• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী সুৰা নীতি গোচৰত বি আৰ এছ নেত্ৰী কে কবিতাক গ্ৰেপ্তাৰ ইডিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2024 7:14 pm
K Kavitha Delhi liquor policy case Enforcement Directorate
595
VIEWS
Share on FacebookShare on Twitter

দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছে তেলেংগানাৰ পূৰ্বৰ শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক।

বি আৰ এছৰ নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইডিয়ে তেওঁক দিল্লীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। আজি এনদ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নেত্ৰীগৰাকীৰ বাসভৱনত অভিযান চলোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰে। ইতিপূৰ্বে তদন্ত সংস্থাটোৱে চলিত বৰ্ষত দুবাৰকৈ চমন জাৰি কৰিছিল কবিতাক।

কিন্তু দুয়োবাৰেই কে কবিতাই ইডিৰ চমন অগ্ৰাহ্য কৰিছিল। বিগত বৰ্ষত কবিতাক এই গোচৰৰ সন্দৰ্ভত তিনিবাৰকৈ জেৰা কৰা হৈছিল। আনকি তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বক্তব্যও প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট (পিএমএলএ)ৰ অধীনত লিপিবদ্ধ কৰিছিল।

কে কবিতাই ইডিৰ অভিযোগ অস্বীকাৰ কৰি নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। তাৰ পৰিৱৰ্তে তেওঁ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেলেংগানাত প্ৰৱেশৰ স্বাৰ্থত কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে দিল্লী সুৰা নীতি গোচৰৰ অন্যতম অভিযুক্ত অমিত অৰোৰাই জেৰাৰ সময়ত কে কবিতাৰ নাম উল্লেখ কৰিছিল। একেটা গোচৰতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈও একাধিক চমন জাৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে।

কিন্তু কেজৰিৱালে তেওঁৰ বিৰুদ্ধে জাৰি কৰা প্ৰতিবাৰৰ চমন অগ্ৰাহ্য কৰি আহিছে। কেজৰিৱালৰ দলীয় সতীৰ্থ তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া বিগত এবছৰতকৈ অধিক সময় ধৰি এই গোচৰত কাৰাৰুদ্ধ হৈ আছে।

 

Recent News

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd