• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ নতুন আইন স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰঃ কেন্দ্ৰলৈ জাননী জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2024 3:10 pm
Election Commissioners' appointments
12.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ নতুন আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে।

দেশৰ শীৰ্ষ আদালতে নতুন আইনখনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে আদালতে আবেদনৰ এটা গোট পৰীক্ষা কৰিবলৈ সন্মত হয় আৰু কেন্দ্ৰক জাননী জাৰি কৰে।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ বিচাৰপীঠে আবেদনকাৰী কংগ্ৰেছ নেতা জয়া ঠাকুৰৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙক আবেদনখনৰ প্ৰতিলিপি কেন্দ্ৰৰ অধিবক্তাক প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে।

অধিবক্তা বিকাশ সিঙে নতুন আইনখন ক্ষমতাৰ পৃথকীকৰণ ধাৰণাৰ বিৰুদ্ধ বুলি বিচাৰপীঠৰ সন্মুখত যুক্তি দৰ্শায়। ন্যায়াধীশ খান্নাই আদালতে বিধিগত সংশোধনী স্থগিত ৰাখিব নোৱাৰে বুলি উল্লেখ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ নতুন আইনখনৰ জৰিয়তে নিযুক্তি পেনেলৰ পৰা দেশৰ মুখ্য ন্যায়াধীশক বাদ দিছে।

কেন্দ্ৰৰ এই নতুনখনক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে এই নতুন আইনখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে।

নতুন আইনখনৰ মতে মতে, এতিয়া নিৰ্বাচনী আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ পেনেলত থাকিব প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী।

এই পেনেলৰ পৰামৰ্শ অনুসৰি নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়াসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব। তদুপৰি কেন্দ্ৰৰ এই নতুন আইনে আন এক গুৰুতৰ বিষয়ত সংশোধনী আনিছে।

নতুন আইনে মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্ত সকলক আইনী কাৰ্যবিধিৰ পৰা সুৰক্ষা প্ৰদান কৰিব।

এই বিধেয়ক অনুসৰি, চৰকাৰী কৰ্তব্য বা কাৰ্য সম্পাদনৰ বাবে বৰ্তমানৰ বা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্তৰ আদালতে দেৱানী বা অপৰাধমূলক কাৰ্যবিধি গ্ৰহণ কৰিব নোৱাৰিব।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd