বিহাৰৰ লখিচৰাই জিলাৰ ৰামগড় অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৮ গৰাকী লোকে।
এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এনে প্ৰাণনাশী দুৰ্ঘটনাৰ সৃষ্টি হয়। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত অটোৰিক্সাখনত মুঠ ১৪ জন যাত্ৰী আছিল।
ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষৰ পিছতে অটোৰিক্সাখন পথত বাগৰি পৰে আৰু ঘটনাস্থলীতে ৮ জন লোকৰ মৃত্যু হয়। আনহাতে অটোখনত থকা আন ছয়জন যাত্ৰী গুৰুতৰভাৱে আহত হয়.
সংকটজনক অৱস্থাত আহত ব্যক্তিসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ পাটনালৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
আহত লোকসকলৰ স্বাস্থ্যৰ অৱস্থালৈ চাই নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি আৰক্ষী বিষয়াজনে লগতে শংকা প্ৰকাশ কৰে।
তেওঁ লগতে দুৰ্ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।