এটা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী ৭০ বছৰীয়া মহিলাৰ অংগ বিচ্ছিন্ন মৃতদেহ। এটা পৰিত্যক্ত বাংলোৰ সমীপত পৰি থকা এটা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহৰ টুকুৰা।
এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ কে আৰ পুৰমত। মৃত বৃদ্ধাগৰাকীৰ নাম সুশিলম্মা।
আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ কন্যাৰ সৈতে ভাড়াঘৰত বাস কৰিছিল। তেওঁ কে আৰ পুৰমৰ ওচৰৰ নিছৰ্গাত বাস কৰিছিল।
বাংগালুৰুৰ সেই অঞ্চলৰ এটা পৰিত্যক্ত ঘৰৰ পৰা যোৱা কেইদিনমানৰ পৰা তীব্ৰ দুৰ্গন্ধ নিৰ্গত হৈছিল। সেই কথাত বিৰক্ত হৈ স্থানীয় ৰাইজে আৰক্ষীক এজাহাৰ দাখিল কৰে।
ইয়াৰ পিছতে আৰক্ষী আহি তালাচী আৰম্ভ কৰি বৃদ্ধা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, বৃদ্ধাগৰাকীৰ শৰীৰৰ পৰা হাত-ভৰি কাটি পেলোৱা হৈছে। কটা অংগ এতিয়াও পোৱা হোৱা নাই।
বাংগালুৰুৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰমন গুপ্তাই কয়, ” এটা ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। আমাৰ বিষয়াসকলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অতি সোনকালে অপৰাধী ধৰা পৰিব।”