• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱালে ‘কা’ৰ সন্দৰ্ভত অসমৰ জনতাৰ কণ্ঠ বন্ধ কৰিব বিচাৰিছে: আম আদমি পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 7:13 pm
CAA Sarbananda Sonowal Aam Aadmi Party
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কালি নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আম আদমি পাৰ্টীয়ে।

আজি আয়োজিত এক সংবাদমেলত আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতা হেমন্ত ফুকনে সোণোৱালক ওভতি ধৰি প্ৰশ্ন কৰে যে বিজেপিয়ে বিৰোধীৰ ওপৰত অভিযোগ অনাৰ সময়ত তেওঁলোকে পাহৰি গৈছে যে নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইয়াক বলবৎ কৰিলে।

Apply Now

উল্লেখ্য যে সোণোৱালে মন্তব্য কৰিছিল যে ‘কা’ এতিয়া সমগ্ৰ দেশতে বলবৎ হোৱা এখন আইন। এই আইনক যদি কোনোবাই বিৰোধিতা কৰিছে তেন্তে উচ্চতম ন্যায়ালয়লৈ যাওক, মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব।

সংবাদ মেলত আপ নেতাগৰাকীয়ে কয়, “আম আদমি পাৰ্টীয়ে প্ৰথমৰে পৰা কৈ আহিছে যে ‘কা’ই অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰি অসমীয়া জাতিটোকে মৃত্যুৰ মুখলৈ লৈ যাব। ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যতে অসমত অসমীয়াভাষীৰ সংখ্যা আৰু বাঙালীভাষীৰ সংখ্যাৰ উদ্বেগজনক তাৰতম্য দেখা পোৱা গৈছে।”

১৯৯১ৰ লোকপিয়লত অসমত অসমীয়াভাষীৰ হাৰ আছিল ৫৭.৮১ শতাংশ। ২০১১ চনত ই কমি গৈ অসমত অসমীয়াভাষীৰ হাৰ হয়গৈ ৪৮.৩৮ শতাংশ। ইয়াৰ বিপৰীতে ১৯৯১ৰ লোকপিয়ল মতে অসমত বাঙালীভাষীৰ হাৰ ২১.৬৭ শতাংশ আৰু ২০০১ৰ লোকপিয়লত এই হাৰ বৃদ্ধি হৈ ২৭.৫৪ শতাংশ হয়ছেগৈ।

গতিকে ‘কা’ৰ জৰিয়তে বাংলাদেশৰ পৰা অধিক বিদেশী অসমত সংস্থাপিত কৰিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিব আৰু অসমীয়া জাতি বুলি কোনো এটা জাতি নাথাকিবগৈ। সেয়ে আপে এই আইনৰ তীব্ৰ বিৰোধিতা কৰে।

আম আদমি পাৰ্টীয়ে অভিযোগ কৰে যে অসমত যুগ যুগ ধৰি বাস কৰি থকা ভাষিক সংখ্যালঘুসকলৰ লগতো বিজেপিয়ে প্ৰতাৰণাৰ জাল তৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এজন লোকে নাগৰিকত্ব পাবলৈ প্ৰথমে তেওঁ প্ৰথমে নিজকে শৰণাৰ্থী বুলি আদালতত শপতনামা দিব লাগিব। অৰ্থাৎ তেওঁলোকক বিজেপিয়ে ৰাষ্ট্ৰহীন কৰি এক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে।

“অসম তথা ভাৰতত কোটি কোটি নিবনুৱা আছে। অসমৰ ডেকা ল’ৰাই কাম বিচাৰি বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে। অসমৰ লাখ লাখ পৰিয়ালে এতিয়াও থাকিববলৈ মাটি এডোখৰ পোৱা নাই। ইয়াৰ পাছতো বিজেপিয়ে বিদেশৰ পৰা মানুহ আনি ইয়াত সংস্থাপন দিব বিচৰাটো ভাৰতীয় নাগৰিকৰ প্ৰতি চৰম অন্যায়। এই অন্যায়ৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে মাত মাতি যাব।”- তেওঁ লগতে কয়।

নাগৰিকত্ব সংশোধনী আইনে অসমীয়াক সুৰক্ষিত কৰিব বুলি বিজেপিয়ে কৰা মন্তব্যক আম আদমি পাৰ্টীয়ে বিজেপিৰ অপপ্ৰচাৰ বুলি অভিহিত কৰে। এই আইনে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নকৰে বাবেই অসমৰ ষষ্ঠ অনুসূচিৰ বি টি আৰ, কাৰ্বি আংলং বা ডিমা হাচাওত এই আইন বিজেপিক বলবৎ কৰিবলৈ দিয়া নহ’ল বুলি আঙুলিয়াই দিয়ে আপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd