• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মমতাময়ী, অপত্য স্নেহ অতীত! নিজৰ সন্তানকে যদি এনেদৰে…..

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 4:29 pm
Goa murder Bengaluru CEO Suchana Seth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱাত নিজ মাতৃৰ দ্বাৰাই ৪ বছৰীয়া পুত্ৰৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে দেশ। এই নৃশংস কাণ্ডই সমগ্ৰ দেশক কৰি তুলিছে হতভম্ব। শেহতীয়াকৈ পোহৰলৈ আহিছে হত্যাকাণ্ড সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য।

সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গত পুত্ৰৰ মৃতদেহ বেগত কঢ়িয়াই নিয়াৰ সময়তে গ্ৰেপ্তাৰ হয় মাইণ্ডফুল এ আই লেবৰ নামৰ এটা ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুচানা শেঠ।

Apply Now

উত্তৰ গোৱাৰ কেণ্ডোলিমৰ এখন হোটেলৰ কোঠাত ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ বেগত সুমুৱাই গোৱাৰ পৰা কৰ্ণাটকলৈ টেক্সী যোগে ৰাওনা হৈছিল মহিলাগৰাকী। কিন্তু মাজবাটতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, নিজৰ চৰম জেদ পূৰণ কৰিবলৈ গৈয়ে শেঠে হত্যা কৰে নিজ সন্তানক। বিচ্ছেদিত স্বামীয়ে যাতে তেওঁলোকৰ সন্তানক লগ পাব নোৱাৰে, তাৰ বাবেই এই জঘন্য কাণ্ড সংঘটিত কৰে সুচানা শেঠে।

আৰক্ষীৰ শীৰ্ষ সূত্ৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ে ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৯ চনত দম্পতীহালৰ পুত্ৰ সন্তানটিৰ জন্ম হয়। কিন্তু সাংসাৰিক বিবাদৰ বাবে তেওঁলোকে ২০২০ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে।

তেওঁলোকৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে। বিচ্ছেদৰ আবেদনৰ শুনানিত আদালতে সুচানাৰ পতিক দেওবাৰে সন্তানক লগ কৰাৰ অনুমতি প্ৰদান কৰে। কিন্তু আদালতৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰে সুচানা।

আদালতৰ ৰায় অনুসৰিয়েই সুচানাই প্ৰাক্তন স্বামীৰ সৈতে পুত্ৰক সাক্ষাৎ কৰোৱাৰ অৰ্থে নিজৰ সন্তানৰ সৈতে গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰে। কিন্তু এই সাক্ষাতৰ পূৰ্বেই গোৱাৰ হোটেলৰ কোঠাত হত্যা কৰে শিশুটিক।

অৱশ্যে আৰক্ষীয়ে উল্লেখ কৰা মতে, এয়াই হত্যাকাণ্ডৰ প্ৰধান উদ্দেশ্য বুলি এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

মহিলাগৰাকীৰ বিচ্ছেদিত স্বামী বৰ্তমান জাকাৰ্টাত আছে আৰু তেওঁক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। তেওঁক শীঘ্ৰেই ভাৰতলৈ উভতিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে।

উল্লেখ্য যে, বাংগালুৰুৰ সুচানা শেঠে চাৰি বছৰীয়া সন্তানটিক লগত গোৱাৰ হোটেলখনত প্ৰৱেশ কৰিছিল। কিন্তু হোটেলৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ সৈতে দেখা পোৱা নাযায় শিশুটিক। তেওঁৰ লগত আছিল মাত্ৰ এটা বেগ।

ইফালে সুচানা হোটেলৰ পৰা ওলাই যোৱাৰ পিছতে তেওঁ আশ্ৰয় লোৱা কোঠাটিত চাফাই কৰ্মী এগৰাকীয়ে তেজৰ দাগ দেখিবলৈ পায়। লগে লগে হোটেল কৰ্তৃপক্ষই গোৱা আৰক্ষীক খবৰ দিয়ে।

লগে লগে আৰক্ষীৰ এটা দল হোটেলখনত উপস্থিত হৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে। চিচিটিভি ফুটেজত সুচানা নিজৰ সন্তান অবিহনেই হোটেলৰ পৰা ওলাই যোৱা বুলি স্পষ্ট হৈ পৰে।

হোটেলৰ কৰ্মচাৰীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে, সুচানাই বিমানৰ পৰিবৰ্তে টেক্সিৰে বেংগালুৰুলৈ উভতিব খোজে। হোটেল কৰ্তৃপক্ষই তেওঁক বিমানেৰে যোৱাৰ পৰামৰ্শ দিয়ে যদিও তেওঁ পথেৰে যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

উপায়ন্তৰ হৈ হোটেল কৰ্তৃপক্ষই তেওঁক স্থানীয় টেক্সি এখনৰ ব্যৱস্থা কৰি দিয়ে। ইফালে আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত সুচানাক ফোন কৰি তেওঁৰ পুত্ৰৰ বিষয়ে প্ৰশ্ন কৰে।

তেওঁ পুত্ৰক গোৱাৰ এজন বন্ধুৰ ঘৰত এৰি থৈ যোৱা বুলি উল্লেখ কৰে। কিন্তু আৰক্ষীক তেওঁ দিয়া বন্ধুজনৰ ঠিকনা ভুৱা বুলি প্ৰমাণিত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে অতি চতুৰতাৰে কৰায়ত্ব কৰে সুচানাক।

ইয়াৰ পিছতে আৰক্ষীয়ে টেক্সি চালকজনলৈ ফোন কৰি গাড়ীখন ওচৰৰ থানা এখনলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে পিছৰ আসনত বঢ়ি থকা সুচানাৰ যাতে কোনো সন্দেহ নহয়, সেই বিষয়ে তেওঁক সতৰ্ক কৰি দিয়া হয়।

আৰক্ষীৰ পৰামৰ্শ মতেই চালকজনে সুযোগ বুজি চিত্ৰদুৰ্গ জিলাৰ আইমংগলা থানাত গাড়ীখন সোমাৱাই দিয়ে। গাড়ীখন পৰীক্ষা কৰাৰ পিছতে সুচানাই লগত লৈ যোৱা বেগটোত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd