• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জনশূন্য পথত স্কুটী আৰোহী যুৱতীক দলবদ্ধ ধৰ্ষণ: আৰক্ষীৰ এনকাউণ্টাৰত দুই অভিযুক্ত আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2023 1:29 pm
Woman gang-raped
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ গাজিয়াবাদৰ এক জনশূন্য পথত বান্ধৱীৰ সৈতে স্কুটি চলাই গৈ থকা অৱস্থাত ২০ বছৰীয়া এগৰাকী যুৱতীক ৰখাই এদল পুৰুষে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, যোৱা ৩০ নৱেম্বৰত সংঘটিত হয় এই ঘটনা। নিজৰ এগৰাকী বান্ধৱীৰ সৈতে যুৱতীগৰাকীয়ে এক জনশূন্য পথত স্কুটি চলাবলৈ শিকি থকাৰ সময়তে ধৰ্ষণৰ বলি হয় যুৱতীগৰাকী।

Apply Now

এই কাণ্ডৰ মূল অভিযুক্ত হিচাপে জুনেইদে নামৰ এজন যুৱকক চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক পথত দেখাৰ পিছতে জুনেইদে তেওঁৰ বন্ধু ইমৰাণসহ আন কেইজনমান লোকলৈ ফোন কৰি সেই স্থানলৈ মাতে।

তাৰ পিছতে আটাইকেইজন লগ হৈ স্কুটী আৰোহী দুই যুৱতীক আগভেটি ধৰি এগৰাকী যুৱতীগৰাকীক পথৰ কাষৰ জোপোহালৈ টানি লৈ যায় আৰু তাতেই উপৰ্যুপৰি ধৰ্ষণ কৰে। আনগৰাকী যুৱতীকো ধৰ্ষণৰ উদ্দেশ্যে জোপোহালৈ টানি নিয়াৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দলটোৱে।

কিন্তু সেই স্থানেৰে এখন বাহন অহা দেখি দুৰ্বৃত্তৰ দলটো পলায়ন কৰে আৰু যুৱতীগৰাকী ৰক্ষা পৰে। এই চৰম নিৰ্যাতনৰ পিছতে ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে স্থানীয় আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই অভিযোগৰ পিছত দেওবাৰে অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায় আৰু জুনেইদৰ সন্ধান লাভ কৰে। আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত অভিযুক্ত জুনেইদৰ দুয়োটা ভৰিতে গুলী লাগে বুলি সদৰী কৰে আৰক্ষীয়ে।

আহত জুনেইদক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইফালে আৰক্ষীয়ে চিকিৎসালয়ত জুনেইদক জেৰা কৰাৰ পিছত আন অভিযুক্তৰ সন্ধানত অভিযান চলায় আৰু কাষৰীয়া অঞ্চলতে আটাইকেইজন অভিযুক্ত থকা বুলি তথ্য লাভ কৰে।

আৰক্ষীয়ে দাবী কৰা মতে, অভিযুক্তৰ গ্ৰেপ্তাৰৰ উদ্দেশ্যে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হোৱাৰ পাছতে আটাইকেইজন অভিযুক্ত পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীৰ গুলীত ইমৰাণ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে ইমৰাণসহ আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।

ইফালে এনকাউণ্টাৰস্থলীৰ পৰা এটা পিষ্টল আৰু কাৰ্টিজ উদ্ধাৰ হৈছে বুলিও দাবী কৰে আৰক্ষীয়ে। ধৃত অভিযুক্তকেইজনৰ পূৰ্বৰ কোনো অপৰাধজনিত তথ্য আছে নেকি, সেই সন্দৰ্ভত তদন্ত চলি আছে বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd