• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোকসভাত একেদিনাই গৃহীত কৰিলে ৪৫ খন বিধেয়ক : কিমান দিন উপস্থিত কোন দলৰ সাংসদ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 29, 2024 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তদশ লোকসভাত মুঠ ২২২খন বিধেয়ক গৃহীত হয়। ইয়াৰে ৪৫খন বিধেয়ক লোকসভাত উত্থাপন হোৱাৰ দিনাই গৃহীত হয়। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ) শেহতীয়াকৈ এক সমীক্ষা প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ২৬ মাৰ্চত এডিআৰ আৰু নেশ্যনেল ইলেকচন ৱাচে (এনইডব্লিউ) প্ৰকাশ কৰিছিল এই প্ৰতিবেদন। এই প্ৰতিবেদনত সোতৰতম লোকসভাৰ বিভিন্ন সদস্যৰ লগতে সংসদৰ কাম-কাজ সম্পৰ্কে বিভিন্ন তথ্য সন্নিবিষ্ট কৰা হৈছে।

এডিআৰৰ তথ্য অনুসৰি এই বিধেয়কসমূহৰ ভিতৰত আছে দ্য ইলেকচন ল (এমেণ্ডমেণ্ট) বিল, ২০২১, দ্য জম্মু-কাশ্মীৰ এপ্ৰ’প্ৰিয়েচন (নং ২) বিল, দ্য চেণ্ট্ৰেল গুডছ এণ্ড চাৰ্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল, ২০২৩ ইত্যাদি।

Apply Now

এডিআৰৰ তথ্য অনুসৰি সপ্তদশ লোকসভাত মুঠ ২৪০খন বিধেয়ক উত্থাপন কৰা হৈছিল যাৰ ভিতৰত ২২২খন বিধেয়ক গৃহীত হৈছিল। তথ্য অনুসৰি ইয়াৰে ৪৫খন বিধেয়ক উত্থাপন হোৱাৰ দিনাই গৃহীত হৈছিল।

এডিআৰৰ সমীক্ষাত সাংসদসকলৰ বিষয়েও বিতং তথ্য পোৱা গৈছে। তথ্য অনুসৰি সপ্তদশ লোকসভাত সাংসদসকলে গড়ে ১৬৫টা প্ৰশ্ন কৰিছিল আৰু ২৭৩ দিনৰ অধিৱেশনৰ ভিতৰত ১৮৯ দিন উপস্থিত আছিল। লক্ষণীয়ভাৱে গড়ে ১৯১ দিন সংসদত উপস্থিত আছিল শাসকীয় বিজেপিৰ সাংসদ৷ সংসদত তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ উপস্থিতি গড়ে ১৩৮ দিন আছিল।

সাংসদৰ উপস্থিতিৰ ক্ষেত্ৰত চত্তীশগড়ৰ সাংসদসকলৰ উপস্থিতি সৰ্বাধিক। ২৭৩ দিনীয়া সংসদৰ অধিৱেশনত ৰাজ্যৰ ১১ জন সাংসদ গড়ে ২১৬ দিন উপস্থিত থাকে।

অৰুণাচল প্ৰদেশৰ দুগৰাকী সাংসদৰ উপস্থিতি সৰ্বনিম্ন। যিসকল মাত্ৰ ১২৭ দিন সংসদত উপস্থিত আছিল।

সপ্তদশ লোকসভাত পশ্চিম বংগৰ সাংসদসকল গড়ে ১৬২ দিন সংসদত উপস্থিত আছিল। এই ৰাজ্যৰ সাংসদসকলে গড়ে ১১৪টা প্ৰশ্ন কৰিছিল।

সংসদত সৰ্বাধিক মহাৰাষ্ট্ৰৰ সাংসদ আছিল। ৰাজ্যখনৰ ৪৯ গৰাকী সাংসদে গড়ে ৩১৫টা প্ৰশ্ন কৰে। আনহাতে মণিপুৰৰ সাংসদসকলে গড়ে মাত্ৰ ২৫টা প্ৰশ্নহে সুধিছিল।

এটা গোট হিচাপে এন চি পিৰ পাঁচজন সাংসদে গড়ে ৪১০টা প্ৰশ্ন কৰিছিল। আনহাতে আপনা দল (সোনেলাল)ৰ দুজন সাংসদে মাত্ৰ ৫টাকৈ প্ৰশ্ন কৰে।

সংসদত সৰ্বাধিক উপস্থিতি আছিল তেলেগু দেশামৰ সাংসদ। যিসকল ২৭৩ দিনৰ ভিতৰত ২২৯ দিন সংসদত উপস্থিত আছিল। আনহাতে আম আদমি পাৰ্টিৰ সাংসদ গড়ে ৫৭ দিন উপস্থিত আছিল।

সপ্তদশ লোকসভাত প্ৰশ্নকাৰক তালিকাৰ শীৰ্ষত বিজেপি সাংসদ সুকান্ত মজুমদাৰ। তেওঁ মুঠ ৫৯৬টা প্ৰশ্ন কৰে।

সপ্তদশ লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ওপৰত ৬৬০২টা প্ৰশ্ন উত্থাপন হৈছিল। কৃষি আৰু কৃষকৰ কল্যাণৰ ওপৰত ৪,৬৪২ টা প্ৰশ্ন, ৰেলৱেৰ ওপৰত ৪,৩১৭ টা প্ৰশ্ন, বিত্তৰ ওপৰত ৪,১২২ টা প্ৰশ্ন, শিক্ষাৰ ওপৰত ৩,৩৫৯ টা প্ৰশ্ন, পৰিৱেশৰ ওপৰত ৩,২৬৩ টা প্ৰশ্ন, পথ পৰিবহণ, পানীৰ ওপৰত ২,৮১৩ টা প্ৰশ্ন আছিল শক্তি সম্পৰ্কীয় প্ৰশ্ন ২,৮০৮, মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় ২,৭২৭ টা প্ৰশ্ন প্ৰশ্ন, ২,৬২৪ টা গৃহ মন্ত্ৰালয় সম্পৰ্কীয় প্ৰশ্ন, ২,৫১৮ টা শ্ৰম আৰু নিয়োগ সম্পৰ্কীয় প্ৰশ্ন, আৰু ২,৩৬৮ টা গ্ৰাম্য উন্নয়ন সম্পৰ্কীয় প্ৰশ্ন।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd