বিগত বৰ্ষত গুজৰাটত সংঘটিত মৰ্মান্তিক মৰ্বি দলং দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সকাহ গুজৰাট উচ্চ ন্যায়ালয়ৰ। এককালীন ক্ষতিপূৰণে উক্ত পৰিয়ালসমূহত সহায় নকৰে বুলি পৰ্যবেক্ষণ কৰি গুজৰাট উচ্চ ন্যায়ালয়ে আজি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
আদালতে মৰ্বি দলং পৰিচালনাৰ দায়িত্বত থকা কোম্পানী অৰেভা গ্ৰুপক দুৰ্ঘটনাটোত চাকৰি বা নিজৰ পুত্ৰ হেৰুওৱা বয়োজ্যেষ্ঠসকলক আজীৱন পেঞ্চন আৰু স্বামীক হেৰুওৱাসকলক চাকৰি বা পেঞ্চন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
চৰকাৰৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত দহগৰাকী মহিলা বিধৱা হৈছাল আৰু ৭টা শিশু অনাথ হৈছিল। আদালতে আজিৰ শুনানিত কোম্পানীটোক ক্ষতিগ্ৰস্তসকলক গোটেই জীৱন সহায় কৰিব লাগিব বুলি নিৰ্দেশনা দিয়ে।
আদালতৰ মতে, কোম্পানীটোৰ বাবে পৰিয়ালকেইটাৰ জীৱনলৈ সম্পূৰ্ণৰূপে পৰিৱৰ্তন আহি পৰিছে। পৰিয়ালৰ কোনো হয়তো কাম কৰিব পৰা অৱস্থাত নাই অথবা কেতিয়াও কাম নকৰা মহিলাও আছে বুলি উল্লেখ কৰে আদালতে।
‘এনে অৱস্থাত তেওঁলোকে ঘৰৰ পৰা ওলাই আহি ক’ৰবাত কাম কৰিবলৈ যোৱাৰ কথা কেনেকৈ আশা কৰিব পাৰি’ বুলি মুখ্য ন্যায়াধীশ সুনীল আগৰৱালাই কোম্পানীটোলৈ প্ৰশ্ন তোলে।
কোম্পানীটোৱে অনাথ শিশু আৰু বিধৱা মহিলাসকলৰ যত্ন লোৱা বুলি দাবী কৰাৰ পিছত উচ্চ ন্যায়ালয়ে পুত্ৰৰ ওপৰত নিৰ্ভৰশীল বয়োবৃদ্ধ লোকসকলে পুত্ৰক হেৰুওৱাৰ পিছত এই লোকসকলৰ বাবে কোম্পানীটোৱে কি ব্যৱস্থা লৈছে জানিব বিচাৰে।
উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে আদালতে বছৰ বছৰ ধৰি এই প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰাটো সম্ভৱ নহ’বও পাৰে বুলি বিবেচনা কৰি ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে এক ট্ৰাষ্ট গঠন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, ২০২২ চনৰ ৩০ অক্টোবৰত ব্ৰিটিছ যুগৰ ওলমা দলংখন ভাঙি যোৱাৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হৈছিল। এই শোকাৱহ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।





