• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অস্কাৰৰ মঞ্চত নগ্ন জন চিনা! মুহূৰ্ততে ভাইৰেল অভিনেতাৰ দু:সাহসিক কাণ্ড (চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2024 3:24 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰজনৰ নাম ঘোষণা কৰাৰ বাবে মঞ্চত উঠিছিল। কিন্তু উপস্থাপক জন চিনাই যি কাণ্ড ঘটালে, সেয়া বৰ্তমান বিশ্বৰ বিনোদন জগতৰ বাতৰিৰ শিৰোনামত। শৰীৰত এডাল সূতাও নাই! জন চিনাই সম্পূৰ্ণ নগ্ন হৈ মঞ্চত উঠিল। ৯৬ সংখ্যক একাডেমী বঁটা অনুষ্ঠানৰ পৰা মুহূৰ্ততে ভাইৰেল হৈ পৰিল ‘নগ্ন অভিনেতা’ৰ কাণ্ড।

২০২৪ চনত ১৯৭৪ চনৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিল। ৰবাৰ্ট অপেল নামৰ এজন ফটোগ্ৰাফাৰে সেই বছৰ উলংগ হৈ অস্কাৰৰ মঞ্চত ঘূৰি ফুৰিছিল। সেই ঘটনাৰ ৫০ বছৰৰ পাছত শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰৰ নাম ঘোষণা কৰিবলৈ গৈ জন চিনাই এই সাহসী ষ্টাণ্ট প্ৰদৰ্শন কৰে।

জনৰ গোটেই শৰীৰটো উন্মুক্ত। অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত অংগ লুকুৱাবলৈ মাত্ৰ এটুকুৰা কাগজৰ খাম হাতত লৈ থকা দেখা গৈছিল। তাতেই লিখা আছিল বিজয়ীৰ নাম।

১১ মাৰ্চ সোমবাৰে লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হোৱা অস্কাৰ অনুষ্ঠানৰ দৰ্শকে এনে এটা ঘটনা দেখি স্তম্ভিত হৈ পৰিল! হুলস্থুল আৰম্ভ হোৱাৰ লগে লগে জন চিনাই সকলোকে মন্তব্য কৰিলে, “কাপোৰ অতি গুৰুত্বপূৰ্ণ। আৰু হয়, পুৰুষৰ শৰীৰক লৈ কোনো ধেমালি নহয়!”

A naked John Cena and Jimmy Kimmel bicker on stage at the 2024 #Oscars pic.twitter.com/1JYd5qth6F

— The Hollywood Reporter (@THR) March 11, 2024

স্বাভাৱিকতে জন চিনাৰ এই কৌতুকত সমগ্ৰ ডলবি থিয়েটাৰ হাঁহিৰে ৰজনজনাই যায়। অৱশ্যে এনে সাহসী ষ্টাণ্টৰ বাবে WWE তাৰকাগৰাকীয়ে প্ৰশংসাও লাভ কৰে। কিন্তু তাৰ পিছত?

Here’s how John Cena went from fully naked (!!!) to partially clothed while costume design nominees reel played. Jimmy Kimmel really did help. #Oscars pic.twitter.com/dZPA7qmbgf

— Chris Gardner (@chrissgardner) March 11, 2024

জন চিনাই যেতিয়া শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰজনৰ নাম ঘোষণা কৰিবলৈ খামটো তুলি ল’লে, তেতিয়া মঞ্চৰ সকলো লাইট নুমাই গ’ল! লগে লগে কেইবাজনও এটা গাউন লৈ উপস্থিত হ’ল। তাৰ পিছত জনে পোছাক পিন্ধি ললে আৰু মাৰ্টিন স্কোৰচেজক শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰ বঁটা প্ৰদান কৰিলে। পটভূমিত “পুওৰ থিংছ” ছবি। যোৱা বছৰৰ চৰ কাণ্ডৰ পিছত অস্কাৰৰ মঞ্চত এইবাৰ জন চিনাৰ নগ্ন কাণ্ডই শিৰোনাম দখল কৰিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd