উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী আয়োগক দাখিল কৰিব নোৱাৰে নিৰ্বাচনী বণ্ডৰ তথ্য। এই কথা উচ্চতম ন্যায়ালয়ক জনাইছে ভাৰতীয় ষ্টেট বেংকে। ইয়াৰ উপৰিও এছ বি আইয়ে অধিক সময়ৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।
ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কৰ্পৰেট সংস্থাৰ পৰা কোটি কোটি টকা লাভ কৰিছে। এই বণ্ডসমূহ ক্ৰয় কৰি এছ বি আইৰ জৰিয়তে দলসমূহক টকা দিয়া হৈছে। বণ্ডৰ যোগে লাভ কৰা এই টকা অবৈধ বু্লি ঘোষণা কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে অহা ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
এছ বি আইৰ মতে, এতিয়ালৈকে সকলো তথ্য সংগ্ৰহ কৰা সম্ভৱ হোৱা নাই। এই সময়সীমা বৃদ্ধি কৰিবলৈ দেশৰ শীর্ষ আদালতক অনুৰোধ জনাইছে বেংক কর্তৃপক্ষই৷ ৩০ জুনলৈ এছ বি আইক সময় দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে।
চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনক ‘অসাংবিধানিক’ বুলি ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে এই আঁচনি বাতিলৰ সপক্ষে ৰায় দিয়ে। এডিআৰ, চিপিআই(এম), কংগ্ৰেছ নেতা জয়া ঠাকুৰ, স্পন্দন বিশ্বকে ধৰি কেইবাটাও সংগঠন, ৰাজনৈতিক দল আৰু ব্যক্তিয়ে ৰাজহুৱা স্বাৰ্থৰ গোচৰ (ADR & Anr. V. Union of India & Ors., Writ Petition (Civil) No. 880 of… ২০১৭) দাখিল কৰা হৈছে। নিৰ্বাচনী বণ্ডৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকক ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ক্ৰয় কৰা সকলো নিৰ্বাচনী বণ্ডৰ সবিশেষ ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
প্ৰসংগক্ৰমে এডিআৰৰ তথ্য অনুসৰি ২০১৭-১৮ চনৰ পৰা ২০২২-২৩ চনলৈকে নিৰ্বাচনী বণ্ড আঁচনিৰ জৰিয়তে বিজেপিয়ে ৬,৫৬৬.১২ কোটি টকাৰ অনুদান লাভ কৰিছে। যিটো হৈছে বণ্ডৰ পৰা বিভিন্ন ৰাজনৈতিক দলে পোৱা অনুদানৰ ৫৪.৭৭ শতাংশ। এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ। এই দুই দলে লাভ কৰা টকাৰ পৰিমাণ ক্ৰমে ১,১২৩ কোটি আৰু ১,০৯২ কোটি আৰু এই দুয়োটা দলে লাভ কৰা অনুদানৰ ক্ৰমে ৯.৩৭ শতাংশ আৰু ৯.১১ শতাংশ। তথ্য মতে, নিৰ্বাচনী বণ্ড আঁচনিৰ পৰা এটকাও পোৱা নাই চিপিআইএম।