• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথাঃ মেৰী খ্ৰীষ্টমাছ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
January 26, 2024 5:36 pm
Merry Christmas movie
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীৰাম ৰাঘৱনৰ দ্বাৰা পৰিচালিত মেৰী খ্ৰীষ্টমাছ নামাকৃত হিন্দী ভাষাৰ ছবিখনে গত ১২ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছে। সচৰাচৰ নিঅ’-নইৰ ধাৰাৰ ছবি নিৰ্মাণৰ বাবে খ্যাত শ্ৰীৰাম ৰাঘৱনৰ এই ছবিখন কাজেই ৰহস্য তথা শিহৰণধৰ্মী। ছবিখন ফ্ৰেডেৰিক ডাৰ্ডৰ দ্বাৰা ৰচিত ফৰাচী ভাষাৰ উপন্যাস “লা মন্টে চাৰ্জ” (বাৰ্ড ইন এ কেজ)ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

মেৰী খ্ৰীষ্টমাছ ছবিখন পৰিচালনা কৰাৰ লগতেই অৰিজিত বিশ্বাস, পূজা লাধা চুৰ্তি আৰু অনুক্ৰিতি পাণ্ডেসহ চিত্ৰনাট্য লিখিছে শ্ৰীৰাম ৰাঘৱনে। কেট্ৰিনা কাইফ আৰু বিজয় চেটুপথীয়ে মুখ্য ভূমিকাত অভিনয় কৰা ছবিখন বৰ্তমানেও ভিন্ন ছবিগৃহত চলি আছে।

Apply Now

ছবিৰ আৰম্ভণি ঘটে প্ৰতীকীৰূপত। পৰ্দাৰ দুফালে দুভাগত চলি থকা দুটি মিক্সাৰ গ্ৰাইণ্ডাৰৰ দৃশ্যই ছবিখনৰ দুটি পৃথক ভাগ আৰু ঘটিবপৰা পৰৱৰ্তী অঘটনক সূচাই। খুব সুচল গতিত কাহিনীভাগ আগবাঢ়ে। কোনো লৰালৰি নাই,কোনো উত্তেজনা নাই। তথাপিও ছবিখনৰ ট্ৰিটমেন্ট এনেদৰে কৰা হৈছে যে আমনি লগাতো দূৰৰ কথা, বৰঞ্চ ছবিখনৰ পৰৱৰ্তী অংশত কি হ’বলৈ গৈ আছে তাক লৈ এক আগ্ৰহ ছবিখনৰ আৰম্ভণিতেই জগাই তোলা হৈছে।

বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছৰ আগনিশাৰ মহানগৰীত দুজন অচিনাকি লগ হয়। কথোপকথন হয়, সকলো স্বাভাৱিক যেনেই অনুভৱ হয়। দুয়ো দুয়োৰে জীৱন কথন কৰে। তাৰ কিছুপৰৰ পিছত ছবিখনৰ দৃশ্যপট সলনি হয়। মূলতঃ মাৰিয়া (কেট্ৰিনা কাইফ), মাৰিয়াৰ কণমানি কন্যা সন্তান আৰু এলবাৰ্ট (বিজয় চেটুপথী)ৰ যুটিটোৰ মাজত ঘটা ঘটনাৰে ছবিখনৰ কাহিনীৰ প্ৰথমাংশ।

মেৰী খ্ৰীষ্টমাছ ছবিখনৰ চিত্ৰনাট্যৰ কথা উল্লেখ কৰিবই লাগিব। এখন উপন্যাসক এখন চলচ্চিত্ৰৰ ৰূপ দিয়াৰ এই কলাক নিখুঁতভাৱে ৰূপায়ণ কৰিছে চিত্ৰনাট্যকাৰসকলে। যাৰ বাবে ছবিখনৰ কোনো অংশতেই কোনোধৰণৰ জঠৰতা বা মন্থৰতা আহিও পৰা নাই। লগতেই উল্লেখ কৰিব লাগিব মধু নীলকন্দনৰ চিনেমেট’গ্ৰাফীৰ কাম। সমগ্ৰ ছবিখনতেই সময়-পৰিস্থিতি সাপেক্ষ পোহৰৰ ব্যৱহাৰ কৰা হৈছে।

পূজা লাধা চুৰ্তিৰ সম্পাদনাৰ কামো একেদৰেই প্ৰশংসনীয়। কম পৰিমাণে মাজে মাজে দুই এটি তীক্ষ্ণ ব্যংগৰো ব্যৱহাৰ কৰা হৈছে। আন কিছু প্ৰতীকী দৃশ্য যেনে ছবিখনত উৎকন্ঠা বাঢ়ি অহাৰ সময়তে কেটলীত পানী উতলাৰ বুৰবুৰণিৰ শব্দসহ ব্যৱহাৰ কৰা, এক দুদোল্যমান তথা বিপদজনক স্থিতিত থকা মাৰিয়াৰ পিছফালৰ বেৰত ওলমাই ৰখা এখন পেইন্টিঙত সাঁ‌তুৰিবলৈ চুইমিং পুলত জাপ দিবৰ বাবে উচ্চতাত থকা ঠেক খণ্ডৰ সীমনাত ৰৈ থকা যুৱতী এগৰাকীৰ ব্যৱহাৰ-যথেষ্ট অৰ্থৱহভাৱে কৰা হৈছে।

পৰিচালক শ্ৰীৰাম ৰাঘৱনে পৰৱৰ্তী পৰ্যায়ত ছবিখনক এনে দিশ দিয়ে যে এপলকৰ বাবেও পৰ্দাৰ পৰা চকু আঁতৰ কৰিব নোৱাৰি। ছবিৰ অন্ত পৰ্যন্ত এই উৎকন্ঠা অব্যাহত থাকে। পৰিচালক ৰাঘৱন এইখিনিতেই সফল। অন্ততো হঠাত আচম্বিত হ’বলগীয়াকৈ কোনো ট্ৰিটমেন্ট দিয়া নাই। মনোযোগ সহকাৰে ছবিখন নেচালে অন্তত কি হ’ল সেই লৈ দৰ্শক দোমোজাত থাকিব পাৰে। পিছে এই ধাৰাৰ ছবিৰ বিশেষত্ব বা সৌন্দৰ্য তাতেই। একপ্ৰকাৰৰ মন্থৰ দহন মেৰী খ্ৰীষ্টমাছ।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব এলবাৰ্টৰ ভূমিকাত অভিনয় কৰা বিজয় চেটুপথীৰ। দৰ্শক মোহাচ্ছন্ন হ’ব পৰাবিধৰ প্ৰাকৃতিক অভিনয় তেওঁৰ। লগতেই মাৰিয়াৰ ভূমিকাত অভিনয় কৰা কেট্ৰিনা কাইফেও নিজ চৰিত্ৰৰ লগত সম্পূৰ্ণৰূপে একাত্ম হৈ পৰিছে। কিছু সময়ৰ বাবে ভূমুকি মাৰা বিনয় পাঠকৰ অভিনয় সদায়েই ভাল লগা। যদিহে আপুনি উৎকন্ঠা বা শিহৰণধৰ্মী ধাৰাৰ ছবি চাই ভালপাই,তেন্তে মেৰী খ্ৰীষ্টমাছ আপোনাৰ বাবে।

(লেখিকাৰ মেইলঃ [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd