বাপৰে বাপ! আমি সঁচাই বৰ আচহুৱা, অদ্ভূৎ সময়ত বাস কৰা নাইনে? আমি আগুৱাই গৈছো নে পিছুৱাই গৈছো? আমি অনাগত ভৱিষ্যতলৈ আগবাঢ়িছো নে পুনৰ মধ্য যুগলৈ ঘূৰি যাব বিচাৰিছো? সময়ৰ কি সংকট? সভ্যতাৰ কি সংকট? মানুহৰ বিশ্বাস বিক্ৰী কৰি ৰাজনীতি- ইছ্ ৰাম? আপোনালোকে ধৰিবই পাৰিছে মই কি ক’বলৈ গৈছোঁ। ৰাম মন্দিৰ, অযোধ্যাৰ ৰাম মন্দিৰ! বিজেপি এতিয়া কপৰ্দকশূণ্য? ইংৰাজীত ক’বলৈ হ’লে completely and totally bankrupt। তেওঁলোকৰ কোনো কাৰ্যসূচী নোহোৱা হ’ল।
ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্কৰ বিষয়ে একো নজনাকৈ বহুতেই ৰাজনীতি আৰু ধৰ্মৰ সনাপোতোকা কৰা কাৰণে গান্ধীক দোষাৰোপ কৰে। আচলতে তেওঁলোকৰ গান্ধী-চৰ্চা বৰ আপঁইতা। গান্ধীৰ কাৰণে তিনিটা বস্তু বৰ গুৰুত্বপূৰ্ণ আছিল। গুৰুত্বপূৰ্ণ মানে- এই তিনিটাই তেওঁৰ জীৱনচৰ্যাৰ চালিকা শক্তি আছিল। সেইকেইটা হ’ল- সত্য, অহিংসা আৰু ন্যায়। তেওঁৰ কাৰণে ধৰ্মৰ অন্তৰ্নিহিত তাৎপৰ্য ন্যায়। ন্যায় অবিহনে ধৰ্ম অধৰ্ম। আৰু ৰাজনীতিৰ ধ্যেয় কি হোৱা উচিত? ন্যায় নহয় জানো? বৃটিছৰ কি অধিকাৰ আছিল ভাৰতীয় মানুহৰ ওপৰত ৰাজনৈতিক আধিপত্য আৰু অৰ্থনৈতিক শোষণ চলোৱাৰ? সেয়ে, সত্য প্ৰতিষ্ঠা আৰু ন্যায়ৰ বাবে অহিংস পদ্ধতিৰে গান্ধীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজিছিল।
আকৌ ৰাম মন্দিৰলৈ আহিছো। ৰামক লৈ বিজেপিৰ কিয় ইমান হৈ চৈ? কথাটো সঁচা মীথ বা অতিকথাৰ লগত বাস্তৱৰ যে কোনো সম্পৰ্ক নাই তেনে নহয়। দূৰ অতীতত বহু সময়ত মানুহে নিজে বুজি নোপোৱা বাস্তৱৰ ৰহস্য অতিকথাৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিল। লোককথা, লোক কাহিনী, লোক বিশ্বাস বাস্তৱৰ লগত মিহলি কৰি তাক সংশোধিত, সম্প্ৰসাৰিত আৰু অতিৰঞ্জিত কৰি মানৱ আকাঙ্খ্যা আৰু অভীপ্সাৰ উদ্দেশ্যেৰে একো একোখন মহাকাব্য ৰচনা কৰা হৈছিল। মৌখিক পৰম্পৰাৰ পৰা লিখিত পৰম্পৰালৈ কিমান কি ৰূপান্তৰৰ মাজেদি কিমানটা সংস্কৰণত এই মহাকাব্যবোৰ মানুহৰ মাজত প্ৰচলিত হৈ যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে? কিন্তু, এটা আখ্যান,এখন মহাকাব্যক কোনোবাই নিজৰ ৰাজনৈতিক কাৰ্যসূচী কৰি লয় নে?
ঠিক আছে কল্পিত চৰিত্ৰ হ’লেও কোনোবাই যদি ৰামৰ আদৰ্শ গ্ৰহণ কৰিব বিচাৰিছে তেওঁ ব্যক্তিগতভাৱে সেই আদৰ্শ অনুকৰণ কৰিব পাৰে। কিন্তু, ৰামৰ আদৰ্শ কি ত্যাগৰ আদৰ্শ নহয় জানো? ক্ষমতাৰ বাবে বলীয় বিজেপিয়ে ত্যাগত বিশ্বাস কৰে নে? আৰু ৰামায়ণত বৰ্ণিত সীতাৰ অগ্নি পৰীক্ষা? কি তাৰমানে মহিলাৰ সতীত্ব পৰীক্ষাৰ কাৰণে এতিয়া চৰকাৰে অগ্নি পৰীক্ষাৰ ব্যৱস্থা কৰিব? আৰু মাছ-মাংসত বাধা নিষেধ। কোন বিধি মতে? ‘মনুস্মৃতি’ মানে নহয় বিজেপিয়ে। ‘মনুস্মৃতি’ৰ পঞ্চম অধ্যায় পঢ়ি চাওক খাদ্য-অখাদ্য সম্পৰ্কে কি কৈছে মনুৱে। তাত ক’ত মাছ,মাংস বৰ্জনৰ কথা কৈছে? তাৰপিছত, চাৰিমথৰ শংকৰাচাৰ্যই কি কৈছে? কিয় তেওঁলোকে ৰাম মন্দিৰৰ কাৰ্যসূচী বৰ্জন কৰিছে? তেওঁলোক হিন্দু ধৰ্মৰ ধ্বজাবাহক।ধৰ্মীয় নীতিৰ বিশাৰদ।
তেওঁলোকে ধৰ্মক ধৰ্ম জ্ঞান কৰে বাবেই ধৰ্মীয় পৰম্পৰা মানি ৰাম মন্দিৰৰ অনুষ্ঠান নপতা কাৰণে তাক বৰ্জন কৰিছে। এই গোটেই উন্মদনাটোৰ এটাই উদ্দেশ্য- ইয়াত ধৰ্মৰ ধটোও নাই, ইয়াৰ উদ্দেশ্য হৈছে ৰামৰ নামত হিন্দু সংখ্যগুৰুৰ ভোট একত্ৰীকৰণ। ই দেখ দেখকৈ ৰাজনীতিৰ নামত ধৰ্মৰ অপব্যৱহাৰ। ই অসাংবিধানিক। অগণতান্ত্ৰিক।ৰাম ৰাজ্যৰ সুন্দৰ প্ৰদৰ্শনী হৈ পৰিছে অসম। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিবলৈ চৰকাৰে কি কৰা নাই? তাৰমানে এতিয়াৰ মুখ্যমন্ত্ৰীজনক সমালোচনা কৰাৰ কাৰো অধিকাৰ নাই। অৱশ্যে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে এওঁলোকেই তেওঁক সমালোচনা কৰি থকাসৰকা কৰিছিল। সেইটো অনুমোদিত আছিল।এতিয়া চৰকাৰে যি কয় যি কৰে তাক আমি সকলোৱে বেদবাক্য বুলি মানি ল’ব লাগিব।ই হৈছে তেওঁলোকৰ ধৰ্ম প্ৰীতি।ৰাম ৰাজ্যৰ বাণী।
গান্ধীজীয়ে ধৰ্মৰ বিষয়ে কি কৈছিলঃ According to scriptures, that was dharma which was enjoined by the holy books, followed by the sages, interpreted by the learned and which appeals to the heart. The first three conditions must be fulfilled before the fourth comes into operation. Thus one has no right to follow the precepts of an ignorant man or a rascal even though they commend themselves to one. Rigorous observance of harmlessness, non-enmity and renunciation were the first requisites for a person to entitle him to lay down the law, i.e. dharma.
অৰ্থাৎ ধৰ্ম কি? শাস্ত্ৰৰ মতে পৱিত্ৰ গ্ৰন্থবোৰে যি বিধান দিয়ে, সন্ত সাধক সকলে যি বিধান মানি চলে,বিদ্বান সকলে যাৰ ব্যাখ্যা কৰে আৰু যিয়ে মানুহৰ অন্তৰ স্পৰ্শ কৰে সেয়াই হ’ল ধৰ্ম। প্ৰথম তিনিটা চৰ্ত পূৰণ হ’লেহে (অৰ্থাৎ পৱিত্ৰ গ্ৰন্থ, সন্ত আৰু বিদ্বানসকলৰ দ্বাৰা অনুমোদিত হ’লেহে), চতুৰ্থটোৱে কাম দিব। গতিকে, এইবোৰ ব্যতিৰেকে ধৰ্ম সম্পৰ্কে কোনো অজ্ঞ বা ধূৰ্ত ব্যক্তিৰ কথা মানি চলাৰ অৰ্থ নহয়। প্ৰথমতেই, অহিংসা, অবৈৰিতা আৰু ত্যাগৰ প্ৰতি কঠোৰ নিষ্ঠা থাকিলেহে, এজন মানুহক ধাৰ্মিক বুলি ধৰা হয়। আৰু কি ক’ম?