মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই আজি কেন্দ্ৰীয় কয়লা মন্ত্ৰী পিযুষ গোয়েলক লগ ধৰি ৰাজ্যখনত বৰ্তমান বন্ধ হৈ থকা কয়লাখননৰ কাম পুনৰ আৰম্ভ কৰাৰ ওপৰত বৈঠকত মিলিত হয়।
মেঘালয়ৰ মুখ্য মন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি মতে মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰি মহাধিবক্তা অমিত কুমাৰৰ লগতো এক পৃথক আলোচনাত বহে।
উক্ত আলোচনাত কয়লা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব আৰু যুটীয়া সচিবকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত আছিল বুলি বিবৃতিটোৰ পৰা জানিব পৰা গৈছে।
মুখ্য মন্ত্ৰীয়ে জনোৱা মতে, ‘মেঘালয়ত কয়লা খনন পুনৰাম্ভ কৰাৰ আলোচনা সঠিক দিশত আগবাঢ়িছে। মন্ত্ৰ্যালয়ে আমাক এইক্ষেত্ৰত পৃথক প্ৰণালি অৱলম্বন কৰিবলৈ কৈছে। মন্ত্ৰ্যালয়ৰ এটা দলে শীঘ্ৰে ৰাজ্যখন ভ্ৰমণ কৰিব।‘
বৈথকখনক ফলপ্ৰসু বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মেঘালয়ত কয়লা খননৰ ওপৰত থকা নিষেধাজ্ঞা সমাধান কৰিবলৈ কেন্দ্ৰৰ ফালৰ পৰা সকলো সহায় সহযোগ আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে এই বিষয়ত মুখ্য মন্ত্ৰী গৰাকীয়ে যোৱা দুটা মাহত কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ সৈতে তিনিবাৰ বৈঠকত বহিছে।