• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দুৰন্ত দিপ্তী, বিধ্বস্ত ইংলেণ্ড: ৩৪৭ ৰাণত জয়েৰে ইতিহাস ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2023 3:43 pm
India Women vs England Women
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিলেখ সৃষ্টিৰে আজি নৱী মুম্বাইত ইংলেণ্ডক বিধ্বস্ত কৰিছে ভাৰতে। ইংলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাৰ একমাত্ৰ মেচখনত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ৩৪৭ ৰাণৰ বৃহৎ জয়েৰে মহিলা ক্ৰিকেটৰ ইতিহাসত নতুন অভিলেখ গঢ়ি তোলে।

দিপ্তী শৰ্মাৰ স্পিন ঘূৰ্ণী তথা অলৰাউণ্ড প্ৰদৰ্শনৰ জৰিয়তে ইংলেণ্ডক এই বৃহৎ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলে মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত জয়ৰ নতুন অভিলেখ স্থাপন কৰে।

Apply Now

ইয়াৰ পূৰ্বে সৰ্ববৃহৎ জয়ৰ ৰেকৰ্ড আছিল শ্ৰীলংকাৰ নামত। ১৯৯৮ চনত কলম্বোত পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাই ৩০৯ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল।শ্ৰীলংকাৰ নামত থকা এই ২৫ বছৰীয়া অভিলেখ আজি ভাৰতে ভংগ কৰে।

লক্ষণীয়ভাৱে ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্টত এয়া প্ৰথমটো জয়। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত ভাৰতে আজি তৃতীয় দিনাই বিধ্বস্ত কৰে ইংলেণ্ডক। ভাৰতে বান্ধি দিয়া ৪৭৯ ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ১৩১ ৰাণতে স্তব্ধ হয় ইংলেণ্ড।

মেচখনত ইংলেণ্ডৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা দিপ্তী শৰ্মাই ৩২ ৰাণত ৪টা, পূজা ৱাষ্ট্ৰেকাৰে ২৩ ৰাণত ৩টা উইকেট দখল কৰে। ৰাজেশ্বৰী গাইকোৱাড আৰু ৰেণুকা ঠাকুৰ সিঙে লাভ কৰে ক্ৰমে দুটা আৰু এটা উইকেট। উল্লেখ্য যে, দিপ্তীয়ে প্ৰথম ইনিংছতো মাত্ৰ ৭ ৰাণত ৫ টা উইকেট দখল কৰিছিল।

ভাৰতে প্ৰথমে বেটিং কৰি চাৰিগৰাকীকৈ বেটাৰৰ অৰ্ধশতকৰ সহায়ত থিয় কৰাইছিল ৪২৮ ৰাণৰ স্ক’ৰ। শুভা সতীশে ৬৯, জেমিমা ৰড্ৰিগুৱেজে ৬৮, য়াস্তিকা ভাটিয়াই ৬৬ আৰু দিপ্তী শৰ্মাই ৬৭ ৰাণ কৰাৰ লগতে অধিনায়ক হৰমনপ্ৰীতে খেলিছিল ৪৯ ৰাণৰ ইনিংছ। স্নেহ ৰাণাৰ বেটৰ পৰা আহিছিল ৩০ ৰাণ।

ইংলেণ্ডৰ ল’ৰেণ বেল আৰু একালষ্ট’নে তিনিটাকৈ উইকেট লাভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দিপ্তীৰ বিধ্বংসী বলিঙৰ সমুহত দিশহাৰা ইংলেণ্ডে ১৩৬ ৰাণতে ইনিংছ সামৰে। দললৈ সৰ্বাধিক ৫৯ ৰাণৰ অৱদান আগবঢ়ায় নেট চিভাৰ-ব্ৰাণ্টে। প্ৰায় ব্যৰ্থ হয় আনসকল বেটাৰ।

দিপ্তীয়ে ৫ টা উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণাই দুটা আৰু ৰেণুকা সিং, পূজা ৱাষ্ট্ৰেকাৰে এটাকৈ উইকেট লাভ কৰে। ইংলেণ্ডে ফ’ল অন কৰিলেও পিছে ভাৰতে পুনৰ বেটিঙৰ সিদ্ধান্ত লয় আৰু ৬ উইকেটত ১৮৬ ৰাণৰ স্ক’ৰত ইনিংছ ঘোষণা কৰে।

সৰ্বাধিক ৪৪ ৰাণত অপৰাজিত হৈ ৰয় হৰমনপ্ৰীত। অপেনাৰ শ্বেফালী বাৰ্মাই ৩৩, স্মৃতি মান্ধানাই ২৬, জেমিমা ৰড্ৰিগুৱেজে ২৭, দিপ্তী শৰ্মাই ২০ ৰাণৰ অৱদান আগবঢ়ায়। হৰমনপ্ৰীতৰ সৈতে ক্ৰীজত ১৭ ৰাণ কৰি অপৰাজিত হৈ ৰয় পূজা ৱাষ্ট্ৰেকাৰ।

ইফালে ৪৭৯ ৰাণৰ বৃহৎ লক্ষ্য আগত লৈ ইংলেণ্ডে সাৱধানে ইনিংছ আৰম্ভ কৰে যদিও ২৭ ৰাণত প্ৰথমটো উইকেট পতনৰ পিছত বেটিং লাইন আপত ক্ৰমশ: খহনীয়াৰ সৃষ্টি হয় আৰু ১৩১ ৰাণত সকলো উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে।

দ্বিতীয় ইনিংছত ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ৰূপত অধিনায়ক হেথাৰ নাইটে কৰে ২১ ৰাণ। চাৰলট ডীনে ২০ ৰাণ কৰি অপৰাজিত হৈ ৰয়। মেচখনত মুঠ ৯ টা উইকেট আৰু ৮৭ ৰাণ সংগ্ৰহ কৰা দিপ্তী শৰ্মা মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd