ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী উত্থাপন কৰি ভিন্ন দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷
আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷
হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰী দল অসম গণ পৰিষদ৷
সোমবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই৷ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত সোমবাৰে পুৱাৰ পৰা অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰতিবাদ সাব্যস্ত কৰে৷
আনহাতে বোকাখাততো অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সহস্ৰাধিক অগপ নেতা-কৰ্মীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখযোগ্য যে অগপই বিধেয়কখনৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হ’বলৈ আহ্বান জনাই সোমবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী হাতত লৈছে৷ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে কেইবাটাও স্থানীয় দল- সংগঠনে এই গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীত সহযোগ আগবঢ়াইছে৷