• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জন্মু-কাশ্মীৰত এইবোৰ কি হৈ আছে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
December 27, 2023 4:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কি হ’বলৈ গৈছে আমি গম পাইছোঁ। কিন্তু, কিবা এটা হস্তক্ষেপ কৰি তাক বন্ধ কৰাৰ সামৰ্থ্য যেন আমাৰ নোহোৱা হৈ গৈছে। বৰ দুখ লগা সময়। বৰ বেয়া সময়। এই চিন্তাবোৰ মনলৈ আহিছে কাশ্মীৰত ঘটা শেহতীয়া ঘটনাবোৰ দেখি। যোৱা ২১ ডিচেম্বৰৰ দিনা সন্ধিয়া সন্ত্ৰাসবাদীয়ে হঠাতে কৰা আক্ৰমণত চাৰিজন সৈন্যবাহিনীৰ লোকৰ থিতাতে মৃত্যু হ’ল আৰু কেইবাজনো লোক ঘায়েল হ’ল। তাৰপিছত কি হ’ল? ঘটনাটোৰ সন্দৰ্ভত সোধপোচৰ বাবে ২২ ডিচেম্বৰৰ দিনা নিৰাপত্তা বাহিনীৰ লোকে আঠজন ব্যক্তিক ধৰি নিলে। খবৰ আহিল তাৰে তিনিজন ব্যক্তি মৰি থাকিল।

মৃত এই তিনি ব্যক্তি আছিল চফিৰ আহমেদ(৪৮), আৰু একে গাঁৱতে থকা তেওঁৰ দুজন সম্পৰ্কীয় ভায়েক মহম্মদ চৈকত(২৪) আৰু চবিৰ আহমেদ(২৫)। বাকী পাঁচজন লোক এতিয়া চিকিৎসালয়ত। চফিৰৰ ভায়েক নুৰ আহমেদ বি এচ এফৰ হেড কনিষ্টবল। দুখত ভাগি পৰি নুৰে কৈছে-‘আমি দেশৰ সুৰক্ষাৰ কাৰণে দিনে-নিশাই কষ্ট কৰি আছোঁ আৰু আমাৰে পৰিয়ালৰ লোকৰ এই অৱস্থা।’ মৃত লোক কেইজনৰ নিকট আত্মীয়লৈ ইতিমধ্যে জন্মু-কাশ্মীৰ প্ৰশাসনে ৩০ লাখকৈ নগদ ধন, এটুকুৰা মাটি আৰু পৰিয়ালৰ এজন লোকক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে।

Apply Now

এই ক্ষতিপূৰণৰ অৰ্থ কি? ক্ষতিপূৰণৰ অৰ্থ এইটোৱেই যে পুলিচৰ জিম্মাত যিহেতু মানুহ কেইজনৰ মৃত্যু হৈছে তাৰ বাবে প্ৰশাসনেই জগৰীয়া। সেয়ে, এতিয়া নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ প্ৰশাসনে ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। সন্ত্ৰাসবাদীয়ে সৈন্যবাহিনীৰ জোৱান হত্যা কৰাটো এটা নিৰ্মম আৰু জঘন্য কথা। কিন্তু, তাৰ পোতক তুলিবলৈ সোধপোচৰ নামত মানুহ উঠাই নি এনেকৈ হত্যা কৰাটো কোন সভ্য দেশৰ কথা? কাশ্মীৰৰ মানুহ ক্ষোভত ফাটি পৰিছে। সেইবাবেই ক্ষতিপূৰণৰ কথা ঘোষণা কৰি প্ৰশাসনে কাশ্মীৰী সকলৰ ক্ষোভ প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছে।এইটো কেনে কথা হৈছে? ই সন্ত্ৰাসবাদ নিৰ্মূল কৰিবনে? এইবোৰ দেখি জন্মু-কাশ্মীৰৰ মানুহ ম্ৰিয়মান হৈ পৰিছে। দেশখন ক’লৈ গৈ আছে?

সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰা হ’ল। উচ্চতম ন্যায়ালয়েও চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখিলে। কিন্তু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল হ’লনে? কাশ্মীৰলৈ শান্তি ঘূৰি আহিলনে? ৰাজৌৰীত ইয়াৰ আগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ নাই বুলিয়ে কোৱা হৈছিল। এতিয়া আজি কিছুদিনৰ পৰা তাত আকৌ উগ্ৰপন্থী সকল মূৰ দাঙি উঠিছে। এটা ঠাইত হিংসাত্মক/ উগ্ৰপন্থী কাৰ্যকলাপ এবাৰ আৰম্ভ হোৱাৰ পিছত তাক নিৰ্মূল কৰাটো ইমান সহজ নহয়। আৰু হিংসাৰে যে হিংসা দমন কৰিব নোৱাৰি সেইটো বাৰম্বাৰ প্ৰমাণ হৈছে। তৎসত্বেও, কাশ্মীৰত উগ্ৰপন্থী ধৰাৰ নামত সাধাৰণ নাগৰিকক এনেদৰে হাৰাশাস্তি কৰা হৈছে।

সন্ত্ৰাসবাদ আৰু তাক দমনৰ নামত যিবোৰ কাম কৰা হৈছে তাৰ বলি কোন হৈছে? দুয়োফালে, সাধাৰণ লোক সকলেই তাৰ ভুক্তভোগী হোৱা নাই জানো? সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা জোৱান সকল আমাৰে আত্মীয় কুটুম্ব।ঠিক তেনেদৰে সন্ত্ৰাসবাদ ৰোধকৰাৰ নামত নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণযোৱা লোক সকলো আমাৰে মানুহ? আনহাতে, সন্ত্ৰাসবাদী সকল কিমান নিৰ্মম চাওক! তেওঁলোকে ইচলামৰ কথা কয়, অথচ আজান দিবলৈ আৰম্ভ কৰা মানুহ এজনক পিছফালৰ পৰা গুলিয়াই হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰে। এইখিনিতে, ৰাষ্ট্ৰ আৰু সন্ত্ৰাসবাদৰ মাজত আমি যেন কিবা এটা ৰহস্যজনক মিল দেখা পাওঁ।

এটা কথা নিশ্চিত- নিৰ্বিচাৰে মানুহ হত্যা কৰি কাৰো কোনো লাভ নহয়। সাধাৰণ মানুহৰ অন্তৰ জয় কৰিব নোৱাৰিলে, তেওঁলোকক আস্থাত নল’লে কোনো সমস্যাৰ স্থায়ী সমাধান অসম্ভৱ। আৰু এটা কথা, সন্ত্ৰাসবাদী সকল সন্ত্ৰাসবাদী। তেওঁলোক নৈৰাজ্যবাদী, আইন কানুন নমনা লোক। কিন্তু,ৰাষ্ট্ৰ, প্ৰশাসনতো নৈৰাজ্যবাদী হ’ব নোৱাৰে। প্ৰশাসন মানে আইনৰ শাসন নহয় জানো? তেনেহ’লে সোধপোচৰ বাবে নিৰাপত্তাৰক্ষীয়ে ধৰি নিয়া ব্যক্তি মৃতদেহ হৈ ঘূৰি আহে কিয়? আৰু এই যে চাৰিওফালে চলি আছে এনকাউন্টাৰ হত্যাবোৰ! সেইবোৰ কি? অসমতে আকৌ নতুনকৈ এনকাউন্টাৰ হত্যা আৰম্ভ হৈছে?

সাধাৰণ নাগৰিকে আইন ভংগ কৰিলে শাস্তি বিহিবলৈ আইন/কানুন আছে। ৰাষ্ট্ৰ আছে। কিন্তু, ৰাষ্ট্ৰই যেতিয়া আইন ভংগ কৰে! তেতিয়া? তাৰ কাৰণে নিৰ্দিষ্ট কোনোবা এজন ব্যক্তি জগৰীয়া নে যিসকলে তেনে নীতি নিৰ্দ্ধাৰণ কৰে তেওঁলোক জগৰীয়া! যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণত জড়িত বুলি আৰক্ষীয়ে বাৰে বাৰে হাৰাশাস্তি কৰি থকা দীপাংকৰ গগৈ বোলা ল’ৰাজনে আৰক্ষীৰ উপৰ্যুপৰি জেৰাত ভাগি পৰি কালি আত্মহত্যা কৰিছে। আৰক্ষীয়ে এতিয়া কি ক’ব? এনেদৰে এতিয়া যিবোৰ ঘটনা চকুৰ আগতে ঘটি আছে, সেইবোৰে আমাৰ দেশৰ পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ কৰি তুলিছে, অথচ আমি তাক বাধা দিব পৰা নাই। নিৰুপায় হৈ আমি কেৱল তাক নিৰ্বাক সাক্ষী হৈ আছোঁ। সময় কি দুঃসময়লৈ ৰূপান্তৰিত হৈছে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd