দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত ১৩ মাহৰ পাছত জামিন লাভ কৰিলে বিনয় বাবুৱে। শুকুৰবাৰে দেশৰ শীর্ষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে৷ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে বিচাৰ অবিহনে ১৩ মাহৰ কাৰাদণ্ডই যথেষ্ট।
যোৱা বছৰৰ নৱেম্বৰ মাহত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ফ্ৰান্সৰ সুৰা কোম্পানী ‘পেৰনড ৰিকাৰ্ড’ৰ ভাৰতীয় কাৰ্যবাহী বিনয় বাবুক। প্ৰথমে বিষয়াজনৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ উত্থাপন হৈছিল। পিছত এই গোচৰটো দিল্লী আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত হৈ পৰে।
শুকুৰবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ ভি ভট্টীৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়। ন্যায়াধীশ সঞ্জীৱ খান্নাই চৰকাৰী অধিবক্তাক কয়, “এয়া কেতিয়াও হ’ব নালাগে। বিচাৰ অবিহনে এজন মানুহক বেছি দিন জেলত ৰাখিব নোৱাৰি। ইডি আৰু চিবিআইৰ অভিযোগৰ মাজত পাৰ্থক্য আছে।”
ন্যায়াধীশ এছ ভি ভট্টীয়ে কয়, ‘বিনয় বাবু ১৩ মাহ জেলত আছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামাত তেওঁক অভিযুক্ত হিচাপে উল্লেখ কৰা হোৱা নাছিল। ফলত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। সেইবাবেই আমি বিনয় বাবুৰ আবেদনৰ প্ৰতি সঁহাৰি জনাইছো।”
প্ৰসংগক্ৰমে চলিত বৰ্ষৰ জুলাই মাহত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, হায়দৰাবাদৰ ব্যৱসায়ী অভিষেক বয়নপল্লী, আপ নেতা বিজয় নাইৰ আৰু বিনয় বাবুৰ জামিন আবেদন নাকচ কৰিছিল। সেই সময়ত বিনয় বাবুৰ আৱেদন আছিল যে ধন আত্মসাৎৰ গোচৰৰ পৰা তেওঁক জামিন দিয়া হওক।





