• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী প্ৰাক্তন অধ্যাপিকা সোমা সেনৰ জামিন মঞ্জুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 6:01 pm
Elgar Parishad case Shoma Sen
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী হৈ থকা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা নাগপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা সোমা সেনৰ।

আজি উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ জামিন মঞ্জুৰ কৰে। ২০১৮ চনত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, NIAই গ্ৰেপ্তাৰ কৰাৰ পিছত সেনক পাঁচ বছৰ ছয় মাহৰ কাৰাদণ্ড বিহা হৈছিল।

Apply Now

ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী) সংগঠনৰ সৈতে সেনৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰিছিল নিয়াই।

শীৰ্ষ আদালতৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু জৰ্জ অগাস্টিন মাছিৰ বিচাৰপীঠে আজি চৰ্তসাপেক্ষে সেনক জামিনত মুক্তিৰ নিৰ্দেশ দিয়ে। অৱশ্যে জামিন লাভ কৰিলেও সেনে আদালতৰ অনুমতি অবিহনে মহাৰাষ্ট্ৰ এৰিব নোৱাৰইব।

তদুপৰি বিচাৰপীঠে সোমা সেনক আদালতত নিজৰ পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়ে। সমান্তৰালভাৱে সেনৰ সৈতে যোগাযোগ কৰিবলৈ মাত্ৰ এটা সক্ৰিয় ফোন নম্বৰ ব্যৱহাৰ কৰা হ’ব আৰু সেই নম্বৰটো তদন্তকাৰী বিষয়াৰ নম্বৰৰ সৈতে সংযোগ কৰা হ’ব বুলি ৰায়ত উল্লেখ কৰে আদালতে।

আদালতৰ ৰায় অনুসৰি, তদন্তকাৰী বিষয়াই যাতে সোমা সেনৰ অৱস্থান অনুসৰণ কৰিব পাৰে, তাৰ বাবে ২৪ ঘণ্টা ধৰি জিপিএছ সক্ৰিয় কৰি ৰাখিব লাগিব বুলিও উল্লেখ কৰে। এই চৰ্ত উলংঘা হ’লে বিচাৰ বিভাগে জামিন বাতিলৰ দাবী কৰিব পাৰে বুলি বিচাৰপীঠে লগতে কয়।

উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত আয়োজিত এক অনুষ্ঠানৰ পিছদিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সেন কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যুবৰণ কৰিছে মানৱ অধিকাৰ কৰ্মী ফাডাৰ ষ্টেন স্বামীয়ে। অৱশ্যে অধিবক্তা সুধা ভৰদ্বাজ, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰা, আনন্দ টেলটুম্বডেই ইতিমধ্যে জামিন লাভ কৰিছে।

গোচৰৰ আন এগৰাকী অভিযুক্ত মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাওক স্বাস্থ্যজনিত কাৰণত জামিন দিছিল উচ্চতম ন্যায়ালয়ে। আনহাতে আন এজন অভিযুক্ত গৌতম লৱলাখা আছে গৃ্হবন্দী হৈ।

এই গোচৰৰ আন কেইবাগৰাকীও অভিযুক্ত ব্যক্তি এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে। তেওঁলোকৰ ওপৰত কাৰাগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নূন্যতম স্বতন্ত্ৰতাতো বাধা দিয়া হৈছে বুলি অভিযোগ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd