• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত অসুৰক্ষিত শিশু-মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ লোক! বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত ফাদিল দেশৰ উদ্বেগজনক পৰিস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2023 2:02 pm
National Crime Records Bureau Report
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। কেন্দ্ৰীয় চৰকাৰে দেখুওৱা সু-শাসনৰ স্বপ্নৰ আঁৰত বৃদ্ধি পাইছে শিশু, মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্যকলাপ। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত দেশত মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনা ৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত মহিলাৰ ওপৰত ৪,২৮,২৭৮টা হিংসাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২২ চনত এনেধৰণৰ ৪,৪৫,২৫৬টা কাণ্ড সংঘটিত হৈছে।

Apply Now

অৰ্থাৎ ১ বছৰত মহিলাৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ সংখ্যা ১৬,৯৭৮ টা বৃদ্ধি পাইছে। এন চি আৰ বি- ৰ পৰিসংখ্যা অনুসৰি ৩১.৪ শতাংশ মহিলাৰ ওপৰত স্বামী বা পৰিয়ালৰ সদস্যই নিৰ্যাতন চলাইছে।

ইফালে ২০২২ চনত দেশত ৩১,৫১৬টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। দেশৰ ভিতৰতে এইক্ষেত্ৰত শীৰ্ষত আছে ৰাজস্থান। ২০২২ চনত ৰাজস্থানত এনেধৰণৰ ঘটনা ৫৩৯৯টা সংঘটিত হৈছিল।

ৰাজস্থানৰ পিছতে এই তালিকাত আছে উত্তৰ প্ৰদেশ (৩,৬৯০), মধ্যপ্ৰদেশ (৩,০২৯), মহাৰাষ্ট্ৰ (২,৯০৪) আৰু হাৰিয়ানা (১,৭৮৭)। কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক ধৰ্ষণ সংঘটিত হৈছে দিল্লীত।

আনহাতে ২০২২ চনত শিশু নিৰ্যাতনৰ ১,৬২,৪৪৯টা গোচৰ ৰুজু হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০২১ চনৰ তুলনাত শিশু নিৰ্যাতনৰ হাৰ ৮.৭ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত শিশু নিৰ্যাতনৰ ১,৪৯,৪০৪টা ঘটনা সংঘটিত হৈছিল।

একেদৰে দেশত অনুসূচিত জাতি-জনজাতিৰ ওপৰতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ। ২০২২ চনত অনুসূচিত জাতিৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা ১৩.১ শতাংশ বৃদ্ধি পাইছে।

২০২১ চনত দেশত এনে ঘটনা সংঘটিত হৈছিল ৫০,৯০০টা। আনহাতে ২০২২ চনত অপৰাধৰ ঘটনা ৫৭,৫৮২ লৈ বৃদ্ধি পাইছে। অনুসূচিত জনজাতিৰ লোকৰ বিৰুদ্ধে ২০২২ চনত ১১.১ শতাংশ অত্যাচাৰ বৃদ্ধি পাইছে।

সমান্তৰালভাৱে ২০২১ চনৰ তুলনাত ২০২২ চনত চাইবাৰ অপৰাধৰ প্ৰাদুৰ্ভাৱ ২৪.৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত দেশত ৫২,৯৭৪টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছিল। ২০২২ চনত সংঘটিত হৈছে ৬৫,৮৯৩টা।

এই প্ৰতিবেদনত জ্যেষ্ঠ নাগৰিকৰ ওপৰত অত্যাচাৰৰ ঘটনা বৃদ্ধি পোৱা বুলিও প্ৰকাশ পাইছে। ২০২২ চনত দেশত জ্যেষ্ঠ নাগৰিকৰ ওপৰত ২৮,৫৪৫টা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল।

২০২১ চনত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ২৬,১১০টা। অৰ্থাৎ ২০২১ চনৰ তুলনাত দেশত জ্যেষ্ঠ নাগৰিকসকলৰ ওপৰত ৯.৩ শতাংশ অপৰাধ বৃদ্ধি পাইছে।

২০২২ চনত দেশত মুঠ ২৮৫২২টা হত্যাৰ অভিযোগ দাখিল কৰা হৈছিল। অৰ্থাৎ ২০২২ চনত প্ৰতিদিনে ৭৮ জন লোকৰ মৃত্যু হৈছিল। ২০২১ চনত এই সংখ্যা আছিল ২৯,২৭২ আৰু ২০২০ চনত ২৯,১৯৩।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd