• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2024 8:18 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ৰাজধানী ঢাকাত এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ৪৪ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, জুই লগা বহুমহলীয়া অট্টালিকাটো আছিল এটা বাণিজ্যিক কমপ্লেক্স। অট্টালিকাৰ দ্বিতীয় মহলাৰ এখন ৰেষ্টুৰেণ্টৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেয়া জানিবলৈ তদন্ত চলি আছে।

অগ্নিকাণ্ডৰ সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মহম্মদ মাইনুদ্দিনে কয় যে তলৰ দুটা মহলাৰ পৰাই জুই আৰম্ভ হৈছিল। পিছলৈ ই ওপৰলৈ বিয়পি পৰে। ইয়াৰ বাবেই বহু লোক আবদ্ধ হৈ পৰে। জনা যায় যে যিটো অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া ঢাকাৰ বেইলী ৰোডত অৱস্থিত।

স্থানীয় সময় অনুসৰি নিশা ১১:৫০ বজাত নিয়ন্ত্ৰণলৈ অনা হয় জুই। তেতিয়াৰ পৰাই যুদ্ধকালীনভাৱে উদ্ধাৰৰ কাম আৰম্ভ হয়। গভীৰ নিশা কিছু সময়ৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়। আজি পুৱা পুনৰ উদ্ধাৰ কাম আৰম্ভ হৈছে।

Apply Now

লগতে পঢ়কঃ যোগী ৰাজ্যত চাঞ্চল্যকৰ কাণ্ডঃ উদ্ধাৰ দুই কিশোৰীৰ মৃতদেহ, ধৰ্ষণৰ সন্দেহ

অগ্নিকাণ্ডৰ ঘটনা শুনি বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীলৈ আহে। এই ঘটনা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডাঃ সামন্ত লাল সেনে কয় যে যেতিয়া শ্বেখ হাছিনা ৰাষ্ট্ৰীয় বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটলৈ লৈ যোৱা লোকসকলৰ ভিতৰত তাত থকা চিকিৎসকে ৩৩ জন লোকক মৃত ঘোষণা কৰে। লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ১০টা জ্বলি যোৱা মৃতদেহ। সামন্তে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা স্থানীয় সময় অনুসৰি প্ৰায় ৯:৫০ বজাত শ্বপিং মলটোৰ দ্বিতীয় মহলাৰ এখন ৰেষ্টুৰেণ্টত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পাছতে জুই শ্বপিং মলটোলৈ বিয়পি পৰিল। সেই শ্বপিং মলটোত কেইবাখনো কাপোৰৰ দোকান আছিল। লগতে আৰু ৰেষ্টুৰেণ্টো আছিল। সেইবোৰতো জুই লাগে। ৰেষ্টুৰেণ্টৰ পাকঘৰৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড দ্ৰুতগতিত বিয়পি পৰে। তাতে বহু মানুহ আবদ্ধ হৈ পৰে। খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ততাতয়াকৈ তাত উপস্থিত হয়।

At least 44 people were killed in a fire at a restaurant building on Bailey Road in #Bangladesh capital #Dhaka at the night following Thursday.

The #fire was first noticed on the ground floor of Green Cozy Cottage Shopping Mall around 9:50pm and it soon spread to the upper… pic.twitter.com/sHkqQjESmV

— Rifat Alam (@RifatAlam007) March 1, 2024

জানিব পৰা মতে, ১৩খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত শ্বপিং মলৰ পৰা ৭৫জন লোকক উদ্ধাৰ কৰে। বেছিভাগেই অচেতন নাছিল। পিছত উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত ৪৪ জন লোকক মৃত বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত আন প্ৰায় ৩০ জন অগ্নিদগ্ধ ৰোগী চিকিৎসাধীন হৈ আছে।

At least 44 people were killed in a massive fire that engulfed a building in #Bangladesh's capital #Dhaka. pic.twitter.com/PDTgeiI0Gf

— Pooja Mehta (@pooja_news) March 1, 2024

উল্লেখ্য যে বিগত সময়ত বহুবাৰ বাংলাদেশৰ বহুমহলীয়া অট্টালিকা বা কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে ২০২১ চনত কাৰখানাত হোৱা অগ্নিকাণ্ডত ৫২ জন লোকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বে ২০১৯ চনত ঢাকাৰ বহুমহলীয়া অট্টালিকাত সংঘটিত এক অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই বছৰেই আন এক অগ্নিকাণ্ডত ৭১ জন লোকৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd