• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেবানন্দ চৌধুৰীৰ মৃত্যুত নৰ্থইষ্ট নাওৰ শোক প্ৰকাশ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 5, 2024 3:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী, সমাজকৰ্মী তথা নৰ্থইষ্ট নাও পৰিয়ালৰ এগৰাকী ব্যক্তি দেবানন্দ চৌধুৰীয়ে যোৱা ৩ মাৰ্চ তাৰিখে পুৱতি নিশা গুৱাহাটীৰ এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।

চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি ৪ মাৰ্চ, সোমবাৰে নৰ্থইষ্ট নাওৰ পৰিয়ালে এখনি শোকসভা অনুষ্ঠিত কৰি তেখেতক স্মৰণ কৰে। নৰ্থইষ্ট নাওৰ পৰিয়ালৰ কৰ্মচাৰী সকলে উক্ত সভাত দেবানন্দ চৌধুৰীৰ লগত কটোৱা বিভিন্ন মুহূৰ্ত স্মৰণ কৰাৰ লগতে তেখেতৰ অৱদান আৰু ব্যক্তিত্ব সম্পৰ্কে স্মৰণ কৰে। 

Apply Now

নৰ্থইষ্ট নাওৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকাই কয় – “তেখেত এজন অত্যন্ত আঢ্যৱন্ত ব্যক্তি হৈও তেনেই সাধাৰণ জীৱন যাপন কৰিছিল। বিভিন্ন বিষয়ত তেওঁৰ দক্ষতা আছিল। তেওঁ নৰ্থইষ্ট নাওৰ সম্পৰ্কত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছিল। নৰ্থইষ্ট নাওৰ চৌহদত তেওঁক যোৱা ৬ বছৰে বিভিন্ন কাম ব্যস্ত হৈ থকা দেখা পাই আহিছোঁ। তেওঁক এতিয়াৰে পৰা আৰু আমি দেখা নাপাম। তেওঁৰ অভাৱ আমি সকলোৱে অনুভৱ কৰিম আৰু তেওঁ আমাৰ স্মৃতিত সদায় সজীৱ হৈ থাকিব।।”

নৰ্থইষ্ট নাও পৰিয়ালৰ আন এগৰাকী বিষয়া অংশুমান তামুলীয়ে দেবানন্দ চৌধুৰীক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অত্যন্ত কৰ্মপটু আৰু দক্ষ ব্যক্তি আছিল। তেখেতৰ সৰল স্বভাৱে আমাক সদায় আকৃষ্ট কৰিছিল। 

“ছাৰ প্ৰায়ে কেন্টিনলৈ আহিছিল। কেন্টিনলৈ আহি ৰন্ধা-বঢ়া পৰিদৰ্শন কৰিছিল। খোৱা মানুহ কিমান সেয়া সুধি কিমান পৰিমাণৰ খাদ্য ৰান্ধিব লাগিছিল সেয়া তেওঁ আমাক কৈ দিছিল। খেতি বাতি কৰাত ছাৰৰ  বিৰাট ৰাপ আছিল। মই তেওঁক ১০০ টা মালভোগ কলৰ পুলি আনি দিছিলোঁ। তেওঁ সেই কলপুলিবোৰত কি সাৰ দিব সেই সম্পৰ্কে মোৰ পৰা দিহা পৰামৰ্শ বিচাৰিছিল।” – নৰ্থইষ্ট নাওৰ কেন্টিন পৰিচালনা কৰা পংকজ কুমাৰ দাসে কয়। 

একাউণ্ট ব্ৰান্সৰ বিষয়া চন্দন শৰ্মাই কয় – “ তেখেতে বিভিন্ন সময়ত শ্ৰমিক সকলক গালি দিছিল। গালি দিয়াৰ বাবে মানুহজনক বেয়া বুলি ক’ব নোৱাৰি। গালি দিলেও তেওঁ শ্ৰমিক সকলক যথেষ্ট মৰম কৰিছিল। তেখেতৰ তলত কাম কৰা শ্ৰমিক সকলে তেওঁৰ এই মৰমীয়াল গুণটোৰ বাবে যথেষ্ট ভাল পাছিল। ”

একাউণ্ট ব্ৰান্সৰ আন এগৰাকী বিষয়া কিৰণ থাপাই কয় – “শ্ৰমিক সকলে তেখেতৰ মৃত্যুত যথেষ্ট ভাগি পৰিছে। তেখেতৰ মৃত্যুৰ পিছত ‘আমাক পৰিচালনা কৰা মানুহজন নোহোৱা হৈ গ’ল’ বুলি শ্ৰমিক সকলে মোৰ আগত দুখ প্ৰকাশ কৰিছে।”

নৰ্থইষ্ট নাওৰ সাংবাদিক মৈত্ৰেয়ী শৰ্মাই কয় – তেখেত যথষ্ট মৰমীয়াল আছিল। বিভিন্ন বিষয়ত তেওঁ পাৰ্গত আাছিল। যথেষ্ট সা-সম্পত্তি আৰু টকা-পইচাৰ গৰাকী হৈও তেওঁ অতি সাধাৰণ জীৱন যাপন কৰিছিল।”

লগতে নৰ্থইষ্ট নাওৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী কংকন প্ৰতীম শইকীয়া আৰু বেদান্ত ডেকাই  কয় যে তেখেতে দৈনিক নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছল। তেওঁ প্ৰতিদিনে ইন্টাৰনেটত বিভিন্ন বিষয় সম্পৰ্কে অধ্যয়ন কৰিছিল আৰু সেই সম্পৰ্কে আমাৰ লগত আলোচনা কৰিছিল। তেওঁ ইণ্টাৰনেটৰ পৰা অৰ্জন কৰা জ্ঞান ব্যৱহাৰিকভাবে প্ৰয়োগ কৰিছিল। 

সদৌ শেষত নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰেও তেওঁৰ সৈতে কটোৱা মুহূৰ্তসমূহ কথা ব্যক্ত কৰে। পৰেশ মালাকাৰে কয়, “হাস্পাতালত খবৰ লবলৈ যাওতে তেওঁ মোৰ লগত ৰাজনীতি কথা পাতিব খুজিছিল। তেওঁ ৰাজনীতি, ব্যৱসায়, সাহিত্য আদি সকলো দিশতে ৰাপ থকা ব্যক্তি আছিল।’’

সদৌ শেষত এই শোকভাত উপস্থিত সকলো কৰ্মচাৰী-বিষয়াই ১ মিনিট মৌনতা অৱলম্বন কৰি প্ৰয়াত দেবানন্দ চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd