মধ্যপ্ৰদেশৰ গুনাত জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলাই থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন প্ৰশিক্ষক বিমান। দুৰ্ঘটনাত আহত হৈছে প্ৰশিক্ষাৰ্থী মহিলা পাইলটগৰাকী।
প্ৰকাশিত খবৰ অনুসৰি, নীমুচ চহৰৰ পৰা ধনা অভিমুখে উৰা মৰা বিমানখনত বিজুতি ঘটাৰ ফলত পাইলটে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।
অৱতৰণৰ সময়ত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী পাইলটগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
গুনাৰ এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, ধনাস্থিত চাইমছ এভিয়েশন একাডেমীৰ মালিকানাধীন চেছনা ১৭২ নামৰ একক ইঞ্জিনৰ বিমানখন গুনাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়তে বিমানখনত বিজুতি ঘটে।
ইয়াৰ পিছতে প্ৰশিক্ষাৰ্থী মহিলা পাইলটগৰাকীয়ে গুনা বিমানবন্দৰত অৱতৰণ কৰাৰ অনুমতি বিচাৰিছিল। অৱশ্যে অৱতৰণৰ সময়ত বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ জোপোহাত খুন্দা মাৰে।
লগে লগে বিমানখন ওলোটা হৈ পৰে আৰু বিস্তৰ ক্ষতিগ্ৰস্ত হয়। অৱশ্যে এনে ভয়াৱহ দুৰ্ঘটনাৰ পিছতো পাইলটগৰাকী গুৰুতৰ আঘাতৰ পৰা হাত সাৰিবলৈ সক্ষম হয় বুলি বিষয়াজনে কয়।