ লগতেই দুৰ্বল সম্পাদনাই বহুসময়ত ছবিখনক এক ঠেৰুচিগা ৰূপ দিছে। ফলত ছবিখন চাই থাকোতে পৰৱৰ্তী পৰ্যায়ত কি হ’ব তাক লৈ কোনোধৰণৰ আগ্ৰহ নজন্মে।

হত্যা, হিংসা, যৌনকেন্দ্ৰিক অপৰাধ, মৃত্যু তথা সাম্প্ৰদায়িক বিষয়বস্তুও আছিলে চিনেমাখনত। যদিওবা এনেধৰণৰ সংবেদনশীল তথা স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবি এখনত ভিন্ন প্ৰকাৰৰ আৱেগৰ প্ৰয়োগ কৰিব পৰাৰ বৃহৎ থল আছিল, কিন্তু এইখিনিতো কাহিনীকাৰ, পৰিচালক সম্পূৰ্ণৰূপে বিফল।

কোনো এটা দৃশ্যতেই কোনোধৰণৰ আৱেগ অনুভৱ কৰিব পৰাৰ উপাদান পোৱা নগ’ল। যেনে-একমাত্ৰ হাঁ‌হিৰ খোৰাক যোগাবৰ বাবেই অৱতাৰণা কৰা প্ৰতিভা চৌধুৰী আৰু তেওঁৰ প্ৰতিবেশীগৰাকীৰ মুখচুপতিৰ কাজিয়াখনতো যিদৰে যৎসামান্যও হাঁ‌হিৰ উঠাৰ অৱকাশ নাছিল, ঠিক একেদৰেই ৰিম্পী দাসৰ শৰীৰটো অগ্নিদদ্ধ হোৱাৰ দৃশ্যটোতো কোনোধৰণৰ দুখ লগাৰ অৱকাশ নাছিলে।

কাৰণ, নিজৰ দেহত সামান্যকৈ জুই লগা অৱস্থাতো নিজকে ৰক্ষা কৰিবলৈ কোনোধৰণৰ চেষ্টা নকৰাটো, জ্বলি থাকোতেও কোনো ধৰফৰনি নোহোৱাটো অতিশয় দৃষ্টিকটু এক দৃশ্য আছিল।

লগতেই আন এক দৃষ্টিকটু দিশ হৈছে- টাপুৰ ইছলামধৰ্মী পুৰুষসকলক প্ৰায় সকলো সময়তে মাথোঁ বিকৃত যৌনলালসাগ্ৰস্ত পুৰুষ ৰূপে দেখুওৱা হৈছে আৰু বিকৃত যৌন-কামনা আৰু হত্যা-হিংসাৰ বাদে আন কোনো কথা পতাও দেখুওৱা হোৱা নাই।

মূলতঃ এনে লাগিল যে যি গভীৰ আৰু স্পৰ্শকাতৰ বিষয়বস্তু, তাক স্পৰ্শ কৰাৰ পৰা বহু দূৰৈত, সুবিধাজনক স্থিতিত থাকি কৰা এক মনোৰঞ্জনৰ প্ৰয়াস, যিটোও অসফল। ৰঙাটাপুৰ দৃশ্যায়ন ভাল হৈছে। বহু সুন্দৰ দৃশ্যাংশ আছে ছবিখনত।

লগতে সামগ্ৰিকভাৱে ১৯৮২ৰ পটভূমিৰ ছবি হিচাপে ঘৰ-দুৱাৰ, সাজ-পোছাক আদিৰ ব্যৱহাৰ সমুচিত। আৱহ-সংগীতৰ ব্যৱহাৰ ভাল। অভিনয়ৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ থল কাৰোৰেই নাই বুলিলেও ভুল নহ’ব।

তথাপি কল্পনা কলিতা আৰু গুঞ্জন ভৰদ্বাজৰ অভিনয়ৰ বিষয়ে উল্লেখ কৰিব লাগিব। ভাগিৰথীৰ অভিনয় সম্পূৰ্ণ মঞ্চৰ অভিনয়। আইমী বৰুৱাৰ চৰিত্ৰটোৰ প্ৰায় সকলো সময়তে একেধৰণৰ অভিব্যক্তিতো কোনো প্ৰাণ নাছিল।

যদিওবা, ছবিখনৰ দৈৰ্ঘ্য খুব বেছি নহয়, পিছে ছবিৰ শেষাৰ্ধত অন্তত আৰু কি হয় জানিবৰ ইচ্ছা জন্মাতকৈ ছবিখন কিদৰে শেষ হয়, তালৈহে অপেক্ষা কৰিবলগা হৈছিল।

লেখিকাৰ মেইল: [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd