• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথাঃ পাষ্ট লাইভছ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 6, 2024 8:05 pm
Past Lives
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত চলচ্চিত্ৰ জগতত সমগ্ৰ বিশ্বজুৰি চৰ্চাত থকা এখন ছবি ‘পাষ্ট লাইভছ’। চৰ্চালৈ অহাৰ বিশেষ কাৰণ এয়ে যে অনাগত ৯৬ সংখ্যক অস্কাৰ (অকাডেমী) বঁ‌টা প্ৰতিযোগিতাৰ মুল শাখাৰ বাবে এই আমেৰিকান ছবিখনে লাভ কৰিছে দুটিকৈ মনোনয়ন। শ্ৰেষ্ঠ স্ব-ৰচিত চিত্ৰনাট্য (বেষ্ট অৰিজিনেল স্ক্ৰীণপ্লে) আৰু শ্ৰেষ্ঠ ছবি- এই দুই শিতানৰ বাবে মনোনয়ন লাভ কৰা এই ছবিখনৰ পৰিচালক চেলিন চং কোৰিয়ান মূলৰ।

এইখিনিতে উল্লেখনীয় যে নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ চেলিন চঙৰ পৰিচালকৰূপে পাষ্ট লাইভছ প্ৰথমখন ছবি। পাষ্ট লাইভছৰ কাহিনী আৰু চিত্ৰনাট্য চেলিন চঙৰে অৰ্দ্ধ আত্মজীৱনীমূলক। চিত্ৰনাট্য চেলিন চঙেই লিখিছে। গত বৰ্ষৰ জানুৱাৰী মাহত চাণ্ডেন্স চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰথম প্ৰদৰ্শন হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ২ জুন তাৰিখে ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হৈছিলে। ইংৰাজী আৰু কোৰিয়ান ভাষাৰ সংমিশ্ৰণত নিৰ্মিত পাষ্ট লাইভছ বৰ্তমান দৰ্শকৰ বাবে এমেজন প্ৰাইমত উপলব্ধ। ৮১তম গ’ল্ডেন গ্ল’ব বঁ‌টা প্ৰতিযোগিতাতো পাষ্ট লাইভছে ছটাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।

Apply Now

দুজন কৈশোৰকালৰ বন্ধুৰ কৈশোৰৰ পৰা আৰম্ভ কৰি,পৰিৱৰ্তিত জীৱন, অৱস্থানৰ মাজেৰে গতি কৰা ২৪ বছৰকালৰ দীৰ্ঘ এক সম্পৰ্ক কেন্দ্ৰিক ছবি পাষ্ট লাইভছ। সহপাঠী না য়ঙ(পিছলৈ নাম সলাই ন’ৰা)আৰু হায়ে চাঙ দুয়োৱে দুয়োৰে বন্ধুত্ব উপভোগ কৰে। মাকক কিশোৰী না য়ঙে কেতিয়াবালৈ তাই হায়ে চাঙক বিয়া কৰাবলৈয়ো পাৰে বুলি প্ৰকাশ কৰে। সৰু সৰু কথাত ক্ৰন্দসী হৈ পৰা না য়ঙক হায়ে চাঙেই হে বুজি পায়। না য়ঙৰ ১২ বছৰ বয়সত, সিহঁতৰ পৰিয়ালটো কোৰিয়াৰ পৰা উত্তৰ আমেৰিকাত এক নতুন জীৱন আৰম্ভ কৰিবলৈ যাবলৈ ওলায়। তাৰ আগে আগে কংক্ৰিটৰ এক শিলাকৃতিৰ ফাকবোৰৰ মাজেৰে দুই বন্ধুৱে লুকা-চুৰিৰ দৰে খেলাৰ দৃশ্যটোৱে প্ৰতীকাৰ্থত পৰৱৰ্তী পৰ্যায়ত দুই বন্ধুৰ সম্পৰ্কৰ ক্ষেত্ৰত কি ঘটিব পাৰে তাক দৰ্শাইছে।

যিদৰে কোৰিয়া এৰাৰ আগে আগে স্কুলৰ পৰা উভতি থাকোতে দুই বন্ধু পৃথক হোৱাৰ সময়ত কোনো বিশেষ সংলাপৰ ব্যৱহাৰ নকৰি, মাথোঁ দুয়োৱে এটি কেন্দ্ৰৰ পৰা দুটি পৃথক বাটেৰে গতি কৰাৰ দৃশ্যটোৰ ব্যৱহাৰ কৰা হৈছে, ঠিক তেনেদৰে পৰৱৰ্তী সময়ত প্ৰায় ১২ বছৰৰ পিছত ফেচবুকৰ জড়িয়তে পুনৰ সংযোগ স্থাপন হোৱা দুয়ো বন্ধুৱে স্কাইপে’ত ভিডিঅ’ কলৰ মাধ্যমেৰে কথা পাতি থাকোতে হায়ে চাঙে এটি গণ্ডোলাৰ ওপৰৰ পৰা কোৰিয়াৰ দৃশ্য না য়ঙক দেখোৱাই থাকোতে হঠাৎ দুলি থকা অৱস্থাতে ভিডিঅ’ সংযোগ বিচ্ছিন্ন হোৱাই পৰৱৰ্তী সময়ত পুনৰাই দুয়োৰে মাজত আহিবলগা ব্যৱধানক দৰ্শাইছে।

এনেধৰণৰ দৃশ্যাংশসমূহৰ বিষয়ে উল্লেখ কৰাৰ কাৰণ হ’ল-ই এখন সু-সংৰচিত চিত্ৰনাট্যক পৰিচালকৰ নিখুঁত নিৰ্দেশনাক দৰ্শায়। গণ্ডোলাত দুলি থাকি ভিডিঅ’ চাট কৰি থকা দৃশ্যাংশটোৱে গত বৰ্ষৰ আন এখন ছবি- হাৰিকাজু ক’ৰিডাৰ “ব্ৰ’কাৰ”লৈ মনত পেলাই দিলে। ব্ৰকাৰতো দুজনৰ মাজৰ এক দুদোল্যমান সম্পৰ্ক তথা মানসিক স্থিতিক প্ৰদৰ্শন কৰিবলৈ গণ্ডোলাৰ এনে দৃশ্যটোৰ ব্যৱহাৰ কৰিছিলে।

১২বছৰৰ পিছৰ না য়ঙ এগৰাকী পৃথক ব্যক্তি হৈ পৰিছিলে, যি স্বাভাৱিক, আৰু ১২ বছৰৰ পিছৰ হায়ে চাঙ প্ৰায় একেই আছিল, যিটোও সমানেই স্বাভাৱিক। ছবিখনত দুয়োৰে ক্ষেত্ৰত সেই গ্ৰহণযোগ্যতাও প্ৰদান কৰিছে কাহিনীকাৰে। হায়ে চাঙে না য়ঙৰ সন্ধান কৰি ছ’চিয়েল মিডিয়াত পষ্ট দিছিলে। হঠাৎ সংযোগ হৈছিলে, এক ভাল লগা মৃদু মধুৰ অনুভৱ আৰম্ভ হ’বলৈয়ো ধৰিছিলে। পুনৰাই না য়ঙে বিছৰা মতেই সেই সংযোগ বিচ্ছিন্নও হৈছিলে। আকৌ দীৰ্ঘকালৰ বিৰতিৰ মুৰত দুয়োৰে কায়িক সাক্ষাৎ হয় নিউয়ৰ্কত। তেতিয়ালৈ না য়ঙৰ জীৱন আৰু অধিক পৰিৱৰ্তিত,হায়ে চাঙৰ জীৱনো পৰিৱৰ্তিত,যদিওবা কোনোবাখিনিত হায়ে চাঙ অপৰিৱৰ্তিত।

ছবিখনৰ কাহিনীভাগ অতি দ্ৰুতগতিত আগ নাবাঢ়ে যদিও যিটো ছন্দত আগবাঢ়ে সেই ছন্দ এইখন ছবিৰ বাবে উপযুক্ত। প্ৰথমে বিশেষ একো নাই যেন লাগিলেও ক্ৰমশঃ মনোগ্ৰাহীতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। দীৰ্ঘকালৰ পৰিৱৰ্তিত সম্পৰ্ক, সম্পৰ্কৰ প্ৰগাঢ়তা বা পাৰস্পৰিক হৈয়ো পাৰস্পৰিক হৈ নুঠা কিছুমান প্ৰত্যাশাৰ এখন ছবি পাষ্ট লাইভছ। যদিওবা সাংঘাতিক অগতানুগতিক একো কাহিনী নাই এই ছবিখনত পিছে কাহিনীক উপস্থাপনৰ যি শৈলী-সেই অগতানুগতিক শৈলীয়েই পাষ্ট লাইভছক বিশেষ আৰু অন্তৰ্স্পৰ্শী কৰি তুলিছে। পৰিচালক চেলিন চঙৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি হিচাপে তেওঁ ভূয়সী প্ৰশংসাৰ পাত্ৰ। এইখিনিতে উল্লেখ কৰিব লাগিব ছাবিয়াৰ কিৰ্ছনাৰৰ সুন্দৰ চিনেমেট’গ্ৰাফীৰ বিষয়ে। তেওঁ সমগ্ৰ চিনেমাখনকেই নান্দনিকতাৰে তুলি ধৰিছে। কেইথ ফ্ৰাজেৰ সম্পাদনাও আন এক শক্তিশালী দিশ ছবিখনৰ।

এই হওঁ হওঁকৈ হৈ নুঠা কথাবোৰ, কওঁ-নকওঁ‌কৈ নোকোৱা বা অব্যক্ত অনুভৱবোৰক খুব কম সংলাপেৰে হায়ে চাঙৰ চৰিত্ৰত অভিনয় কৰা টিঅ’ য়’ই নিজৰ দেহভংগিমা আৰু অভিব্যক্তিৰে এক অনন্যৰূপত তুলি ধৰিছে। টিঅ’ য়’ৰ বাদে যেন এই চৰিত্ৰটি আন কাৰো বাবে ৰূপায়ণ কৰা সম্ভৱ নাছিল,এনে অনুভৱ হ’ল। একেদৰেই না য়ঙৰ চৰিত্ৰত অভিনয় কৰা গ্ৰেটা লীৰ অভিনয়ো শক্তিশালী। কেতিয়াবা সম্ভৱপৰ নহ’ব বা নহয় বুলি জনাৰ পিছতো কিছুমান সপোন বা হেপাঁ‌হক পোহপাল দিয়া যায়, দীৰ্ঘকাল সযতনে আপদাল কৰা যায়, প্ৰাপ্তিৰ অৰ্থ বিচৰা নেযায় কিছুমান সম্পৰ্কত-মৰিচীকা হ’লেও খেদি ফুৰা এনে কিছুমান হেপাঁ‌হ হয়তো আমাৰ প্ৰায় সকলোৰে মাজতেই কম-বেছি পৰিমাণে জীয়ন দিওঁ। পাষ্ট লাইভছ চালে এনে কিছু অনুভৱকে, বা হয়তো নিজকেই কোনোবাখিনিত বিচাৰি পাব। এক কথাত এখন প্ৰগাঢ়, অন্তৰ্শস্পৰ্শী আৰু শক্তিশালী ছবি পাষ্ট লাইভছ।

(লেখকৰ মেইলঃ [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd