• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য সাংস্কৃতিক মহামিলনেৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাট বিহু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 12:03 pm
13-05-18 Dhakuakhana- Fato Bihu (11)

দেওবাৰে ঢকুৱাখনাৰ ফাট বিহুত পৰিৱেশন কৰা মিচিং বিহুৰ এটি দৃশ্য। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ৰাতিপুৱাৰ পৰাই ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আৰম্ভ হোৱা ঢোল-তাল,পেঁপা-গগনা,নাচনীৰ নাচোন, জাত জাত বিহু নাম আৰু ঐনিতমৰ সুৰৰ মাজৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত পৰম্পৰাগত ফাট বিহু।

প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা গছতলৰ মুকলি বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দেওবাৰৰ দিনটো সকলো জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠী সমূহৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনেৰে জীপাল হৈ পৰিল ফাট বিহু স্থলী।

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ লগে লগেই ফাট বিহুৰ অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হয় ।

শোভাযাত্ৰা উদ্বোধন কৰি জনপ্রিয় অভিনেত্ৰীগৰাকীয়ে কয়, ‘ঢকুৱাখনাৰ ফাট বিহু বৃহত্তৰ অসমীয়া জাতি-সংস্কৃতিৰ আটাইতকৈ জীৱন্ত উদাহৰণ।’

‘ফাটবিহু অসমত গঢ়ি উঠা অপসংস্কৃতিৰ প্রতিবাদী কণ্ঠ’ বুলি প্রকাশ কৰি তেওঁ কয়, ‘পথাৰৰ, গছতলৰ বিহু এতিয়া মঞ্চ আহি পাইছেহি। অসমত মঞ্চবিহু, সাংস্কৃতিক সন্ধিয়াৰ নামত  অপসংস্কৃতি গঢ় লৈ উঠিছে। এই অপসংস্কৃতিৰ সজোৰ প্ৰতিবাদী কন্ঠই হ’ল ঢকুৱাখনাৰ ফাট বিহু।’

13-05-18 Dhakuakhana- Fato Bihu (9)
দেওবাৰে ঢকুৱাখানাৰ ফাট বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাৰ এটি দৃশ্য। ফটো : ইউ বি

সাংস্কৃতিক শোভাযাত্ৰাত মিচিং,দেউৰী, কোঁচ ৰাজবংশী, সোণোৱাল কছাৰী, তিৱা, নেপালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শিত হয়। তদুপৰি অসমীয়া গ্ৰাম্য জীৱনৰ কঠীয়া সিঁচা,মাছ ধৰা, বিয়া, চিলাই প্ৰশিক্ষণ, মৃতকৰ সকামকে ধৰি বহু দৃশ্য উপস্থাপন কৰাৰ লগতে সীতা সয়ম্বৰ, শিৱ পাৰ্বতী আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ নামাজ পাঠৰ দৃশ্যও ইয়াত প্ৰদৰ্শিত হয়।

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আৰম্ভ হয় মুকলি বিহু। মুকলি বিহু প্ৰতিযোগিতাত মিচিং, দেউৰী, আহোম, কছাৰী, কোঁচ-ৰাজবংশীকে ধৰি প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ বিহুদলে অংশ লয়। ঢকুৱাখনাৰ ৰাইজৰ বিপুল সমাগমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ তথা বহিঃৰাজ্যৰ  পৰাও বহু  লোক আহি ফাট বিহুৰ বিৰল নান্দনিকতা উপভোগ কৰে।

দেওবাৰে বিয়লি ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিদিন টাইমৰ আউটপুট এডিটৰ ৰাজদীপ বাইলুং বৰুৱাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংচি আৰু বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্যক ঠংচিয়ে কয়, ‘ফাট বিহুৱে অসমীয়া বিহুৰ ঐতিহ্য,আৰু পৰম্পৰাক ধৰি ৰাখিছে। ফাটবিহুতে আছে ৰঙালী বিহুৰ আচল ৰূপ।’

আনহাতে, মুখ্য অতিথি হিচাপে ভাগ লৈ চিন্তাবিদ ময়ূৰ বৰাই  ফাট বিহু অসমীয়া স্বাভিমানৰ স্বৰ্ণৰেখা বুলি অভিহিত কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd