• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভয় আৰু গণতন্ত্ৰ : পৰেশ মালাকাৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 4, 2024 11:34 am
ভয় আৰু গণতন্ত্ৰ : পৰেশ মালাকাৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ মাৰ্চৰ ‘The Indian Express’ত আশুতোষ ৱাৰ্ষ্ণেইৰ ‘Fear and democracy’ নামেৰে এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আশুতোষ ৱাৰ্ষ্ণেই আমেৰিকাৰ ‘Brown University’ৰ সমাজ বিজ্ঞানৰ অধ্যাপক।’Democracy, Development and the Countryside: Urban-Rural Struggles in India (1995)’, ‘India in the Era of Economic Reforms (1999)’, ‘Ethnic Conflict and Civic Life: Hindus and Muslims in India (2002)’, ‘Collective Violence in Indonesia (2009)’ আৰু ‘Battles Half Won: India’s Improbable Democracy (2013)’ তেখেতৰ কেইখনমান বিখ্যাত কিতাপ। তেখেতৰ ‘The Indian Express’ ৰ এই প্ৰবন্ধটোক কেন্দ্ৰ কৰি কৰণ থাপাৰে তেখেতৰ সৈতে ৩১ মাৰ্চৰ দিনা এটা সাক্ষাৎকাৰো লৈছিল।

আলোচ্য প্ৰৱন্ধটোত তেখেতে দুটা কথা, মানে দুটা ধাৰণাৰ  বিষয়ে আলোচনা কৰিছে। সেই ধাৰণা দুটা হৈছে- ‘Electoral Democracy’ আৰু ‘Liberal Democracy’, অসমীয়াত ইয়াক আমি ‘নিৰ্বাচনী গণতন্ত্ৰ’ আৰু ‘উদাৰ গণতন্ত্ৰ’ বুলি ক’ব পাৰোঁ।’নিৰ্বাচনী গণতন্ত্ৰ’ মানে য’ত এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ দ্বাৰা চৰকাৰ গঠন কৰা হয়। আনহাতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হ’লেই নহ’ব, এটা নিৰ্বাচনৰ পৰা আনটো নিৰ্বাচনৰ সময়খিনিত, সি চাৰি বছৰেই হওক বা পাঁচ বছৰেই হওক, দেশখন কেনেকৈ চলে তাৰ ওপৰতহে দেশখন ‘উদাৰ গণতন্ত্ৰ’ হয়নে নহয় সেইটো নিৰ্ভৰ কৰিব।’নিৰ্বাচনী গণতন্ত্ৰ’ৰ কাৰণে গুৰত্বপূৰ্ণ প্ৰশ্ন হ’ল নিৰ্বাচন স্বচ্চ, নিকা আৰু নিৰপেক্ষ হৈছে নে নাই? ‘উদাৰ গণতন্ত্ৰ’ৰ পৰিসৰটো  তাতকৈ প্ৰসাৰিত। ’উদাৰ গণতন্ত্ৰ’ৰ প্ৰশ্ন হ’ল দেশৰ জনসাধাৰণৰ বাক-স্বাধীনতা আছে নে নাই? নাগৰিক সমাজ আৰু প্ৰচাৰ মাধ্যম মুক্তনে? জনসাধাৰণৰ সকলো অংশৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা আছেনে? এই কথাটো গুৰুত্বপূৰ্ণ, কিয়নো সংখ্যাগুৰুৱে তেওঁলোকৰ সংখ্যাধিক্যৰ বলতে নিজৰ অধিকাৰ সুৰক্ষিত কৰিব, কিন্তু সংখ্যালঘু সকলৰ কি হ’ব? দেশৰ সংবিধানে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিব লাগিব।এই মাপকাঠি ব্যৱহাৰ কৰিয়ে গণতন্ত্ৰৰ মান নিৰ্ণায়ক সংস্থা সমূহে  ‘উদাৰ গণতন্ত্ৰ’ৰ অৱক্ষয় হৈ ভাৰত এতিয়া কেৱল ‘নিৰ্বাচনী গণতন্ত্ৰ’ হিচাপে বাচি আছে বুলি মন্তব্য কৰিছে। এই কথাটো বিভিন্নজনে বিভিন্ন ধৰণে কয়।কোনোৱে কয়, ভাৰত এক ‘ঘূণীয়া গণতন্ত্ৰ’(Flawed  Democracy)। আনে কিছুমানে  কয় যে ৰাজনৈতিক অধিকাৰ থাকিলেও এতিয়া ভাৰতত জনসাধাৰণৰ নাগৰিক অধিকাৰ বিপৰ্যস্ত। চুইডেনৰ ‘Varieties of Democracy (V-Dem)’ সংস্থাই বিভিন্ন দেশৰ গণতন্ত্ৰৰ মান সম্পৰ্কে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত, এখোপ আগলৈ গৈ ভাৰতক ‘নিৰ্বাচনী স্বৈৰতন্ত্ৰ’  (Electoral Autocracy) আখ্যা দিছে। তাৰ মানে ভাৰতত অনুষ্ঠিত নিৰ্বাচন ভুৱা।ৱাৰ্ষ্ণেই নিজে সৌ সিদিনালৈকে ভাবিছিল যে ভাৰত এখন ‘নিৰ্বাচনী গণতন্ত্ৰ’ কিয়নো ইয়াত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোও যথেষ্ঠ সক্ৰিয়। আৰু এতিয়াও ভাৰতৰ আধাতকৈ বেছি ৰাজ্যত অবিজেপি চৰকাৰ। অৱশ্যে, গণতন্ত্ৰৰ লগত জড়িত থাকিব লগা উদাৰ চৰিত্ৰবোৰ কিন্তু ভাৰতত ক্ৰমে ম্লান হৈ আহিছে।ভাৰতৰ শেহতীয়া ঘটনাবোৰৰ কাৰণে, বিশেষকৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰত এখন ‘নিৰ্বাচনী গণতন্ত্ৰ’ হৈ আছে বুলি ক’বলৈও টান হৈছে।

নিৰ্বাচনী গণতন্ত্ৰৰ দুটা বৈশিষ্ট্যঃ প্ৰতিদ্বন্দ্বিতা আৰু নিৰ্বাচনত অংশগ্ৰহণ।প্ৰথমটো হ’ল নিৰ্বাচনত শাসকীয় দলটোৰ সকলো কাৰ্যকলাপ আমি মুকলিকৈ আলোচনা, সমালোচনা কৰিব পাৰোঁ নে নোৱাৰোঁ? দ্বিতীয়টো হ’ল, নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণ কেনে। নিৰ্বাচনত অংশগ্ৰহণ ভাৰতৰ কাৰণে সমস্যা নহয়। ভাৰতত প্ৰায়ে ৬৫% বা তাতোকৈ বেছি লোকে ভোটদান কৰে। চৰকাৰক সমালোচনা কৰাটোহে  এতিয়া ডাঙৰ সমস্যা।বেচৰকাৰী সংস্থা, বিশ্ববিদ্যালয়, নিৰ্ভীক লেখক-বুদ্ধিজীৱী, শিল্পী, সংবাদ মাধ্যম সকলো এতিয়া  চৰকাৰী আক্ৰমণৰ বলী। ই ভাৰতৰ উদাৰ গণতন্ত্ৰৰ মান অতি নিম্নগামী কৰিছে। ভয় আৰু ভীতি প্ৰদৰ্শনে নিৰ্বাচনী গণতন্ত্ৰ গ্ৰাস কৰিছে। বিৰোধী নেতাক জেলত ভৰাই, বেংক একাউন্ট জব্দ কৰি মূল বিৰোধী দলবোৰৰ হাত ভৰি বান্ধি পেলোৱা হৈছে।গতিকে শাসকীয় দলটোক প্ৰত্যাহ্বান জনোৱা শক্তিটো এতিয়া দুৰ্বল হৈ পৰিছে।কোন কেতিয়া চৰকাৰী আক্ৰমণৰ লক্ষ্য হৈ পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। কোনো সাংবিধানিক অনুষ্ঠানে বাধা নিদিলে ভাৰতীয় গণতন্ত্ৰ এক ত্ৰাসতন্ত্ৰলৈ পৰ্যৱসিত হোৱাৰ উপক্ৰম হৈছে।কিয় এনে হৈছে? তাক খাটাংকৈ কোৱা টান।কিন্তু, বৰ্তমানৰ শাসকীয় দলটোৱে বোধহয় ভাৰতৰ সংবিধানখন সলাই ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰে যিটো কৰিবলৈ তেওঁলোকক দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাগে। সেইকাৰণেই বিজেপিয়ে ৩৭০খন আসনৰ শ্লোগান দি আছে। তাৰবাবে বিৰোধীৰ কন্ঠৰোধ কৰি নিৰ্বাচনী ফলাফলৰ অনিশ্চয়তা যিমান পাৰি সিমান কম কৰিব বিচাৰিছে।আনকি তেওঁলোকে  যে জনসাধাৰণৰ অধিকাৰত হস্তক্ষেপ কৰে তাৰ পক্ষেও জন সমৰ্থন আদায় কৰি লৈছে।বহুতেই প্ৰশ্ন কৰিছিল নিৰ্বাচনী গণতন্ত্ৰ বিপদাপন্ন হোৱাৰ আগতে কিমানদিনলৈ উদাৰ গণতন্ত্ৰৰ কন্ঠৰোধ কৰি ৰাখিব পৰা হ’ব? আচৰিত ধৰণৰ কিবা এটা পৰিবৰ্তন নঘটিলে ভাৰত সেইফালেই গতি কৰি আছে যেন লাগে। অৱশ্যে নাটকীয় পৰিবৰ্তনৰ প্ৰশ্নটোও সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰি।

 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd