• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ তাৎপৰ্য

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
December 4, 2023 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবামাহ জোৰা প্ৰস্তুতি মাত্ৰ তিনি ঘন্টাৰ ভিতৰতে তচনচ হৈ যাব পাৰে। ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেঙ্গানাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আজি কেইমাহমান ধৰি কিমান বাক-বিতণ্ডা, কিমান বিতৰ্ক! তাৰ পিছত, তিনি ডিচেম্বৰক লৈ কত কিমান জল্পনা-কল্পনা? তাৰ আগতে এক ডিচেম্বৰৰ দিনা ওলোৱা এগজিট পল(exist poll)ক লৈ কিমান আলোচনা?

কিন্তু, তিনি ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ১১ বজাৰ ভিতৰত সকলো হিচাপ-নিকাচ ওলট-পালট হৈ গ’ল। সকলোৱে ভাবিছিল যে এইবাৰ মধ্যপ্ৰদেশত বিজেপি হাৰিব, বিশেষকৈ তাত গা কৰি উঠা প্ৰতিষ্ঠান বিৰোধিতাৰ বাবে। কিয়নো, ইয়াৰ আগৰ বাৰেই মধ্যপ্ৰদেশত বিজেপি পৰাজিত হৈছিল। কংগ্ৰেছৰ কমল নাথে তাত চৰকাৰ কৰিছিল। পিছত কংগ্ৰেছৰ পৰা জ্যোতিৰাদিত্য সিণ্ডিয়া ফৈদটো ফাটি গৈ বিজেপিৰ লগ লগা কাৰণেহে তাত আকৌ বিজেপিৰ চৰকাৰ হৈছিল।

Apply Now

কিন্তু, মধ্যপ্ৰদেশৰ নিৰ্বাচনী ফলাফলত প্ৰতিষ্ঠান বিৰোধিতাৰ কোনো চিন মোকাম পোৱা নগ’ল। ৰাজস্থানত আজি কিছুদিন ধৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ পৰিবৰ্তন হোৱাৰ ধাৰা এটা চলি আছে। এইবাৰ বহুতেই ভাবিছিল যে তাৰ ব্যতিক্ৰম হ’ব। নাই তাতো সেইটো নহ’ল। ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ অহাৰ আগতে তাত বিজেপিৰ চৰকাৰ আছিল। বহুতেই ভাবিছিল যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তাত ইমান জনকল্যাণমূলক কাম কৰিছে যে এইবাৰ তেওঁ শাসনলৈ ঘূৰি অহাটো নিশ্চিত। প্ৰটিটো এগজিট পলেও তাকেই কৈছিল। কিন্তু, তাতো কংগ্ৰেছৰ পৰাজয় হ’ল।

তাৰ পিছত থাকিল তেলেংগানা। সৌসিদিনালৈকে তেলেংগানাত কংগ্ৰেছে চৰকাৰ কৰিব, এনে কথা কোনেও ভবাই নাছিল। কিন্তু, ভাৰত জোড়ো অভিযানৰ পিছত, তেলেংগানা কংগ্ৰেছত এক বিশেষ পৰিবৰ্তন পৰিলক্ষিত হৈছিল। তেলেংগানাত কংগ্ৰেছৰ সভাপতি ৰেভন্থ ৰেড্ডীয়ে দলটো পুনৰুজ্জীৱিত কৰি তুলিছিল। এতিয়া, এক তীব্ৰ প্ৰতিষ্ঠান বিৰোধিতা আৰু কংগ্ৰেছৰ সাংগঠনিক সংহতকৰণে তাত বি আৰ এচক পৰাভূত কৰি কংগ্ৰেছক শাসনলৈ অহাত সহায় কৰিলে। মিজোৰামত অৱশ্যে এন ডি এৰ একালৰ সমৰ্থক এম এন এফৰ বিপৰীতে জাতীয়তাবাদী জেপিএমৰহে জয়যাত্ৰা অব্যাহত আছে।

উত্তৰ ভাৰতৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিৰ জয় আৰু কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ আৰু তাৰ তাৎপৰ্য কি? প্ৰথমতে আমি চাওঁ, কিয় তাত বিজেপি জয়ী হ’ল? ৰাজস্থান আৰু ছত্তীশগড়ত প্ৰতিষ্ঠান বিৰোধিতাৰ কথাটো কিন্তু আমি একেবাৰে নুই কৰিব নোৱাৰোঁ। ৰাজস্থানতটো নোৱাৰোঁৱেই। কিন্তু, সেইটো বাদ দিলে, কিয় বিজেপি জিকিল?

মই ভাবোঁ, তাৰ মূল কাৰণ তিনিটা- ১) এটা বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি, ২) তেওঁলোকে গৰীৱ তোষণৰ বাবে আৰম্ভ কৰা অৰ্থনৈতিক সা-সুবিধা আৰু ৩) নিৰ্বাচনী ৰণ কৌশল। মন কৰিব এই তিনিটাৰ এটাৰ লগত আনটোৰ সম্পৰ্ক আছে। হিন্দুত্বৰ ৰাজনীতিৰ অৰ্থ হ’ল- বিজেপিয়ে ভালেই কৰক বা ভুলেই কৰক, এচাম মানুহে বিজেপিৰ ৰাজনৈতিক আদৰ্শৰ বাবে তেওঁলোকৰ লগত থাকিবই।

এওঁলোকে ভাবে যে মোদী হ’ল এক অৱতাৰী পুৰুষ, তেওঁৰ নেতৃত্বত ভাৰতীয় জাতীয়তাবাদৰ চাৰিওফালে জয়জয় ময়ময় হ’ব। আকৌ মোদীৰ যাদু। এইবোৰ কথা বিশ্বাস কৰা তেওঁলোকৰ এটা স্থায়ী ভোট ভিত্তি আছে। তাৰ পিছত আহিল গৰীৱ তোষণ আৰু নিৰ্বাচনী ৰাজনীতি- নিজৰ ভোট ভিত্তিৰ লগত হিতাধিকাৰী আঁচনিৰ যোগেদি সামৰি লোৱা মানুহখিনিক লগলগাই দিলে আৰু এটা ভোট ভিত্তি হৈ যায়।

এইবোৰ যাতে ভোটলৈ ৰূপান্তৰিত হয় তাৰ বাবে দল আৰু সংঘ পৰিয়ালে ৩৬৫ দিন, দিনে-ৰাতিয়ে কাম কৰে। আৰু মোদীৰ কঢ়ামুঠীয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ কোনোবা যাব বিচাৰিলে লগেলগে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়।

ইয়াৰ পৰা কংগ্ৰেছ আৰু বিৰোধী পক্ষই কি শিকিব? হয়, তেওঁলোকে তেওঁলোকৰ ৰাজনীতিৰ উদ্দেশ্য আৰু লক্ষ্য জনসাধাৰণৰ আগত স্পষ্টকৈ ক’ব পাৰিব লাগিব। তেওঁলোক বিজেপিৰ হিতাধিকাৰী ৰাজনীতিৰ উৰ্দ্ধলৈ যাব পাৰিব লাগিব। আৰু নিজে আঁচনি দিয়াৰ উপৰিও বিজেপি বিৰোধী সকলো ৰাজনৈতিক দল লগ লাগি ৰাজপথতো একেলগে নামিব লাগিব।

বিজেপিয়ে যেনেকৈ নিজকে সংহতকৰণ কৰিছে, বিজেপি বিৰোধী শক্তিটোৱেও সেইটো কৰিব পাৰিব লাগিব। ইণ্ডিয়া এলায়েঞ্চে এই চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লোক সভা নিৰ্বাচনৰ আখৰা হিচাপে কিয় নল’লে। সচাঁ অৰ্থত সকলো লগ নালাগিলে ডাইল নিসিজিব।

এতিয়া কি হৈছে? চাৰিওফালে সাংবাদিক আৰু ৰাজনৈতিক ভাষ্যকাৰ সকলে কংগ্ৰেছৰ পৰাজয় আৰু বিজেপিৰ জয়ৰ কাৰণ clinically তন্ন তন্ন কৈ ব্যাখ্যা বিশ্লেষণ কৰি আছে। এইবোৰ দৰকাৰী ব্যাখ্যা। কংগ্ৰেছে ক’ত ক’ত ভুল কৰিছে, কংগ্ৰেছৰ অহমিকা- এইবোৰ সকলো সঁচা। কিন্তু, বিজেপিৰ এই জয় আমাৰ দেশৰ জনগণৰ বাবে ভালনে?

আমাৰ গণতন্ত্ৰ, আমাৰ অৰ্থনীতি, আমাৰ কৰ্নসংস্থানহীনতাৰ ওপৰত এই জয়ৰ প্ৰভাৱ কেনে? দেশৰ ভৱিষ্যতৰ বাবে এই জয়ৰ অৰ্থ কি? ৰাজনৈতিক টিকা, ভাষ্যকাৰ সকলৰ বেছিভাগেই এইবোৰ কথা উল্লেখ কৰিছেনে? আৰু এটা কথা, দক্ষিণ ভাৰত যে বিজেপি শূণ্য হ’ল সেই বিষয়ে তেওঁলোকে কিবা কৈছে নে?

আজিৰ পৰা পাঁচ বছৰ আগতে হোৱা বিধানসভাৰ নিৰ্বাচনত এই আটাইকেইখন ৰাজ্যতে কংগ্ৰেছ জিকিছিল অথচ তাৰ কেইমাহমান পিছত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ বৰ বিপৰ্যয়ৰ সন্মুখীন হৈছিল। এইবাৰো তেনে হ’ব বুলি আশাপালি থাকিবলৈ মই কাকো কোৱা নাই। কিন্তু তেতিয়া যে তেনে হৈছিল সেইটোতো সঁচা।

কংগ্ৰেছে নিজৰ ভুলৰ শুধৰণি কৰিবই লাগিব। কিন্তু, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু অৰ্থনৈতিক সমতাৰ কথা কোৱা সকলেও কেৱল বক্তৃতা দি থাকিলে নহ’ব। দেশৰক্ষাৰ দায়িত্ব যদি কাকো এদনীয়াকৈ দিব নিবিচাৰোঁ তাৰ কাৰণে আমি সকলোৱে আমাৰ দায়িত্ব পালন কৰিব লাগিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd